বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ কীৰ্তন মহোৎসৱ পালন

Barpeta Madhabdev

মাধৱদেৱৰ তিথি উপলক্ষে বৰপেটা সত্ৰত কীৰ্তন। ফটো: নৰ্থইষ্ট নাও

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ  কীৰ্তন মহোৎসৱ আজি বৰেপটাত অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷

১৫০৫ শকত মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত মাধৱদেৱৰ কীৰ্তন মহোৎসৱ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷

সত্ৰৰ নিত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগ সমূহ বংশৰাসকলৰ সীমিত সংখ্যক ভকতৰ দ্বাৰাহে সমাপন কৰা হৈছে ৷

মাধৱদেৱৰ কীৰ্তন মহোৎসৱ বৰপেটা সত্ৰত ১০ দিনীয়াকৈ পালন কৰা হয় ৷

দহদিন পূৰ্বে শুক্ল পক্ষৰ একাদশী তিথিত কীৰ্তন থাপনা কৰাৰ পাছত আজি কৃষ্ণ পক্ষৰ পঞ্চমী তিথিত কীৰ্তনৰ মূল সবাহ অনুষ্ঠিত হয় ৷

কীৰ্তন থাপনা কৰাৰ দিনাৰ পৰাই বৰপেটা সত্ৰৰ কীৰ্তন ঘৰত প্ৰতিদিনে তাল ভংগ নোহোৱাকৈ ৰখা হয় বাবে তিথি মহোৎসৱক কীৰ্তন বোলা হয় ৷

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ৭ দিনীয়াকৈ, শ্ৰীশ্ৰী মাধৱদেৱৰ কীৰ্তন ১০ দিনীয়াকৈ আৰু বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাৰ কীৰ্তন ৫ দিনীয়াকৈ পালন কৰা হয় ৷

পূৰ্বৰ সহস্ৰাধিক ভকতৰ তুলনাত এইবাৰ সীমিত সংখ্যক ভকতৰ উপস্থিতিৰে অনুষ্ঠিত হোৱা নিত্য প্ৰসংগৰ হৰি নাম ধ্বনিয়ে বৰপেটা সত্ৰ মুখৰিত কৰি তোলে ৷