অখিল গগৈলৈ আঙুলিৰে আত্মপ্ৰকাশ কৃষক মুক্তি সংগ্ৰাম সমিতি (প্ৰগতিশীল)ৰ

KMSS (P): Former KMSS leaders launch new peasants' organisation

অখিল গগৈৰ ফাইল ছবি। কাষত মঙলবাৰে সংবাদমেলত নতুন সংগঠনৰ নেতাগণ।

কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম ত্যাগ কৰা একাংশ নেতাই অখিল গগৈলৈ আঙুলি তুলি মঙলবাৰে গঠন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি (প্ৰগতিশীল) নামৰ এক নতুন সংগঠন।

গগৈৰ বিৰুদ্ধে “স্বেচ্ছাচাৰিতা”ৰ অভিযোগেৰে সংগঠনটো গঠন কৰা নেতাকেইজনৰমতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মজিয়াত “কৃষক ৰাইজৰ সমস্যাৰ বিষয়ে কোনো আলোচনা নহয়”।

নতুন সংগঠনটোৰ উদ্যোগ লোৱা বুবুল হাজৰিকাই কয় যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে কৃষকৰ বিষয়ে “কেৱল টিভি ষ্টুডিঅ’ৰ মজিয়া বা ৰাজপথ”তহে আলোচনা কৰে।

আৰু সেয়ে, অসমৰ কৃষকসকলৰ সমস্যা সমাধানৰ বাবে তেওঁলোকে নতুন সংগঠনটো গঠন কৰিছে।

“অখিল এণ্ড কোম্পানি হৈ পৰিল সংগঠনটো। অখিল গগৈৰ স্বেচ্ছাচাৰিতাত বিতুষ্ট হৈ নতুনকৈ এটা সংগঠন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল,” গুৱাহাটীৰ ৰূপনগৰস্থিত মুক্তিযুঁজাৰু ভৱনত সংবাদমেলযোগে হাজৰিকাই কয়।

কিছুদিন পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতি ত্যাগ কৰা বুবুল হাজৰিকা সংগঠনটোৰ লখিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক আছিল।

লগতে পঢ়ক– ত্ৰিপুৰাত ভয়ংকৰ সংকট: খাবলে নাপাই মৰিছে ব্ৰু লোক; শুকাইছে মাতৃ বুকু, পিয়াহত মৃত্যু শিশুৰ

হাজৰিকাই জনোৱামতে, অসমৰ কৃষকৰ সমস্যাৰ সমাধান “কৃষি বিপ্লৱ”ৰ মাজেৰে সম্ভৱ হ’ব পাৰে বুলি তেওঁলোকৰ বিশ্বাস।

তেওঁ আৰু কয় যে কৃষকৰ প্ৰগতিৰ বাবে কাম কৰিম বুলি ভবা বাবেই নতুন সংগঠনটোত “প্ৰগতিশীল” শব্দটো ব্যৱহাৰ কৰা হৈছে।

কৃষক মুক্তিৰ বৰ্তমান “কোনো গণভিত্তি নাই” বুলি উল্লেখ কৰি হাজৰিকাই কয় যে প্ৰতি জিলাত অখিল গগৈত “বিতুষ্ট” লোক আছে; আৰু তেওঁলোকে সেইসকলক লগ কৰিব।

“সেই লোকসকলক বিচাৰি উলিয়াই আমি প্ৰত্যেককে লগ কৰিম। আমি এনে এটা সংগঠন জন্ম দিম য’ত সকলোৰে সৈতে আলোচনা কৰি, সকলোৰে সৈতে সিদ্ধান্ত কৰি কৃষক ৰাইজৰ হৈ সংগ্ৰামখন আগুৱাই লৈ যাব পাৰো,” হাজৰিকাই জনায়।

মঙলবাৰৰ “কাৰ্য্যনিৰ্বাহক বৈঠক”ত মুখ্য আহ্বায়ক বিপিন দাস, বুবুল হাজৰিকা, বিশ্বজিৎ ডেকা, অপূৰ্ব  বৰুৱা আৰু তুলতুল দাসকে ধৰি ১০১জনীয়া এখন আহ্বায়ক সমিতি গঠন কৰা হৈছে।

“অসমৰ সকলো জিলাৰ বুদ্ধিজীৱী, কৃষক ৰাইজক সামৰি গুৱাহাটীত এখন কৃষক অভিৱৰ্তনৰ জৰিয়তে এখন কেন্দ্ৰীয় সমিতি গঠন কৰা হ’ব,” দুমাহৰ ভিতৰত কেন্দ্ৰীয় সমিতি গঠন কৰা হ’ব বুলি সদৰী কৰি হাজৰিকাই জনায়।

বিপিন দাস কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা কাৰ্য্যকৰী সভাপতি আৰু বিশ্বজিৎ ডেকা জিলা সম্পাদক পদত আছিল।

নতুন সংগঠনটোৰ আত্মপ্ৰকাশ সন্দৰ্ভত মন্তব্য গ্ৰহণৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ আৰু সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰক যোগাযোগ কৰা হৈছিল যদিও নৰ্থইষ্ট নাও-এ কোনো সঁহাৰি নাপালে।