বিভিন্নধৰণৰ পৰিস্থিতিৰ বাবে আজি শিশুৰ আচৰণৰ বিভিন্ন পৰিৱৰ্তন ঘটিছে। বহু সময়ত ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ মুখৰ ওপৰতে কথা কয়, কঠোৰ ভাষাত উত্তৰ দিয়ে, বা যুক্তিৰে তৰ্কত লিপ্ত হয়। শিশুৱে নিজৰ চিন্তা আৰু অনুভৱ প্ৰকাশ কৰিব লাগে, কিন্তু অনিয়ন্ত্ৰিত আৰু অবাধ্য আচৰণ শিশুৰ ভৱিষ্যতৰ বাবে বিপদজনক হ’ব পাৰে।
শিশুৰ সঠিক মানসিক বিকাশৰ বাবে যিমানেই মৰমৰ প্ৰয়োজন হয়, সিমানেই প্ৰয়োজন সীমাবদ্ধতা আৰু অনুশাসন। গতিকে এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে শিশুটিৰ মংগলৰ বাবে কিছু দৃঢ় পদক্ষেপ লোৱা উচিত।
শিশুটিয়ে সকলোৰে লগত ৰুঢ়ভাৱে কথা কৈছে, মৰমেৰে বা দাবী-ধমকেৰে চম্ভালিব পৰা নাই, শিশুটিয়ে বুজিব নিবিচাৰে। ভৱিষ্যতে ক্ষতিৰ ভয়ক লৈ চিন্তিত অভিভাৱকসকল। আচৰণ সলনি কৰিবলৈ অভিভাৱকসকলৰ বাবে কিছুমান পৰামৰ্শ আগবঢ়োৱা হ’ল।
তেন্তে পৰিস্থিতি চম্ভালিবলৈ কি কৰিব পাৰি?
১) মাথা ঠাণ্ডা ৰাখক
যদি কোনো শিশু কাজিয়াত লিপ্ত হয়, তেন্তে খঙত শাস্তি দিয়াৰ আগতে ঠাণ্ডা মাথাৰে চিন্তা কৰক। দাবী-ধমক বা মাৰধৰ কৰিলে তেওঁৰ আত্মবিশ্বাস ভাঙিব পাৰে, আৰু তেওঁ অধিক বিদ্ৰোহী হ’ব পাৰে।
বৰঞ্চ শান্তভাৱে কথা পাতক, তেওঁৰ চকুলৈ চাই তেওঁক বুজাওক যে এনেকৈ কথা ক’লে আপুনি কষ্ট পায়, শান্তভাৱে কথা ক’লে সকলোৱে তেওঁৰ কথা শুনিব।
২) নিয়ম আৰু সীমা নিৰ্ধাৰণ কৰা
শিশুৱে যেতিয়া নাজানে যে কি আচৰণ গ্ৰহণযোগ্য, তেতিয়া তেওঁলোকে নিজৰ ধৰণে আচৰণ কৰে। গতিকে ঘৰতে স্পষ্ট নিয়ম ৰাখক – প্ৰাপ্তবয়স্কৰ লগত কেনেকৈ কথা পাতিব, কি আচৰণ গ্ৰহণযোগ্য নহয় ইত্যাদি এই নিয়মবোৰ গোটেই পৰিয়ালটোৰ উপস্থিতিত বুজাই দিয়ক, যাতে বিষয়টো সকলোৰে বাবে গুৰুত্বপূৰ্ণ হয়।
৩) সিহঁতৰ কথাবোৰ ভালদৰে শুনক
বহু সময়ত ল’ৰা-ছোৱালীক গুৰুত্ব নিদিলে বিদ্ৰোহী হৈ পৰে। আপোনাৰ সন্তানে কিয় ডাঙৰকৈ কথা পাতিছে, তাৰ আঁৰত কিবা চাপ বা কষ্ট আছে নেকি, সেইটো বুজিবলৈ চেষ্টা কৰক।
সুধিব, শিশুটিৰ কি সমস্যা, কিয় এনে আচৰণ কৰিছে। আপোনাৰ লগত মুকলিকৈ কথা পাতিলে ভাল সম্পৰ্ক গঢ় লৈ উঠিব। তেওঁ নিজকে নিৰাপদ অনুভৱ কৰিব আৰু ক্ৰমান্বয়ে খং নকৰাকৈ কথা কোৱাৰ অভ্যাস গঢ়ি তুলিব।
৪)ভাল আচৰণৰ বাবে প্ৰশংসা কৰক
যেতিয়া শিশুৱে সঠিকভাৱে কথা কয় বা ধৈৰ্য্য ধৰে, তেতিয়া কেৱল প্ৰশংসা কৰাই নহয়, প্ৰয়োজন হ’লে সৰু উপহাৰ এটাও দিব। ইয়াৰ দ্বাৰা তেওঁ ভাল আচৰণ কৰিবলৈ উৎসাহিত হ’ব। কৃতজ্ঞতা প্ৰকাশ কৰিলে শিশুটি মানসিকভাৱে শান্ত আৰু ভাল হ’ব আৰু তেওঁ বিষয়টোক অধিক গুৰুত্বসহকাৰে ল’ব।
৫) অনুশাসন
এবাৰ বুজাই দিলে যদি কাম নহয়, তেন্তে ধৈৰ্য্যৰে বাৰে বাৰে বুজাব লাগিব। আচৰণ সলনি হ’বলৈ সময় দিয়ক।
যদি তেতিয়াও আচৰণৰ উন্নতি নহয়, তেন্তে শিশু পৰামৰ্শদাতা বা মনোবিজ্ঞানীৰ পৰা সহায় লওক। কাৰণ হতাশা, উদ্বেগ, আত্মসন্মানৰ সংকট বা পৰিয়ালৰ হেঁচাত সমস্যা হ’ব পাৰে।