জ্বৰ উঠিলে বেছি সংখ্যক পিতৃ মাতৃ চিন্তিত হৈ শিশুটোক ডাক্তৰৰ ওচৰলৈ অনতিপলমে লৈ যায় আৰু ঔষধ দি জ্বৰটো কমাই দিবলৈ অনুৰোধ কৰে। কোনো কোনো পিতৃ মাতৃয়ে এটা এন্টিবায়টিক দিবলৈও অনুৰোধ কৰে।
এতিয়া প্ৰশ্ন হ’ল (১) শিশুৰ জ্বৰ উঠিলে কিমান চিন্তনীয় কথা (২) কেতিয়া ডাক্তৰৰ ওচৰলৈ নিব লাগে আৰু (৩) কেনেকুৱা জ্বৰ হ’লে এন্টিবায়টিক প্ৰয়োগ কৰিব লাগে? এই কথা কেইটাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰিলে পিতৃ মাতৃয়ে অযথা চিন্তা কৰাৰ পৰা বিৰত থাকিব পাৰে।
শৰীৰৰ তাপমান কিমান হ’লে জ্বৰ বুলি ধৰা হয়?
শিশুৰ শৰীৰৰ স্ৱাভাবিক উত্তাপ ৯৭.৭ পৰা ৯৯.১ ডিগ্ৰী ফাৰেনহাইত থাকে। ৫ বছৰ বয়সৰ তলৰ শিশুবোৰ বেছি সক্ৰিয় কাৰণে তেওঁলোকৰ স্ৱাভাৱিক শৰীৰৰ উত্তাপ দিনৰ শেষৰ ফালে ১০০ ডিগ্ৰী ফাৰেনহাইত পৰ্যন্ত হ’ব পাৰে। গতিকে ৫ বছৰ বয়সৰ তলৰ শিশুৰ শৰীৰৰ উত্তাপ ১০০ ডিগ্ৰী বা বেছি আৰু ৫ বছৰ ওপৰৰ শিশুৰ ৯৯ ডিগ্ৰী বা বেছি হ’লে জ্বৰ হোৱা বুলি ধৰা হয়।
জ্বৰ কমোৱা ঔষধ কিমান জ্বৰ হ’লে খুৱাব লাগে?
উল্লেখযোগ্য যে যিকোনো বীজাণু শৰীৰত প্ৰবেশ কৰিলে শৰীৰৰ প্ৰতিৰক্ষা ব্যবস্থাই বীজাণু ধ্বংস কৰিবলৈ চেষ্টা কৰে। এই কাৰ্যৰ সময়ত শৰীৰৰ উত্তাপ অলপ বাঢ়ি যায়। এই বৰ্দ্ধিত উত্তাপে প্ৰতিৰক্ষা ব্যৱস্থাক কাৰ্যক্ষম হৈ থাকিবলৈ সহায় কৰে। মনকৰিবলগীয়া কথাটো হ’ল যে এনে সময়ত জ্বৰ কমোৱা ঔষধ প্ৰয়োগ কৰি শৰীৰৰ উত্তাপ কমাই দিলে অপকাৰ হয়। কাৰণ কম উত্তাপত শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাই ঠিক মতে কাম কৰিব নোৱাৰে আৰু ফলত বীজাণুৰ সংখ্যা বৃদ্ধি হয়। এই বীজাণুৰ বৃদ্ধিৰ ফলত জ্বৰ বেছি দিনলৈ চলি থাকে। গতিকে কাষলতিৰ তলত জোখা জ্বৰ যদি ১০১ ডিগ্ৰী ফাৰেনহাইটৰ ওপৰ হয় আৰু শিশুৱে দিগদাৰি কৰে তেতিয়া ৪ – ৬ ঘন্টাৰ মুৰে মুৰে জ্বৰ কমোৱা ঔষধ খুৱাই জ্বৰ কমাবলৈ চেষ্টা কৰিব লাগে। এই ঔষধ শিশুৰ ওজনৰ ভিত্তিত হিচাব কৰি দিব লাগে। ঠিক পৰিমানত নিদিলে ঔষধে কাম নকৰিব।
জ্বৰ চলি থকাৰ সময়ত শিশুৰ আহাৰ
জ্বৰ উঠিলে শিশুৱে গোটা খাদ্য খাবলৈ ইচ্ছা নকৰে। কিন্তু পনীয়া আহাৰ খাই থাকে। এনে হ’লে জোৰকৈ গোটা আহাৰ খুৱাব নেলাগে। উল্লেখযোগ্য যে গোটা আহাৰ খাবলৈ ইচ্ছা নকৰাটো শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ এটা অঙ্গ বুলি বিজ্ঞানী সকলে মত পোষণ কৰিছে। কাৰণ আহাৰ নেখালে বীজাণুৱে আহাৰ নাপায়। ফলত শৰীৰত বীজাণুৰ সংখ্যা বৃদ্ধি নহয় আৰু বীজাণু জীয়াই নাথাকে। কিন্তু কম পৰিমানত ঘনাই পনীয়া খাদ্য খুৱাই থকাটো উপকাৰী। কাৰণ উত্তাপ বাঢ়িলে শৰীৰত পানী কমি যায়। শৰীৰত পানী কমিলে জ্বৰ বাঢ়ে। পৰ্যাপ্ত পনীয়া খাদ্যই জ্বৰ কমাত সহায় কৰে।
কেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব?
কাষলতিৰ তলত জোখা তাপ মাত্ৰা অনুসৰি জ্বৰ তিনি প্ৰকাৰত ভাগ কৰা হয়। সামান্য জ্বৰ (১০১ ডিগ্ৰী ফাৰেনহাইটলৈ) বেছি জ্বৰ (১০১ ৰ পৰা ১০৪ ডিগ্ৰী লৈ) আৰু অতি বেছি (১০৪ ডিগ্ৰীৰ ওপৰত)।
চিকিৎসকৰ ওচৰলৈ কেতিয়া নিব লাগে? যেতিয়া
১) এটা ৩ মাহ বয়সৰ তলৰ শিশুৰ অতিমাত্ৰা জ্বৰ হয়।
২) জৰীয়া শিশুৱে গোটা আৰু পনীয়া খাদ্য দুয়োটা নোখোৱা হয় ।
৩) যদি একেলেথাৰিয়ে ১০২ ডিগ্ৰী বেছি জ্বৰ ৩ দিনৰ বেচি একেলেঠাৰিয়ে চলি থাকে ।
৪) জ্বৰৰ লগতে উশাহ ল’বলৈ কষ্ট হয়, ফিট হয়, শৰীৰ নীলা পৰে, বা চেতনা পৰিবৰ্তন হয়।
শিশুৰ জ্বৰ হোৱাৰ মুখ্য কাৰণবোৰ
জ্বৰ সাধাৰণতে দুবিধ বীজাণুৰ দ্বাৰা সংক্ৰমণ হ’লে হয় – ভাইৰাছ আৰু বেক্টেৰিয়া। বৰ্তমান কালত, শিশুৰ ক্ষেত্ৰত ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ জ্বৰ হোৱা বেছিকৈ দেখা যায়। দুয়োবিধ জ্বৰৰ লক্ষণবোৰ ভিন্ন আৰু চিকিৎসাও ভিন্ন। লক্ষণবোৰৰ সম্যক জ্ঞান থাকিলে পিতৃ মাতৃয়ে নিজে পাৰ্থক্য কৰিব পাৰে। এইটো দৰকাৰ কাৰণ বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হ’লে চিকিৎসাৰ কাৰণে এন্টিবায়টিকৰ প্ৰয়োজন। এণ্টিবায়টিক বিনা জ্বৰ নকমে। আনহাতে, ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে এন্টিবায়টিকৰ প্ৰয়োজন নাই। জ্বৰ কমোৱা ঔষধ আৰু ঘৰুৱা চিকিৎসাত এই জ্বৰ সাধাৰণতে ৭ দিনৰ ভিতৰত উপশম হয়।
ভাইৰাছৰ সংক্ৰমণ হ’লে জ্বৰৰ মাত্ৰা সামান্যৰ পৰা অতি বেছি হ’ব পাৰে। উল্লেখযোগ্য যে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে শিশু সাধাৰণতে সুস্থ থাকে। অৱশ্যে জ্বৰ বেছি উঠাৰ সময়ত অলপ অসুস্থ যেন দেখা যায়। নিজে নিজে বা জ্বৰ কমোৱা ঔষধ দিয়াৰ পিছত জ্বৰ কমিলে পুনৰ সুস্থ হৈ পৰে। জ্বৰ নথকাৰ সময়ত খোৱা, খেলা আদি স্বাভাৱিকভাবে কৰে। জ্বৰৰ লগত নাকৰ পানী ওলোৱা, চকু ৰঙা পৰা আৰু পানী ওলোৱা, নাক বন্ধ হোৱা আৰু সামান্য কাহেৰে আৰম্ভ হৈ কেতিয়াবা অতি বেছি কাহ হোৱা, বমি আৰু পনীয়া শৌচ হোৱা আদি দেখা যায়।
আনহাতে, বেক্টেৰিয়াৰ সংক্ৰমণ হ’লে শিশু প্ৰথমৰ পৰা অসুস্থ হয়। গোটা আৰু পনীয়া দুয়ো বিধ আহাৰ খোৱা, খেলা আদি কমি যায় বা একেবাৰে ইচ্ছা নকৰা হয়।ভাইৰেল জ্বৰৰ দৰে আনুসাঙ্গিক লক্ষণবোৰ নাথাকে। শৰীৰৰ উত্তাপ অতি বেছি হ’ব পাৰে কিন্তু কেতিয়াবা স্বাভাৱিক উত্তাপতকৈ কমো হ’ব পাৰে। অকল জ্বৰ কমোৱা ঔষধ দিলে সাধাৰণতে জ্বৰ নকমে। উপযুক্ত ভাবে এন্টিবায়টিক প্ৰয়োগ কৰিলে সাধাৰণতে ৪৮ ঘন্টাৰ পিছতহে জ্বৰ কমিবলৈ আৰম্ভ কৰে। জ্বৰৰ লগত যদি কাণৰ বিষ, ডিঙিৰ বিষ, উশাহ লোৱা কষ্ট হয় বা খৰকৈ উশাহ লয় এনে পৰিস্থিতি হ’লে অতি সোনকালে শিশুক ওচৰৰ ডাক্টৰখানা বা ডাক্টৰৰ ওচৰলৈ নিব লাগিব। কাৰণ এনে শিশুৰ ক্ৰমে কাণত পুজ, টনচিল পকা, বা নিমুনীয়া হ’ব পাৰে। এই আটাইকেইটা ৰোগত শীঘ্ৰে এণ্টবায়টিকৰ দৰকাৰ।
পিতৃ মাতৃয়ে এই কথাখিনি হৃদয়ঙ্গম কৰি ল’লে শিশুৰ জ্বৰৰ ক্ষেত্ৰত ভয় আৰু কিছুমান অযথা চিন্তা নোহোৱা হ’ব। আৰু তেতিয়া এন্টিবায়টিক দিবলৈ ডাক্টৰক জোৰ কৰা বন্ধ হ’ব। বা ডাক্তৰে নিজৰ পৰা দিলে প্ৰশ্ন কৰিব পাৰিব।
শিশুৰ জ্বৰ : যুক্তিসঙ্গত চিকিৎসা
শিশুৰ জ্বৰৰ যুক্তিসঙ্গত চিকিৎসাৰ প্ৰয়োজন। ইয়াৰ মূল কাৰণ হ’ল যে শৈশব কালত শৰীৰৰ সকলো অঙ্গ পৰিপক্ক নহয় আৰু বিকাশ হৈ থাকে। সকলো ঔষধৰ গুণৰ লগতে কিছুমান পাৰ্শ্বক্ৰিয়া থাকে যি অপৰিপক্ক অঙ্গ সমুহত প্ৰতিক্ৰিয়া কৰিব পাৰে। অদৰকাৰত ঔষধ খুৱালে ঔষধ তেজৰ মাধ্যমেৰে সকলো অঙ্গলৈ যাব আৰু যিহেতু ঔষধৰ কৰিবলৈ কোনো কাম নাথাকে ইয়াৰ পাৰ্শ্ৱক্ৰিয়া সকলো অঙ্গতে হ’ব পাৰে। ই এটা ভয়ানক স্থিতি। বাৰে বাৰে অদৰকাৰত ঔষধ খুৱালে শৰীৰৰ অঙ্গ সমুহৰ ক্ষতি হ’ব পাৰে। তাৰোপৰি বিশেষকৈ অদৰকাৰত যধে মধে এন্টিবায়টিক প্ৰয়োগ কৰিলে সেই একেটা এন্টিবায়টিকে দৰকাৰৰ সময়ত কাম নকৰা হ’ব। গতিকে শিশুক যিকোনো ঔষধ খুৱাওতে সদায় সাৱধান হ’ব লাগে।
জ্বৰৰ ঘৰুৱা চিকিৎসা
জ্বৰ এটা ৰোগ নহয়, ই এটা ৰোগৰ লক্ষণহে। জ্বৰৰ চিকিৎসাৰ অগ্ৰাধিকাৰ হৈছে কাৰণ বিশ্লেষণ কৰি জ্বৰৰ কাৰণৰ চিকিৎসা কৰা। শৰীৰৰ উত্তাপ কমোৱাৰ মূল লক্ষ্য হৈছে শিশুক আৰাম দিয়া। ইয়াৰ কাৰণে কেতিয়াবা জ্বৰ কমোৱা ঔষধ ব্যৱহাৰ কৰিব লগা হয়। কিন্তু সকলো জ্বৰ কমোৱা ঔষধৰো পাৰ্শ্বক্ৰিয়া আছে। এই জ্বৰ কমোৱা ঔষধে জ্বৰৰ আচল কাৰণৰ চিকিৎসা কৰিব নোৱাৰে। সেয়েহে পৰাপক্ষত ঔষধৰ পৰিবৰ্তে জ্বৰ ঘৰুৱা চিকিৎসাৰে কমাব পাৰিলে ভাল।
ঘৰুৱা চিকিৎসা এনেধৰণৰ
১) জৰীয়া শিশুক ঘৰৰ আটাইতকৈ শীতল কোঠাত অথবা শীত তাপ নিয়ন্ত্ৰিত কোঠাত ৰাখিব লাগে।
২) সাজ কাপোৰ কমকৈ পিন্ধাব লাগে আৰু শৰীৰ বেছি কাপোৰেৰে মেৰিয়াব নেলাগে। কেতিয়াবা জ্বৰ উঠাৰ আগেয়ে শিশুৰ শৰীৰ কঁপে বা ঠাণ্ডা লাগে। এনে হ’লে ঠাণ্ডা লাগিছে বুলি কাপোৰ মেৰিয়ালে এই লক্ষণবোৰ নকমে। বৰঞ্চ জ্বৰ বাঢ়ি যায়।
৩) যিমান বিচাৰে পানী পিবলৈ দিব লাগে। জ্বৰ হ’লে শৰীৰত পানী কমি যায় আৰু ফলত জ্বৰ বাঢ়ি যায়। পৰ্যাপ্ত পানী পিলে জ্বৰ কমাত সহায়ক হয়।
৪) কম কমকৈ ঘনাই শিশুৱে যিমান বিচাৰে গোটা আহাৰ খুৱাব পাৰিলে ভাল। গোটা আহাৰ খালে শৰীৰে শক্তি পায় আৰু সোনকালে সুস্থ হোৱাত সহায়ক হয়। জ্বৰ উঠিলে শিশুৱে গোটা আহাৰ খাবলৈ ইচ্ছা নকৰে। গতিকে সদায় সুস্বাদু আহাৰ দিব লাগে। কিন্তু জোৰ কৰি খুৱাব নেলাগে। জ্বৰ ভাল পালে শিশুৱে নিজে খাবলৈ আৰম্ভ কৰে নোখোৱা সময় খিনিৰ আহাৰ পুৰাই লয়। কিন্তু খাবলৈ ইচ্ছা নকৰা সময়ত যদি জোৰ কৰা হয় তেতিয়া জ্বৰ ভাল হোৱাৰ পিছতো বেছি দিন খাবলৈ মন নকৰে আৰু ফলত ওজন কমি যায়।
এন্টিবায়টিক কেতিয়া প্ৰয়োগ কৰিব লাগে?
সকলো এন্টিবায়টিক ঔষধৰ পাৰ্শ্ৱক্ৰিয়া থাকে। সয়েহে যেতিয়া বিশ্লেষণৰ পিছত চিকিৎসাৰ কাৰণে দৰকাৰ বুলি ভবা হয় তেতিয়াহে প্ৰয়োগ কৰিব লাগে। উল্লেখযোগ্য যে বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমণ হোৱা বুলি ঠিৰাং হোৱাৰ পিছতহে এন্টিবায়টিক প্ৰয়োগ কৰাটো ভাল। কেতিয়া এন্টিবায়টিকৰ দৰকাৰ তাৰ বিধি আছে। ইয়াৰোপৰি এন্টিবায়টিকৰ পৰিমান শিশুৰ ওজন অনুসাৰে হিচাব কৰি দিনত কেইবাৰ খুৱাব লাগে সেইমতে নুখুৱালে কাম নকৰিব । ফলত শিশুৰ হিতে বিপৰত হোৱাৰহে আশঙ্কা বেছি হ’ব।