• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

‘দ্য চেভিয়াৰ’ কোহলী, ‘ক্লাছিক’ কে এল শ্ব’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2023 10:47 pm
India vs Australia World Cup 2023
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষ্য সহজ, ৩০০ বলত প্ৰয়োজন মাত্ৰ ২০০ ৰাণ। পিছে এই সহজ লক্ষ্য অনুসৰণৰ পথ নাছিল সহজ। সমুখত অষ্ট্ৰেলিয়ান বিধ্বংসী পেচ শক্তি। এই শক্তিৰে আক্ৰমণত থৰক বৰক হৈ পৰিছিল ভাৰতৰ বেটিং লাইন আপ। মাত্ৰ দুই অভাৰত দুই ৰাণত পেভিলিয়নমুখী তিনি ভাৰতীয় টপ অৰ্ডাৰ বেটাৰ।

চৰম ব্যৰ্থ হৈ পেভিলিয়নলৈ উভতিছে দুই অপেনাৰ ক্ৰমে অধিনায়ক ৰোহিত আৰু কিষাণ, লগতে আয়াৰ। তথাপি ভাৰতীয় ক্ৰিকেট অনুৰাগী নিৰ্ভীক, হোৱা নাই আশাহত; কিয়নো ক্ৰীজত তেতিয়াও থিয় হৈ আছে চেজ মাষ্টাৰ ‘দ্য আনষ্টপেবল ৰাণ মেন’ বিৰাট ‘দ্য চেভিয়াৰ’ কোহলী আৰু ক্লাছিক ৰাহুল।

এই দুই তাৰকায়ো অৱশ্যে নিৰাশ নকৰিলে অনুৰাগীক। অষ্ট্ৰেলিয়ান আক্ৰমণ দৃঢ়তাৰে প্ৰতিহত কৰি, ধীৰ-স্থিৰ বেটিঙেৰে ইপ্সিত লক্ষ্যৰ দিশত আগবঢ়াই লৈ গ’ল ভাৰতীয় ইনিংছ। চেন্নাইত পুনৰ এবাৰ প্ৰমাণ কৰি দিলে কিয় কোহলীক কোৱা চেজ মাষ্টাৰ, ৰাহুলক কিয় দিয়া হয় ক্লাছিক অভিধা!

চিদাম্বৰম ষ্টেডিয়ামত আজি বিশ্বকাপৰ পঞ্চমখন মেচত টছত জয়ী হৈ অষ্ট্ৰেলিয়াই সিদ্ধান্ত লৈছিল প্ৰথমে বেটিং কৰাৰ। পিছে ভাৰতীয় বলিং শক্তিৰ সন্মিলিত আক্ৰমণত ২০০ ৰাণৰ সীমা স্পৰ্শ নকৰোঁতেই থমকি ৰয় অষ্ট্ৰেলিয়ান ইনিংছ।

ইনিংছত তৃতীয়টো অভাৰত বুমৰাহে দিয়ে অষ্ট্ৰেলিয়াক প্ৰথমটো জোকাৰণি। কোনো ৰাণ সংগ্ৰহ নকৰাকৈয়ে ক্ৰীজ এৰে মিছেল মাৰ্শ্বে। ইয়াৰ পিছত অৱশ্যে ৱাৰ্ণাৰ আৰু স্মিথে আগুৱাই নিয়ে দলক। দুয়ো দ্বিতীয় উইকেটত ৬৯ ৰাণ যোগ দিওঁতেই ৱাৰ্ণাৰ (৪১) কুলদীপৰ চিকাৰ হয়।

ইয়াৰ কিছু সময় পিছতে স্মিথকো বিদায় দিয়ে জাদেজাই। ১১০ ৰাণৰ দলীয় স্ক’ৰত আউট হোৱা স্মিথে দললৈ আগবঢ়ায় সৰ্বাধিক ৪৬ ৰাণ। ১১৯ ৰাণৰ স্ক’ৰত লাবুচেনকো (২৭) পেভিলিয়নৰ পথ দেখুৱায় জাদেজাই।

একেটা অভাৰতে কেৰীকো (০) বিদায় দি জাদেজাই অষ্ট্ৰেলিয়াক শলঠেকত পেলায়। ব্যৰ্থ হয় মেক্সৱেল (১৫), গ্ৰীণ (৮)। অধিনায়ক কামিনচে কৰে ১৫ ৰাণ। শেষলৈ অৱশ্যে ষ্টাৰ্কে কিছু যুঁজ দি ২৮ ৰাণ কৰাৰ সুবাদত দলে ১৯৯ ৰাণ সংগ্ৰহ কৰে।

ভাৰতৰ হৈ জাদেজাই ৩ টা, কুলদীপ-বুমৰাহে ২ টা, চিৰাজ, পাণ্ডিয়া আৰু অশ্বিনে এটাকৈ উইকেট লাভ কৰে। ইফালে এই লক্ষ্য অনুসৰণৰ বাবে ক্ৰীজলৈ অহা অপেনাৰ কিষাণক (০) ষ্টাৰ্কে প্ৰথমটো অভাৰতে আৰু হেজেলউডে ৰোহিত (০), আয়াৰক (০) দ্বিতীয় অভাৰত বিদায় দিয়ে।

পিছে কোহলী আৰু ৰাহুলে চতুৰ্থ উইকেটত ১৬৫ ৰাণৰ এক দৃষ্টিনন্দন তথা উদ্ধাৰকাৰী যুটীৰে ভাৰতক জয়ৰ দুৱাৰমুখলৈ লৈ যায়। কোহলীয়ে ৮৫ ৰাণ কৰি হেজেলউডৰ বলত বিদায় ল’লেও ৯৭ ৰাণত অপৰাজিত থাকে ৰাহুল।

ইনিংছৰ ৪১ তম অভাৰৰ দ্বিতীয়টো বলত কামিনচৰ বল বাউণ্ডেৰীৰ সীমা পাৰ কৰি ৰাহুলে ভাৰতক দিয়ে আকাংক্ষিত বিজয়। এই বিজয়েৰেই বিশ্বকাপ জয়ৰ অভিযানৰ পাতনি মেলিছে ভাৰতে। এই চমকপ্ৰদ ইনিংছটোৰ বাবে ৰাহুল মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm
মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm
মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd