• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৫ লাখ কৃষকক প্ৰৱঞ্চনা কৰি ৰাজ্যত ৰাসায়নিক সাৰৰ বৃহৎ ছিণ্ডিকেট, অভিযোগ কৃষক মুক্তিৰ

ৰৌ-বৰালি এৰি পুঠি-খলিহনা জালত, কেলেংকাৰীৰ তদন্তৰ নামত ভেকোভাওনাৰ অভিযোগ কৃষক মুক্তি সংগ্রাম সমিতিৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
April 8, 2022 7:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পর্যাপ্ত ৰাসায়নিক সাৰৰ যোগান অব্যাহত থকাৰ পিছতো অসমত সাৰৰ কৃত্রিম নাটনিৰ সৃষ্টি কৰি ৰাজ্যখনৰ দৰিদ্ৰ কৃষকসকলৰ মূৰত ৰামটাঙোন শোধাই অধিক দামত কিনিবলৈ বাধ্য কৰাৰ কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আনিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই সম্পৰ্কীয় কেতবোৰ তথ্য দাঙি ধৰে সংগঠনটোৰ সাধাৰণ সম্পাদক বিতু সোণোৱালে।

তেওঁ কয় “কৃষক মুক্তি সংগ্রাম সমিতিৰ নিজাববীয়া অনুসন্ধানত উন্মোচিত হোৱা তথ্য অনুসৰি বিগত ২০১৪-১৫ চনৰ পৰা ২০২১-২২ চনলৈকে অসমত প্রয়োজনীয় চাহিদাৰ বিপৰীতে বজাৰত অধিক ৰাসায়নিক সাৰ উপলব্ধ হোৱাৰ পিছতো কৃত্রিম নাটনিৰ সৃষ্টি কৰি অসাধু ব্যৱসায়ীয়ে কৃষকৰ পৰা অধিক মূল্য আদায় কৰিছিল।

“যোৱা ৩ ডিচেম্বৰ, ২০২২ তাৰিখে সংসদৰ লোকসভাৰ অধিৱেশনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰসায়ন আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডুবিয়াৰ এক লিখিত প্ৰশ্নৰ উত্তৰত ৰাজ্যসমূহত ৰাসায়নিক সাৰৰ আৱশ্যকতা, উপলব্ধতা আৰু বিক্ৰীৰ এক লিখিত তথাৰ তালিকা প্রকাশ কৰিছিল। তালিকাখনত উল্লেখ থকা তথ্য অনুসৰি অসমত ২০১৪-১৫ চনৰ পৰা ২০২১-২২ চনলৈকে ইউৰিয়া, ডিএপি, এমঅপি, এনপিতেএছ সাৰে আৱশ্যকতা, উপলব্ধতা আৰু বিক্ৰী সন্দৰ্ভত সবিশেষ বিভাগীয় মন্ত্ৰীগৰাকীয়ে সংসদত উত্থাপন কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংসদত দিয়া তালিকাখন তলত সংলগ্ন কৰি দিয়া হৈছে। উল্লেখযোগ্য যে বর্তমান অসম চৰকাৰৰ দ্বাৰা অনুমোদিত ৩৭ টা নিৰ্ধাৰিত স্থানত ৰেলযোগে কেন্দ্ৰীয় চৰকাৰে ৰাসায়নিক সাৰৰ ৰেক প্ৰেৰণ কৰি আহিছে।“ সংবাদমেলত বিতু সোণোৱালে এইদৰে কয়।

এই স্থানৰ ৰাজ্য চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত বিতৰক অথবা পাইকাৰী বিক্রেতাই সাৰৰ পৰিমাণ আৰু গুণাগুণ পৰীক্ষা কৰি আৱণ্টন অনুসৰি সংগ্ৰহ কৰিব লাগে। কিন্তু পাইকাৰী ব্যবসায়ীসকলে চৰকাৰী ৰাজসাহায্যযুক্ত ছাব ডিলাৰ অথবা খুচুৰা বিক্ৰেতাৰ জৰিয়তে কৃষকক যোগান ধৰাৰ বিপৰীতে অবৈধ মজুত কৰি ৰাখি এক কৃত্রিম নাটনিৰ সৃষ্টি কৰি অধিক দৰত বিক্ৰীৰ ক’লা বজাৰ গঢ়ি তুলিছে বুলি সোণোৱালে গুৰুতৰ অভিযোগ কৰে।

আনকি অত্যাৱশ্যকীয় সামগ্রী অধিনিয়ম- ১৯৫৫ অনুসৰি সাৰ উৰ্বৰত) নিয়ন্ত্রণ আদেশ (FCO) ১৯৮৫ আৰু সাৰ পৰিবহন নিয়ন্ত্রণ) অধ্যাদেশ ১৯৭৩ ৰ দ্বাৰা অত্যাৱশ্যকীয় সামগ্ৰীৰূপে অন্তৰ্ভূক্ত কৰা হৈছে বুলিও তেওঁ দাবী কৰে।

“এনে ক্ষেত্ৰত সাৰৰ অনুজ্ঞাপত্ৰবিহীন বিক্ৰী, পৰিবহন আৰু মজুতকৰণ বিধিগতভাবে আইনবিৰুদ্ধ কার্য। কিন্তু ৰাজ্যৰ কৃষি বিভাগৰ দ্বাৰা সাৰৰ চাহিদা, যোগান, বিতৰণ, পরিবহন আদি সকলো ব্যৱস্থা পৰিচালিত আৰু নিয়ন্ত্ৰিত হৈ অহাৰ পিছতো অসমৰ ২৫ লাখ কৃষকে চৰকাৰী ৰাজসাহায্যযুক্ত সাৰ সঠিক মূল্যত লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে। দীর্ঘদিন ধৰি অন্ন যোজনাৰ চাউল আদি চৰকাৰী বিতৰণ ব্যৱস্থাৰ সামগ্ৰীৰ দৰে এক বৃহৎ চোৰাং বজাৰ ৰাজসাহায্যপ্রাপ্ত সাৰৰ লৈ ৰাজ্যত গঢ়ি উঠিছে”।

ইপিনে, অসম চৰকাৰৰ কৃষি বিভাগৰ শীৰ্ষ বিষয়াৰ পৰা আৰম্ভ কৰি দিছপুৰৰ মন্ত্রী-আমোলালৈকে বহু বিয়াগোম ব্যক্তিৰ সাৰৰ এই অবৈধ চোৰাং ব্যৱসায়ীসকলৰ সৈতে গোপন মিতিৰালি আছে বুলি বিস্ফোৰক অভিযোগ তুলি বিতু সোণোৱালে কয় “যাৰ ফলত গাঁৱে-ভূঞে বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনে সাৰ-বীজৰ বিক্ৰী কেন্দ্র স্থাপন কৰি ৫.৯১ টকীয়া ৰাজসাহায্যপ্রাপ্ত ইউৰিয়া ১২ পৰা ১৫ টকা দৰত খেতিয়কসকলক কিনিবলৈ বাধ্য কৰিছে। একেদৰে ডিএপি প্রতি কেজিত ২৪ টকাৰ বিপৰীতে ক’লা বজাৰত ৩৫ ৰ পৰা ৪০ টকা আৰু পটাছ প্রতি কেজিত ৬.৬৮ টকাৰ বিপৰীতে ক’লা বজাৰত ৩৫ ৰ পৰা ৪০ টকা নত ছিণ্ডিকেট চক্রটোরে বিক্ৰী কৰি আহিছে”।

ৰাসায়নিক সাৰৰ ক’লা বজাৰ সন্দৰ্ভত ১৭ মার্চ, ২০২০ ত কেন্দ্রীয় মন্ত্রী ডি বি সদানন্দ গৌড়াই লিখিত প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰক (FCO-১৯৮৫) তথ্য অত্যাৱশ্যকীয় সামগ্রী অধিনিয়ম ১৯৫৫ আইনৰ অধীনত চোৰাং বেহা, অবৈধ মজুত, নিৰ্ধাৰিত খুচুৰা মূল্যৰ অধিক দৰত বিক্ৰী আৰু অনুমতিবিহীন পৰিবহন কৰা যিকোনো ব্যক্তিৰ তালাচি লোৱা, সামগ্রী জব্দ কৰা, তেনে লোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ তৰাৰ ক্ষমতা দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে।

তেওঁ লগতে কয় “ কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ে ৰাজ্যসমূহৰ সচিব আৰু গৃহ বিভাগক আইনী বিধি অনুযায়ী বিধি বহির্ভূত পৰিবহন আৰু বিতৰণৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰিছে। তেনেস্থলত বছৰ বছৰ ধৰি অসমত মুকলিভাৱে সাৰৰ ছিণ্ডিকেট চলি অহাৰ পিছতো অতদিনে কোনো অবৈধ ব্যবসায়ী আৰু মজুতকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱাতো ৰহস্যৰ বিষয়”।

শেহতীয়াকৈ যোৱা কেইমাহমান ধৰি ৰাজ্যত অভাৱনীয়ভাবে সাৰৰ নাটনিক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰ অস্বস্তিৰ সম্মুখীন হ’বলগীয়া পৰিছে বুলি তেওঁ উল্লেখ কৰি লগতে কয় “সাৰৰ কেলেংকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে যি বিভাগীয় তদন্ত ঘোষণা কৰিছে ইয়াৰ প্ৰাৰম্ভিক পর্যায়তে বহু তথ্য পোহৰলৈ আহিছে। বৰ্তমানলৈকে কৃষকৰ পৰা অধিক মূল্য আদায় লোৱাৰ অভিযোগত প্রায় ১২০০ ত কৈয়ো অধিক খুচুৰা বিক্ৰেতাৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ বাধ্য হৈছে। ৩-৪ খন পাইকাৰী বিক্ৰী প্ৰতিস্থানৰ বিৰুদ্ধে অনুজ্ঞা বাতিল আৰু কাৰণ দর্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অপৰাধ অনুসন্ধান শাখা (চিআইডি) ই গোচৰ নং ০২/২০২২, ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০, ৪২০, ৪৬৮ আৰু ধাৰা ৭১ ৰ অধীনত নিজাব্বীয়াকৈ গোচৰ ৰুজু কৰি অনুসন্ধান চলাই আছে। ইতিমধ্যে মৰিগাঁও, কামৰূপ, দৰং, কাছাৰ, গোৱালপাৰা আদি জিলাৰ পৰা ৯ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি অনুসন্ধান চলাই আছে”।

“কিন্তু এই গোচৰটোৰ অনুসন্ধান চিআইডিয়ে কিমান দুৰলৈ আগুৱাব পাৰিব সেয়া সন্দেহৰ বিষয়। ৰৌ, বৰালি এৰি পুঠি-খলিহনা জালত বন্দী কৰিয়েই বিষয়টোৰ তদন্ত সামৰাৰ সম্ভাৱনাই অধিক। কিয়নো যোৱা চেপ্তেম্বৰ মাহত নামৰূপ সাব কাৰখানা চৌহদত এখন ৰেলত চোৰাংকৈ অতিৰিক্তভাৱে বৃহৎ পৰিমাণৰ ইউৰিয়া সাৰৰ বেগ উদ্ধাৰ হোৱা পিছত সাৰ ছিণ্ডিকেটৰ হাতোৰা কিমান দুৰলৈ সম্প্ৰসাৰিত হৈ আছে এই কথা স্পষ্ট হৈ পৰিছে। এই পৰ্যায়লৈ ডিআইডিৰ কেলেংকাৰীৰ তদন্তই ঢুকি পাবনে”? সোণোৱালে এইদৰে কয়।

উল্লেখ্য যে কৃষিমন্ত্রী অতুল বৰাৰ কাৰ্যকালত চৰকাৰী কৃষি বিভাগৰ প্ৰতিটো আঁচনিতে দুর্নীতি সংঘটিত হৈছে। টেক্টৰ ক্ৰম, কৃষক সম্মান নিধিৰ পিছত সাৰৰ কেলেংকাৰীয়ে ৰাজ্যত চৰকাৰী পৃষ্ঠপোষকতাত চলি থকা দুর্নীতিৰ ভয়ংকৰ ছবি পোহৰলৈ আনিছে বুলি সংবাদমেলত কৃষক মুক্তিয়ে দাবী কৰে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd