CAB ৰ বিৰুদ্ধে বৃহৎ জোঁৰ সমদল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

‘অগপই দিল্লী আৰু নাগপুৰৰ ওচৰত আত্ম সমৰ্পন কৰিলে’ অখিল গগৈ

KMSS protest

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

মঙলবাৰে সন্ধিয়া গুৱাহাটী ক্লাৱৰ পৰা চান্দমাৰীলৈকে হাতে হাতে জোঁৰ লৈ এক বৃহৎ সমদল বাহিৰ কৰে কৃষক সংগঠনটোৱে।

কৃষক নেতা অখিল গগৈৰ নেতৃত্বত উলিওৱা এই জোঁৰ সমদল কাৰ্য্যসূচীত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰূপ বৰবৰুৱাকে ধৰি অন্য বহু বিশিষ্ট লোক উপস্থিত থাকে।

জোৰ সমদলৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ আগত নাগৰিকত্ব বিধেয়ক কেতিয়াও মানি লোৱা নহ’ব বুলি মন্তব্য কৰে গগৈয়ে। লগতে বিধেয়ক মানি ল’ব খোজা অগপ নেতৃত্বকো সমালোচনা কৰে অখিল গগৈয়ে।

গগৈয়ে কয় ‘নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও মানি লোৱা নহয়। যি কথাই নহওঁক আমি কেতিয়াও কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ অনুমতি দিব নোৱাৰো। এই বিধেয়ক সংবিধান বিৰোধী, সাম্প্ৰদায়িক আৰু এই বিধেয়কে অসমীয়া জাতিক ভাঙি তচনচ কৰি পেলাব। বিধেয়ক আহিলে অসমত থকা ২০ লাখ বিদেশীয়ে নাগৰিকত্ব পাব আৰু বাংলাদেশৰ পৰা অহা ১ কোটি ৭০ লাখ বিদেশীয়ে নতুনকৈ নাগৰিকত্ব পাব।’

ইপিনে, অতুল বৰাই আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্ণ সমৰ্থনত আগবঢ়োৱা মন্তব্যৰ বিৰোধিতা কৰি কৃষক নেতাজনে কয় ‘অতুল বৰাৰ বক্তব্যক নিন্দা কৰিছো। অতুল বৰাৰ বক্তব্যই অসমীয়া জাতিৰ প্ৰতি বেয়া সংকেত কঢ়িয়াই আনিছে। অসম গণ পৰিষদে দিল্লী আৰু নাগপুৰৰ ওচৰত আত্ম সমৰ্পন কৰিলে। অগপই অসমীয়া জাতিৰ শত্ৰুৰ পক্ষত থিয় দিলে।’

‘অগপ যদি তেওঁলোকৰ বৰ্তমানৰ অসম বিৰোধী স্থিতিৰ পৰা ঘুৰি নাহে তেন্তে তেওঁলোকৰ বিৰুদ্ধেও সংগ্ৰাম গঢ়ি তুলিবলৈ বাধ্য হ’ম,’ গগৈয়ে এইদৰে কয়।

আনহাতে, প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰাক্তন ন্যায়াধীশ অৰূপ বৰবৰুৱাই অগপৰ নেতৃত্বৰ স্থিতিক সমালোচনা কৰি কয় ‘অগপৰ তিনি মন্ত্ৰীকে ধৰি অন্যান্য নেতৃবৰ্গ ইতিমধ্যে বিক্ৰী গৈছে। তেওঁলোকে অসমৰ অস্তিত্বৰ বিৰুদ্ধে কাম কৰিবলৈ আৰম্ভ কৰিছে। অগপ যাতে ঘৰ বিভীষণৰ ৰূপ নলয়, তাৰ বাবে সকিয়াই দিছো।’