NORTHEAST NOW (Assamese)

ফেটি লিভাৰত শংকিত? মদ্যপান এৰিলেই যথেষ্ট নহয়, জীৱনত আৰু ৭টা পৰিৱৰ্তন আনিব লাগিব

December 10, 2024 8:02 am · এন ই নাও নিউজ, গুৱাহাটী

জীৱনশৈলীৰ ব্যাপক অনিয়মৰ বাবে সমগ্ৰ বিশ্বতে দিনক দিনে বৃদ্ধি পাইছে ফেটি লিভাৰত আক্ৰান্ত ৰোগীৰ সংখ্যা। যকৃত আমাৰ শৰীৰৰ ভিতৰত থকা অংগবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ অংগ। আমি খোৱা বস্তুবোৰ হজম কৰা, খাদ্যৰ পৰা শক্তি সঞ্চয় কৰা আৰু শৰীৰৰ পৰা পেলনীয়া পদাৰ্থ আঁতৰোৱা আদি গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব যকৃতৰ ওপৰত থাকে।

বিভিন্ন কাৰণত এই যকৃতৰ কোষবোৰত চৰ্বি জমা হয়। অতি কম পৰিমাণৰ চৰ্বি স্বাভাৱিক। কিন্তু সমস্যাটো হয় যেতিয়া চৰ্বিৰ পৰিমাণ বৃদ্ধি পায়। ফেটি লিভাৰ দুই প্ৰকাৰৰ – এলকহলিক ফেটি লিভাৰ ডিজিজ (AFLD), যিটো মূলতঃ মদ্যপানৰ ফলত হয়। আৰু আন জীৱনশৈলীৰ ভুলৰ ফলত হোৱা নন-এলকহলিক ফেটি লিভাৰ ডিজিজ (NAFLD)। সেয়ে, মদ নাখালে ফেটি লিভাৰ নহয় বুলি ভবা ধাৰণাটো ভুল। বহুতে ভাবে যে শকত হ’লেই এই ৰোগে শৰীৰত থিতাপি লয়। কিন্তু এই ধাৰণাটোও ভুল, ক্ষীণসকলো এই ৰোগত আক্ৰান্ত হ’ব পাৰে। দৈনন্দিন বিভিন্ন অভ্যাসৰ বাবে বহু কমবয়সীয়াসকলো এই ৰোগত আক্ৰান্ত হৈ আছে।

লিভাৰ ভালদৰে ৰাখিবলৈ কি কি নিয়ম মানি চলিব লাগে?

১) সপ্তাহত কমেও ১৫০ মিনিট খোজ কাঢ়িব লাগে। অতি লেহেমীয়া নহয়, মজলীয়া বা দ্ৰুত গতিৰে খোজ কাঢ়িব লাগে। অলপ সময় উলিয়াই জগিং বা দৌৰিব পাৰিলে বৰ ভাল।

২) ধূমপান আৰু মদ্যপান বন্ধ কৰক।

৩)চেনি খোৱা কমাই দিয়ক। কোনো ধৰণৰ চেনিযুক্ত পানীয়, শীতল পানীয় পৰিহাৰ কৰক।

৪)উচ্চ তাপমাত্ৰাত ভজা যিকোনো খাদ্যৰ পৰা আঁতৰি থাকক। চিকেন পকোৰা, মাছৰ ভাজি, ফুচকা — বাহিৰৰ যিকোনো ধৰণৰ খাদ্য খোৱাৰ আগতে সাৱধান হওক। ৰন্ধা-বঢ়াত নিমখৰ ব্যৱহাৰ কম কৰিব লাগে। কেঁচা নিমখ নাখাব। প্ৰক্ৰিয়াজাত (পেকেজড)খাদ্যত নিমখৰ পৰিমাণ বেছি থাকে। সেয়ে, সেই খাদ্যবোৰ পৰিহাৰ কৰক।

৫) বগা ভাত, ময়দাৰ ৰুটি, ব্ৰেড আৰু পৰঠা, নান, নুডলছ, পাস্তা আদি খাদ্যই লিভাৰত চৰ্বিৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। সেয়ে, এইবোৰ খোৱাটো কমাই আনক।

৬) ৰেডমিট, যেনে গাহৰিৰ মাংস বা ছাগলীৰ মাংস খোৱা কমাব লাগে। কুকুৰাৰ মাংস খাব পাৰে।

৭) টোপনিৰ অভাৱত মেদবহুলতাৰ সমস্যা বৃদ্ধি পায়। মেদবহুলতাৰ বাবে শৰীৰত ফেটি লিভাৰে বাহ লয়। সেয়ে, দিনে কমেও ৭ৰ পৰা ৮ ঘণ্টা শুবলৈ চেষ্টা কৰক।

Related News