• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইংলেণ্ডত গৈয়ে সেউজ পিটচত কে এল ৰাহুলৰ দুৰ্দান্ত শতক; একেৰাহে ৩টা অৰ্ধশতক জুৰেলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2025 9:22 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংলেণ্ডত উপস্থিত হৈয়েই শতক অৰ্জন কৰিছে কে এল ৰাহুলে। শুকুৰবাৰে ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে দ্বিতীয়খন বেচৰকাৰী টেষ্টত অপেনিঙত নামি খেলা ইনিংছটোৱে শুভমন গিল আৰু গৌতম গম্ভীৰকে ধৰি সমগ্ৰ ভাৰতীয় থিংক টেংকক আশ্বস্ত কৰিব।

ভাৰতীয় ‘এ’ দলটোৱে নৰ্থাম্পটনত যিখন খেলপথাৰত সেই বেচৰকাৰী টেষ্ট খেলি আছে, সেইখন খেলপথাৰ সম্পূৰ্ণ সেউজ পিটচ। ইংলেণ্ডত ৰেডবল ক্ৰিকেটলৈ ঘূৰি আহি ৰাহুলে যিদৰে শতক অৰ্জন কৰিলে, সেই শতকটোৱে সমগ্ৰ ভাৰতীয় দল আৰু অনুৰাগীক আত্মবিশ্বাস প্ৰদান কৰিব।

বিশেষকৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্টৰ শৃংখলাত ভাৰতে ভাল প্ৰদৰ্শন কৰিব লাগিলে নিশ্চিতভাৱে বেটিঙৰ ক্ষেত্ৰত ৰাহুলৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব লাগিব। ইংলেণ্ডৰ কঠিন পৰিস্থিতিত খেলাৰ অভিজ্ঞতা তেওঁৰ আছে। তেওঁৰ হাতত টেকনিকো আছে।

শেষবাৰৰ বাবে ভাৰত যেতিয়া ইংলেণ্ডলৈ টেষ্ট শৃংখলা খেলিবলৈ আহিছিল সেইবাৰ ৰাহুলে অ’পেন কৰি চাৰিখন মেচত ৩১৫ ৰান সংগ্ৰহ কৰিছিল। লগতে এটা শতক অৰ্জন কৰিছিল। আৰু শুকুৰবাৰৰ ইনিংছটোৰ পিছত ৩০ জুনত প্ৰথমখন টেষ্টত  সম্ভৱতঃ তেওঁকেই অপেনিঙত নমোৱা হ’ব।

যদি ৰাহুলক অ’পেন কৰিবলৈ অনা হয় আৰু যদি ভাৰতে এক্সট্ৰা বেটছমেন খেলাৰ পথত আগবাঢ়ে, তেন্তে ধ্ৰুৱ জুৰেলে প্ৰথম একাদশত স্থান লাভ কৰাৰ দৃঢ় দাবীদাৰ হৈ পৰিছে। প্ৰথমখন বেচৰকাৰী টেষ্টৰ দুয়োটা ইনিংছতে অৰ্ধশতক অৰ্জন কৰাৰ পিছত শুকুৰবাৰেও ৫২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। যদিও তেওঁ নিজৰ অৰ্ধশতকক ৰাহুলৰ দৰে শতকলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে, তথাপিও ইংলেণ্ডত খেলিবৰ বাবে তেওঁ যথেষ্ট আশাব্যঞ্জক বেটিং কৰিছে।

একেদৰেই গম্ভীৰক আশ্বাস দিছে কৰুণ নায়াৰে। প্ৰথমখন বেচৰকাৰী টেষ্টত তেওঁ দ্বিশতক অৰ্জন কৰিছিল। আৰু নৰ্থাম্পটনে এইবাৰ ৭১টা বলত ৪০ ৰান সংগ্ৰহ কৰি ভাৰতীয় মেনেজমেন্টক আৰু অধিক সকাহ দিছে। দৰাচলতে বৃহস্পতিবাৰে ইংলেণ্ডলৈ যোৱাৰ পূৰ্বে ভাৰতৰ মুখ্য প্ৰশিক্ষক গম্ভীৰে স্পষ্টকৈ উল্লেখ কৰিছিল যে কৰুণক নিজকে প্ৰমাণ কৰিবলৈ যথেষ্ট সময় দিয়া হ’ব। এখন বা দুখন টেষ্ট চাই তেওঁৰ ভৱিষ্যত নিৰ্ণয় কৰা নহ’ব।

গম্ভীৰৰ বাৰ্তাৰ পৰা স্পষ্ট হৈ পৰিছে যে কৰুণে তেওঁৰ আস্থা অৰ্জন কৰিছে। কিন্তু ইংলেণ্ডত ভালকৈ অ’পেন কৰিবলৈ যশস্বী জয়ছৱালৰ ওপৰত তেওঁৰ কিমান আস্থা আছে সেয়া সময়ে ক’ব। শুকুৰবাৰে যশস্বীয়ে ২৬টা বলত ১৭ ৰান সংগ্ৰহ কৰি আউট হয়। যদিও তেওঁক lbw দিয়াৰ সিদ্ধান্তক লৈ বিতৰ্কৰ বহু থল আছে। তথাপিও গম্ভীৰক আশ্বস্ত কৰিবলৈ আৰু নিজৰ ওপৰত নিজৰ আস্থা বজাই ৰাখিবলৈ নৰ্থাম্পটনত প্ৰথমখন বেচৰকাৰী টেষ্টত অৰ্ধশতক অৰ্জন কৰাৰ পিছতো দ্বিতীয় ইনিংছত তেওঁক এটা ডাঙৰ ইনিংছৰ প্ৰয়োজন।

ইপিনে খেলখনত ভাৰত ‘এ’ দলৰ স্ক’ৰ ৬৭ অভাৰত ৫ উইকেটৰ বিনিময়ত ২৬৭ ৰান। ক্ৰীজত আছে নীতিশকুমাৰ ৰেড্ডী (২০ বলত ২ ৰান) আৰু শাৰদুল ঠাকুৰ (১৯ বলত ১২ ৰান)। ইংলেণ্ড লায়ন্সৰ হৈ ক্ৰীছ ৱ’কেছে তিনিটা উইকেট দখল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd