NORTHEAST NOW (Assamese)

পেটৰ দায়ত ইটাভাটাত মজুৰি কৰিছে আন্তৰ্জাতিক ফুটবলাৰে; খৱৰ পাই সাহায্য ঘোষণা মন্ত্ৰী ৰিজিজুৰ

May 24, 2021 9:02 am · এন ই নাও নিউজ

অভাৱত পৰি ইটাভাটাত মজুৰি কৰিছে আন্তৰ্জাতিক ফুটবলাৰে। দেশৰ সংবাদ মাধ্যমত শিৰোণাম হৈ পৰিল সংগীতা ছোৰেনৰ এই খৱৰ।

দেশৰ জাৰ্ছি পিন্ধি আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিনিধিত্ব কৰা ঝাৰখণ্ডৰ মহিলা ফুটবলাৰৰ এই খৱৰে দেশৰ ক্ৰীড়া অনুৰাগীৰ অন্তৰ বিন্ধি গৈছিল। অৱশ্যে, সংগীতাৰ সাহায্যৰ আহ্বান দীঘলীয়া হবলগীয়া নহ’ল।

সংগীতাৰ খৱৰ লাভ কৰাৰ পাছতেই ৰাষ্ট্ৰীয় মহিলা দলৰ ফুটবলাৰগৰাকীলৈ সাহায্যৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজুৱে।

দেওবাৰে বিয়লি টুইট কৰি ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে জনালে দেশৰ এথলিটসকলৰ মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰা কথা।

সংগীতাই জাতীয় দলৰ হৈ ১৮ অনুৰ্ধ, ১৯ অনুৰ্ধৰ বিভিন্ন টুৰ্ণামেন্টত দক্ষতাৰ পৰিচয় দাঙি ধৰিছে। যোৱা বছৰ ছিনিয়ৰ দলত সুযোগ পোৱাৰ পূৰ্বে ভূটান আৰু থাইলেণ্ডত নিজৰ প্ৰতিভাৰ প্ৰমান দাঙি ধৰিছিল ঝাৰখণ্ডৰ মহিলা ফুটবলাৰগৰাকীয়ে।

সম্ভাৱনাপূৰ্ণ খেলুৱৈগৰাকীৰ স্বপ্ন পূৰণ হোৱাৰ পূৰ্বে দেশত কোভিডৰ সংকট আৰম্ভ হোৱাত সংগীতাৰ জীৱনলৈও অমানিশা নামি আহে। ছিনিয়ৰ দলৰ হৈ বিদেশৰ টুৰ্ণামেন্টত অংশ ল’বলৈ সাজু হোৱাৰ সময়তে দেশত লকডাউন ঘোষণা হয়।

সংগীতাৰ পিতৃ আংশিকভাৱে দৃষ্টিহীন আৰু ককায়েকেও লকডাউনত কাম হেৰুৱাই সম্বলহীন হৈ পৰিছে। এনে অৱস্থাত ঘৰখন চলাবলৈ সংগীতাই মাকৰ সৈতে ধানবাদৰ বাশমুৰি গাঁওৰ ইটাভাটাত মজুৰি কৰিবলৈ লয়।

কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ৰিজিজুৱে টুইটত লিখিছে, ‘’ফুটবলাৰ সংগীতা ছোৰেনৰ কথা মই শুনিছো। আন্তৰ্জাতিক পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰা ফুটবলাৰগৰাকী অতিমাৰীৰ সময়ত আৰ্থিক অনাটনত ভূগিছে বুলি জানিব পাৰিছো। মোৰ কাৰ্যালয়ৰ পৰা তেওঁৰ সৈতে যোগাযোগ কৰা হৈছে আৰু শীঘ্ৰেই তেওঁৰ কাষলৈ আৰ্থিক সাহায্য গৈ পাব। এজন এথলিটৰ মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰাটোৱেই আমাৰ প্ৰাথমিকতা।‘’

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই সংগীতাৰ দুৰাৱস্থাৰ কথা জনাই আৰ্থিক সাহায্যৰ বাবে ঝাড়খণ্ড চৰকাৰক পত্ৰযোগে জনাইছিল। সেই পত্ৰ ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সভাপতি প্ৰফুল পেটেলৰ তালৈকো পঠিওৱা হৈছিল। কিন্তু কোনো সঁহাৰি পোৱা নগ’ল।

সংগীতাই অভাৱ-অনাটনৰ মাজতো নিয়মিত অনুশীলন অব্যাহত ৰাখিছে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ৰিজিজুৰ সাহায্যত সংগীতা আৰু তেওঁৰ পৰিয়ালে এক নতুন জীৱনৰ বাবে অপেক্ষা কৰিছে।

Related News