পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য কাৰ্যালয় ‘ঘেৰাও’ কৃষক মুক্তিৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী অখিল গগৈৰ

Akhil-Gogoi

ব্যাপক অনিয়ম সংঘটিত কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বিজেপি নেতা-কৰ্মীৰ আত্মীয় কুটুম্বক নিযুক্তি প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে আজি কৃষক নেতা অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তিৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰা দেখা যায়। বিজেপি, আৰ এছ এছৰ আত্মীয়ক প্ৰদান কৰা নিযুক্তি বাতিল কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে।

বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত সংঘটিত হোৱা চাকৰিৰ এই বৃহৎ কেলেংকাৰি সন্দৰ্ভত প্ৰতিবাদস্থলিত সৰৱ হৈ পৰা পৰিলক্ষিত হয় কৃষক নেতা অখিল গগৈক। এই নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈও কৃষক নেতাগৰাকীয়ে দাবী জনায়।

‘’নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে স্বচ্ছ প্ৰশাসনৰ কথা কৈছিল আৰু নিযুক্তিত কোনোপধ্যে দুৰ্নীতি নহ’ব বুলি কৈছিল। কিন্তু বিজেপি চৰকাৰৰ প্ৰথমটো বৃহৎ নিযুক্তি প্ৰক্ৰিয়াতে অসমৰ আটাইতকৈ ডাঙৰ কেলেংকাৰি সংঘটিত হ’ল’’, অখিল গগৈয়ে কয়।

তেওঁ লগতে এই নিযুক্তি কেলেংকাৰিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গ্ৰামোন্নয়ণ মন্ত্ৰী নৱ কুমাৰ দলেও জড়িত হৈ আছে বুলি মন্তব্য কৰে। ইয়াৰ উপৰিও তেওঁ কয়, ‘’এ পি এছ চি কেলেংকাৰিৰ খলনায়কসকলে যেনেকৈ জেল খাই আছে, ঠিক তেনেকৈ এই নিযুক্তি কেলেংকাৰিৰ খলনায়কসকেও জেল খাব লাগিব।‘’

ইপিনে, এই নিযুক্তিৰ জৰিয়তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে ন্যায়ালয়ক অৱমাননা কৰিছে বুলিও অখিল গগৈয়ে অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, ‘’গুৱাহাটী ন্যায়ালয়ে যোৱা ৭ জানুৱাৰিত প্ৰদান কৰা এক ৰায় অনুসৰি কোনো নিযুক্তি সম্পৰ্কীয় কেলেংকাৰিৰ অভিযোগৰ ক্ষেত্ৰত যদি চি আই ডিৰ তদন্তত কোনো বিসংগতিৰ তথ্য নোলায় তেতিয়াহে চৰকাৰে কোনো বিভাগৰ চাকৰিৰ নিযুক্তি প্ৰদান কৰিব পাৰিব। কিন্তু পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ এই পৰীক্ষাৰ বিসংগতি সন্দৰ্ভত চি আই ডিয়ে কৰা তদন্তৰ প্ৰতিবেদনত কোৱা হৈছে যে ১৪ খন জিলাৰ ৯ খনতেই খেলিমেলি হৈছে। কিন্তু এই প্ৰতিবেদন পোৱাৰ পাছতো ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি বিভাগটোৱে ফলাফল ঘোষণা কৰাই নহয় নিযুক্তিও প্ৰদান কৰিছে।”

সোমবাৰে প্ৰতিবাদৰ অন্তত বিষয়টোৰ চি বি আই তদন্তৰ দাবী কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিভাগটোৰ আয়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

যদিহে প্ৰতিবাদকাৰী তথা সংগঠনটোৰ দাবী বিভাগটোৱে মানি নলয় তেন্তে এই ভয়ংকৰ নিযুক্তি কেলেংকাৰিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলি সংগঠনটোৱে হুংকাৰ প্ৰদান কৰে।

উল্লেখ্য যে এই নিযুক্তি প্ৰক্ৰিয়াত ভয়ংকৰ কেলেংকাৰি সংঘটিত হোৱা বুলি বিভিন্ন মহল তথা সংবাদ মাধ্যমত চৰ্চিত হোৱাৰ পাছতে এই সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক দায়িত্ব প্ৰদান কৰিছিল।