ৰাতি উচ্চস্বৰত লাউদস্পিকাৰ বজোৱাৰ পৰা অসুবিধা পাইছে যদি আইনৰ সহায় লওক, NGT আৰু আদালতে নিষেধাজ্ঞা জাৰি কৰিছে।
শব্দ প্ৰদূষণ ( বিনিয়মন আৰু নিয়ন্ত্ৰণ ) আইন ২০০০ৰ অধীনত ৰাতি ১০ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ লাউদস্পিকাৰ বজোৱাত নাকি লগাইছে চৰকাৰে।
কিন্তু ৰাজ্য চৰকাৰে বিশেষ চৰ্ত সাপেক্ষে নিশা ১২ বজালৈ লাউদস্পিকাৰ বজোৱাৰ অনুমতি দিব পাৰে, ১২ বজাৰ পাছত লাউদস্পিকাৰ বজোৱাৰ অনুমতি নাই আৰু ই এক অপৰাধ।
ইয়াৰ উপৰি সংবিধানৰ ২১ নং অনুচ্ছেদত থকা জীৱন যাপন কৰাৰ অধিকাৰ অনুসৰি সকলোৱে শব্দ প্ৰদূষণমুক্ত পৰিৱেশত থকাৰ অধিকাৰ আছে। লগতে কোনোৱে বলপূৰ্বকভাৱে ভজন, ধাৰ্মিক উপদেশ আদি শুনাৰ কাৰণে কাকো বাধ্য কৰিব নোৱাৰে।
যদি কোনো ধৰ্মীয় আয়োজনত উচ্চস্বৰত লাউদস্পিকাৰ বজাই কোনোৱে আপোনাৰ টোপনি নতুবা মানসিক শান্তি বিনস্ত কৰে আৰু যদি আপোনাৰ অনুৰোধ অমান্য কৰে, আপুনিও লব পাৰিব আইনৰ সহায়।
অনুচ্ছেদ ৩২ আৰু অনুচ্ছেদ ২২৬ অনুসৰি আপুনি টুকুৰিয়াব পাৰিব উচ্চ-ন্যায়ালয়ৰ দুৱাৰ।
লাউদস্পিকাৰ বা ডিজে বজালে হ’ব পাৰে জেইল
ধৰ্মীয় স্থানত লাউদস্পিকাৰ বা ডিজে বজোৱাতো ভাৰতীয় দণ্ড সংহিতা ২৬৮ অনুসৰি আইন মতে দণ্ডনীয়। যদি সাধাৰণ নাগৰিকৰ ক্ষতিসাধন হয়, তেন্তে ভাৰতীয় দণ্ড সংহিতা ২৯০ আৰু ২৯১ অনুসৰি জেইল আৰু জৰিমনা নিশ্চিত।