NORTHEAST NOW (Assamese)

অখিল গগৈৰ জামিন আবেদন খাৰিজ; ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

March 23, 2020 9:49 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ অতিৰিক্ত মুখ্য ন্যায়াধীশে আজি কৃষক নেতা অখিল গগৈৰ জামিন আবেদন খাৰিজ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে শিৱসাগৰ আৰক্ষীয়ে যোৱা ১৯ মাৰ্চত শিৱসাগৰ সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ১৩৪৪/১৯ নম্বৰ গোচৰৰ ভিত্তিত কৃষক নেতাজনক গ্ৰেপ্তাৰ কৰিছিল।

বিগত চাৰিদিন ধৰি কৃষক নেতা গৰাকীক শিৱসাগৰ সদৰ আৰক্ষী থানাত ৰখা হৈছিল।

চাৰিদিনৰ আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত আজি শিৱসাগৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰে অখিল গগৈক। অধিবক্তাই অখিল গগৈৰ জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে অখিল গগৈৰ জামিন আবেদন নাকচ কৰে আৰু ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত প্ৰেৰণ কৰে।

অখিল গগৈক বৰ্তমান শিৱসাগৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

ইফালে ‘একেটা গোচৰতে অসমৰ বিভিন্ন থানাত গোচৰ দিয়াটো বে আইনী’ বুলি মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে।

তেওঁ লগতে কয়, ‘মহামান্য আদালতে বিষয়টো চিন্তা-চৰ্চা কৰিব আৰু আমাক ন্যায় প্ৰদান কৰিব’। শিৱসাগৰ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত তেওঁ কোনো ধৰণৰ অসুবিধা পোৱা নাই বুলিও মন্তব্য কৰে।

শিৱসাগৰ জিলা কাৰাগাৰত সোমোৱাৰ পূৰ্বে অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘আমাক ষড়যন্ত্ৰ কৰি বাৰম্বাৰ গ্ৰেপ্তাৰ কৰা হৈছে। অসমবাসীক আন্দোলন অব্যাহত ৰাখিবলৈ অনুৰোধ জনালো’।

Related News