NORTHEAST NOW (Assamese)

পুনৰ NIAৰ আদালতত হাজিৰ কৰোৱা হ’ল অখিল গগৈক; অসমবাসীক অভিনন্দন গগৈৰ

January 10, 2020 1:18 pm · কল্পজ্যোতি শইকীয়া
Updated: January 10, 2020 3:49 pm

“জয় আই অসম। অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ। ৰাইজে যি ধৰণেৰে সংগ্ৰাম অব্যাহত ৰাখিছে সেয়া অব্যাহত ৰাখক।” এইদৰে আজি কৃষক নেতা অখিল গগৈয়ে আদালতৰ সন্মুখত চিঞৰি চিঞৰি ক’লে।

১৪ দিনৰ ন্যায়িক জিম্মাৰ পিছত অখিল গগৈক আজি পুনৰবাৰ চানমাৰীৰ NIAৰ আদালতত হাজিৰ কৰোৱা হ’ল।

আনহাতে অখিল গগৈক আদালতলৈ অনাৰ সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে NIAৰ আদালতৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। “হিমন্ত লেই লেই চেই চেই, জয় আই অসম, ‘কা’ বাতিল কৰক, অখিল গগৈক মুক্তি দিয়ক’ আদি ধ্বনিৰে প্ৰতিবাদীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

আজি অখিল গগৈক সাক্ষাতৰ বাবে আদালতত উপস্থিত হয় বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই।

“আমিও মাওবাদী সাহিত্য পঢ়িছো, সিও পঢ়িছে, তাৰ অৰ্থ এইটো নহয় যে অখিল গগৈ মাওবাদী, একো প্ৰমাণ নাই। মিছা অভিযোগ দি ষড়যন্ত্ৰমূলকভাৱে তাক গ্ৰেপ্তাৰ কৰা হৈছে। মাওবাদী সাহিত্য বজাৰ উভৈনদী। মিছা মিছি গোচৰ জাপি দোষী সজোৱাটো পুলিছৰ অভ্যাস হৈ গৈছে। এই চৰকাৰ দিনক দিনে গণতন্ত্ৰ বিদ্বেষী হৈ গৈ আছে।” মন্তব্য হীৰেন গোহাঁইৰ

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে ‘কা’ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ চলি থকাৰ মাজতে যোৱা ১২ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক যোৰহাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পাছতে ১৪ ডিচেম্বৰত NIA ই গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সংস্থাটোৱে দাখিল কৰা এজাহাৰত কৃষক নেতা গৰাকীক মাওবাদী সজোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে কেইবাটাও বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা জাপি দি ১৬ ডিচেম্বৰত গগৈক NIAই গ্ৰেপ্তাৰ কৰিছিল।

Related News