• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Cholesterol: কলেষ্টেৰল বুলি ক’লেই বৰ চিন্তা হয় নহয় জানো? আহকচোন কলেষ্টেৰল কিয় হয় আৰু তাৰ চিকিৎসাৰ বিষয়ে জানো

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
August 4, 2022 5:14 pm
128
VIEWS
Share on FacebookShare on Twitter

আমাৰ শৰীৰৰ প্ৰত্যেক কোষতে এবিধ মম সদৃশ চৰ্বি জাতীয় দ্ৰব্য থাকে, যাক কলেষ্টেৰল (cholesterol) বুলি কোৱা হয়। প্ৰত্যেকটো কোষৰে বাহিৰৰ আৱৰণ (চেল মেমব্ৰেন) গঠনত কলেষ্টেৰলৰ প্ৰয়োজন।

কলেষ্টেৰলৰ পৰা দেহত বিভিন্ন হৰম’ন আৰু ভিটামিন-ডি প্ৰস্তুত হয়। দেহত যকৃতে ৭৫ শতাংশ কলেষ্টেৰল প্ৰস্তুত কৰে। বাকী ২৫ শতাংশ খাদ্যৰ পৰা আহে।

এইচ ডি এল আৰু এল ডি এলঃ আমাৰ ৰক্তত থকা কলেষ্টেৰলসমূহ লাইপ’প্ৰ’টিন নামৰ এবিধ প্ৰ’টিন দ্ৰব্যই কঢ়িয়াই নিয়ে। তাৰ ভিতৰত হাই ডেনচিটি লাইপ’প্ৰ’টিন (এইচ ডি এল)-য়ে হৃদৰোগ প্ৰতিৰোধ কৰে।

সেইবাবে ইয়াক ‘গুড’ কলেষ্টেৰল বোলে। আনহাতে ল’ ডেনচিটি লাইপ’প্ৰ’টিন ধমনীত জমা হৈ হাৰ্ট এটেক, ষ্ট্ৰ’ক আদিৰ সৃষ্টি কৰে। সেইবাবে ইয়াক ‘বেড’ কলেষ্টেৰল বোলে।

বৰ্ধিত কলেষ্টেৰলৰ সৈতে জড়িত আন ৰোগসমূহ জানেনে?

১) মগজুলৈ তেজ যোৱা ধমনীত বন্ধ হৈ ষ্ট্ৰ’ক হ’ব পাৰে।

২) ৰক্তত বৰ্ধিত কলেষ্টেৰলৰ বাবে হৃদৰোগ হোৱাৰ আশংকা আটাইতকৈ বেছি।

৩) হৃদযন্ত্ৰ আৰু মগজুলৈ তেজ প্ৰৱাহ হোৱা ধমনীৰ বাহিৰেও শৰীৰৰ আন অংগলৈ যোৱা ধমনীত কলেষ্টেৰল জমা হৈ তেজ চলাচলত ব্যাঘাত জন্মায়। এনে স্থিতি সাধাৰণতে ভৰিত বেছিকৈ হয়।

৪) ডায়েবেটিছত এল ডি এল (বেড কলেষ্টেৰল)-ৰ মাত্ৰা বৃদ্ধি পায়। ফলত হৃদৰোগৰ আশংকা বৃদ্ধি পায়।

৫) বৰ্ধিত কলেষ্টেৰলে দেহত ৰক্তচাপ বৃদ্ধি কৰে।

কলেষ্টেৰেলৰ মাত্ৰা কেনেকৈ হ্ৰাস কৰিব? তাৰ উপায় কিছু জানো আহক

ক) খাদ্য-

১) কলেষ্টেৰল হ্ৰাস কৰাৰ ক্ষেত্ৰত খাদ্যই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অধিক ফাইবাৰ বা আঁহজাতীয় খাদ্য গ্ৰহণ কৰক।

এনে খাদ্যৰ ভিতৰত আটাইতকৈ উৎকৃষ্ট হৈছে অ’ট্ছ। পুৱা জলপানত অ’ট্ছ ব্যৱহাৰ কৰক। আন অধিক ফাইবাৰ থকা খাদ্যসমূহ হৈছে বাৰ্লি, ডালিয়া, ৰাজমাহ, মটৰমাহ, বিভন্ন দাইল, আপেল, নাচপতি, আটা, ব্ৰাউন ৰাইচ ইত্যাদি।

২) চৰ্বি জাতীয় খাদ্য যেনে- মাংস, গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী খাদ্য, তেলত ভজা খাদ্য, মাখন, চীজ আদি নাখাব।

৩) সপ্তাহত কমেও দুবাৰকৈ মাছ খাওক। ওমেগা থ্ৰীৰে ভৰপূৰ মাছ যেনে- টুনা, চাৰদিনছ, মেকেৰেল আদি বিশেষ উপযোগী।

৪) দৈনিক খাদ্যত শাক-পাচলি আৰু ফল-মূলৰ মাত্ৰা বঢ়াই দিয়ক।

৫) পাৰিলে অলিভ অইল ব্যৱহাৰ কৰক।

৬) চীনা বাদাম, আখৰোট, পিষ্টা আদি বাদাম খুব পৰিমাণে খাওক।

৭) চয়াবিন আৰু চয়াবিনেৰে তৈয়াৰী খাদ্য যেনে- টফু ব্যৱহাৰ কৰক।

৮) ওমেগা থ্ৰীৰ কেপচুল দৈনিক সেৱন কৰক।

খ) শাৰীৰিক শ্ৰম:-

দৈনিক ৩০-ৰ পৰা ৪০ মিনিট শাৰীৰিক শ্ৰম বা ব্যায়াম কৰিলে এল ডি এল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে আৰু এইচ ডি এল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে, যি হৃদৰোগ প্ৰতিৰোধ কৰে। খৰকৈ খোজ কাঢ়ক।

গ) দেহৰ ওজন:- দেহৰ ওজন যদি স্বাভাৱিকতকৈ বেছি আছে তেন্তে হ্ৰাস কৰিবলৈ যত্ন কৰক।

ঘ) ধূমপান বৰ্জন কৰক।

ঙ) ঔষধ:- ওপৰত উল্লেখ কৰা খাদ্য আৰু ব্যায়ামৰ উপৰি চিকিৎসকৰ পৰামৰ্শ মতে কলেষ্টেৰল হ্ৰাস কৰা ঔষধ ব্যৱহাৰ কৰিব পাৰি।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd