লক্ষ্য ২০২১ : অখিল বাহিনীয়েই ভৰসা ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চাৰ!

‘ফেচিষ্ট’ বিজেপিক প্ৰতিহত কৰিবলৈ উমৈহতীয়া ৰণনীতি প্ৰস্তুত!

Ajit 34

শনিবাৰে কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত বৈঠকৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও

সমাগত ২০২১ৰ বিধানসভাৰ নিৰ্বাচন। ৰাজ্যত এতিয়া কৰ’নাৰ বিৰুদ্ধে যিদৰে যুঁজ চলি আছে তাৰ সমান্তৰালকৈ চলি গৈছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা।

কি কংগ্ৰেছ, কি বিজেপি বা অন্যান্য ৰাজনৈতিক দলেই হওঁক,সকলোৱে নিজস্ব ধৰণে কুচ কাৱাজ চলাই নিছে।

তাৰ মাজতে আজি ৰাজ্যসভাৰ সাংসদ আজিত কুমাৰ ভূঞাৰ নেতৃত্বত নৱ গঠিত আঞ্চলিক গণ মৰ্চা আৰু  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বৰ মাজত আজি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

যি আলোচনাত স্থান পালে ‘ফেচিষ্ট’, ‘সাম্প্ৰদায়িক’ বিজেপিক ২০২১ ৰ নিৰ্বাচনত প্ৰতিহত কৰা প্ৰসংগ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটীৰ গান্ধীবস্তিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত আজি দিনৰ ১-০০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই বৈঠকত আঞ্চলিক গণ মৰ্চাৰ হৈ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই অসমৰ বহুধাবিভক্ত আঞ্চলিক ৰাজনৈতিক শক্তিক একত্ৰিত কৰি এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক মঞ্চ গঠনৰ বাবে আঞ্চলিক গণ মৰ্চাই এক বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ কথা আলোচনা কালত উল্লেখ কৰে।

আলোচনাৰ অন্তত তেওঁ সংবাদমেলত কয়, ‘ বিজেপি-আৰ এছ এছ’ৰ ফেচীবাদী আৰু সাম্প্ৰদায়িক ৰাজনীতিক উৎখাত কৰিবলৈ ৰাজ্যৰ সকলো প্ৰগতিশীল গণতান্ত্ৰিক দল আৰু আঞ্চলিক ৰাজনৈতিক শক্তিক একত্ৰিত কৰি এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক মঞ্চ গঠনৰ বাবে আঞ্চলিক গণ মৰ্চাই উদ্যোগ গ্ৰহণ কৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও অসমৰ জনসাধাৰণৰ  মৌলিক সমস্যাসমূহ আৰু ৰাজনৈতিক প্ৰশ্নবোৰ লৈ দীৰ্ঘদিন ধৰি এক গণ আন্দোলনৰ নেতৃত্ব দি আহিছে। ৰাইজৰ মাজত জনমত সৃষ্টি কৰা আৰু সংগঠিত কৰাৰ প্ৰচেষ্টা গঢ়ি তুলিছে।‘

‘যাৰবাবে বৰ্তমান বিজেপি দল আৰু চৰকাৰে একমাত্ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বক প্ৰধান শত্ৰু হিচাপে বাছি লৈছে।‘ ভুঞাই লগতে কয়।

অসমৰ ৰাজনীতি আৰু সমাজ জীৱনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক বিশেষ ভূমিকা আছে বুলি ভূঞাই মত পোষণ কৰি লগতে কয়, ‘আঞ্চলিক গণ মৰ্চাৰ এই মঞ্চত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰত্যক্ষ সহযোগ আৰু সমৰ্থন আগবঢ়াব বুলি আশা কৰিছো।‘

এই বৈঠকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ সভাপতি ভাস্কো-ডি শইকীয়াই  আঞ্চলিক গণ মৰ্চাৰ লক্ষ্য আৰু উদ্দেশ্যক আদৰণি আৰু শুভেচ্ছা জনায়।

শইকীয়াই কয়, ‘যোৱা ২০১৫ বৰ্ষত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক  অধিবেশনৰ প্ৰতিনিধি সভাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ইয়াৰ আটাইকেইটা গণ সংগঠনৰ সৰ্বসন্মতি ক্ৰমে গণ মুক্তি সংগ্ৰাম অসম নামৰ এটা ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।  অখিল গগৈৰ নেতৃত্বত চাৰিজন ব্যক্তিক লৈ এটা আহ্বায়ক সমিতি গঠন কৰি দিয়া হৈছিল। ২০১৮ চনত পাৰ্টি আৰু আমাৰ গণ সমূহৰ যৌথ কাৰ্যনিৰ্বাহ সভাত এই ৰাজনৈতিক দলটোৰ নেতৃত্বত সংসদীয় ৰাজনীতিত অংশগ্ৰহণৰ সিদ্ধান্ত চুড়ান্ত কৰা হৈছিল। সেইমৰ্মে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আমাৰ গণ সংগঠনে ২০২১ৰ বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ এক সিদ্ধান্ত কাৰ্যকৰী হৈ আছে।‘

‘সেয়ে গণ মুক্তি সংগ্ৰাম অসম আৰু আমাৰ গণ সংগঠনসমূহৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতহে আঞ্চলিক গণ মৰ্চাৰ প্ৰতি আমাৰ সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত  চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব,’-সভাপতি ভাস্কো-ডি শইকীয়াই উল্লেখ কৰে।

তেওঁ লগতে কয়, ‘বিজেপি, আৰ এছ এছ’ৰ ফেচীবাদী আৰু সাম্প্ৰদায়িক ৰাজনীতি নিৰ্মূল কৰিবলৈ সাম্প্ৰদায়িক, প্ৰগতিশীল গণতান্ত্ৰিক আৰু জাতীয়তাবাদী  ভাৱাপন্ন ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন আছে।‘

অৱশ্যে, আঞ্চলিক গণ মৰ্চাৰ সৈতে কৃষক মুক্তিৰ সহযোগিতা আৰু অংশগ্ৰহণ কেনেধৰণৰ হব সেই সিদ্ধান্ত কাৰ্যনিৰ্বাহক সভাই গ্ৰহণ কৰাৰ পিছতহে আজিৰ বৈঠকত স্পষ্ট কৰি দিয়া হয়।

অতিশীঘ্ৰে ফেচিষ্ট, সাম্প্ৰদায়িক বিজেপি-আৰ এছ এছ’ক ক্ষমতাচ্যুত কৰিবলৈ আঞ্চলিক গণ মৰ্চাৰ সৈতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক উমৈহতীয়া ৰণনীতি তৈয়াৰ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয়।

আজিৰ বৈঠকত আঞ্চলিক গণ মৰ্চাৰ হৈ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞা, মনজিৎ মহন্ত, মীৰা বৰঠাকুৰ,লাচিত বৰদলৈ, শান্তনু বৰঠাকুৰ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ সভাপতি ভাস্কো-ডি শইকীয়া, কাৰ্যকৰী সভাপতি অনিল বড়ো, যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক দেৱব্ৰত শইকীয়া আৰু গণ মুক্তি সংগ্ৰাম অসমৰ আহ্বায়ক হুছেইন মহম্মদ ছাহজাহানে অংশগ্ৰহণ কৰে ।