নতুন ভূমি উদ্যোগ নীতি প্ৰত্যাহাৰৰ দাবীত শিৱসাগৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ অনশন

20200706_145712

অসম চৰকাৰৰ নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ কৰা অসমবাসীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিত আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক অনশন কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ নতুন ভূমি নীতি প্ৰত্যাহাৰৰ দাবী জনায়।

কোভিড ১৯ মহামাৰীয়ে চৌদিশে আতংক সৃষ্টি কৰালৈ চাই মাথো দুয়োটা সংগঠনৰ মুষ্টিমেয় কৰ্মী কেইগৰাকী মানেহে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পৰাশৰ কোঁৱৰে অসম চৰকাৰক অনশন স্থলীত তীব্ৰ সমালোচনা কৰে।

তেওঁ কয় যে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমীয়া বিৰোধী আচৰণ কৰিবলৈ আৰম্ভ কৰিছে। অসম চৰকাৰৰ এই নতুন ভূমিনীতিয়ে স্পষ্ট ৰূপত এই কথাকে প্ৰতিপন্ন কৰিছে যে এই চৰকাৰখনে পুঁজিপতি গোষ্ঠীৰ হৈ কাম কৰিবলৈ আৰম্ভ কৰিছে।

কৃষকৰ খেতিৰ মাটিৰ শ্ৰেণী বিভাজন কৰি উদ্যোগিক প্ৰতিষ্ঠাৰ বাবে চৰকাৰে কৰি অহা কাৰছাজিৰ বিৰুদ্ধে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে।

তেওঁ শীঘ্ৰে চৰকাৰৰ এই প্ৰদক্ষেপক বাতিল কৰিবলৈ দাবী উত্থাপন কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ৰাজীৱ লোচন বৰা সম্পাদক প্ৰণয় হাজৰিকাইও অনশন স্থলীত উপস্থিত থাকে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

আনহাতে আজি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি কৃষক নেতা অখিল গগৈৰ স্থাস্থ্যৰ অৱনতি হোৱা বুলি জানিব পাৰি প্ৰতিবাদকাৰীসকলে চৰকাৰক অখিল গগৈক উন্নত চিকিৎসা প্ৰদান কৰাৰ লগতে অতিশীঘ্ৰে মুক্তি দিবলৈ দাবী জনায়।