Migraines: মাইগ্ৰেইনৰ সমস্যাত ভূগিছে নেকি? আহকচোন তাৰ বিষয়ে জানি লওঁ কেইটামান গুৰুত্বপূৰ্ণ কথা

Remedies to relieve migraines পৰিৱৰ্তিত জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে আমাৰ স্বাস্থ্য দিনকদিনে অৱনতি ঘটিবলৈ ধৰিছে। এনে অৱস্থাত বহু ৰোগে সকলোকে অশান্তি কৰিবলৈ আৰম্ভ কৰিছে।

তাৰেই ভিতৰত এনে এটা ৰোগ হ’ল-মাইগ্ৰেইন। মাইগ্ৰেইনত ভুগি থকা ব্যক্তিজনৰ ভয়ংকৰ তীব্ৰ মূৰৰ বিষ হয়। চিকিৎসকৰ মতে মাইগ্ৰেইনৰ এটা ট্ৰিগাৰ থাকে, যিটো আপোনাৰ বাবে চিনি পোৱাটো গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে সাৱধানতা অৱলম্বন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ।

অৰ্থাৎ মাইগ্ৰেইন ৰোগীয়ে প্ৰথমে এই কথা জানিবলৈ চেষ্টা কৰা উচিত যে  কিহৰ বাবে তেওঁৰ মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি পায়। প্ৰতিজন ব্যক্তিৰ ট্ৰিগাৰ পইণ্ট বেলেগ বেলেগ। এনে অৱস্থাত প্ৰথমে আপুনি জানি লোৱা উচিত কিহৰ কাৰণে মাইগ্ৰেইন হয়।

ইয়াৰ বহু কেইটা কাৰণ থাকিব পাৰে। তাৰেই ভিতৰত কেইটামান হৈছে:-

১) এচিড বা গেছ থকা:-কিছুমান মানুহৰ এচিড গঠন হোৱাৰ বাবে মাইগ্ৰেইনৰো সমস্যা হয়। এনে লোকে মূৰৰ বিষৰ সময়ত নিশ্চিতভাৱে বমি কৰে, যাৰ ফলত এচিড নিৰ্গত হয় আৰু বিষৰ পৰা উপশম পায়।

একে সময়তে কিছুমান লোকৰ পেটত হোৱা গেছৰ ফলত মূৰৰ বিষ হ’বলৈ ধৰে। মূৰত গেছ বাঢ়ি যোৱাৰ লগে লেগ বিষো বাঢ়ি যায়। এনে লোকে খালী পেটত থাকিব নালাগে নহ’লে মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি হ’ব পাৰে।

২) উদ্বেগ আৰু মানসিক চাপ:- সকলো ৰোগৰে মূলতে হৈছে উদ্বেগ আৰু মানসিক চাপ। ইয়াৰ বাবে মাইগ্ৰেইনৰ বিষো বৃদ্ধি পায়।

মানসিক চাপ বা অফিচৰ অত্যধিক কামৰ টেনচনৰ বাবে কিছুমান লোকৰ মূৰৰ বিষ হয়। ই মাইগ্ৰেইনৰো কাৰণ হ’ব পাৰে।

৩) নিদ্ৰাহীনতা:- কিছু লোকৰ টোপনি নোযোৱাৰ সমস্যা হয়। এনে অৱস্থাত দীৰ্ঘ সময় টোপনিৰ অভাৱত মূৰৰ বিষৰ সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে।

টোপনিৰ অভাৱত ক্লান্তি আৰু দুৰ্বলতা দেখা দিয়ে। খাদ্য সঠিকভাৱে হজম নহয় আৰু শৰীৰত বহু ধৰণৰ সমস্যা হ’বলৈ ধৰে। এনে অৱস্থাত মাইগ্ৰেইনৰ সমস্যাও বাঢ়ি যায়।

৪) ৰুটিনত হোৱা বিঘিনি:- মাইগ্ৰেইনৰ এটা প্ৰধান কাৰণ হ’ল ৰুটিনত হোৱা বিঘিনি। কিছুমান মানুহৰ জীৱনশৈলী সলনি কৰাৰ পাছত মূৰৰ বিষৰ সমস্যা হ’বলৈ ধৰে।

খাদ্যাভ্যাসত বিঘিনি, টোপনিৰ অভাৱ, উদ্বেগ আৰু মানসিক চাপ বৃদ্ধি বা আনকি ভ্ৰমণৰ বাবেও এনে লোকৰ মূৰৰ বিষ অৰ্থাৎ মাইগ্ৰেইন হয়।

৫) প্ৰবল সূৰ্য্যৰ পোহৰ আৰু গৰম:- গ্ৰীষ্মকালত মাইগ্ৰেইনৰ সমস্যা বহু পৰিমাণে বৃদ্ধি পায়। প্ৰচণ্ড সূৰ্য্যৰ পোহৰত বাহিৰলৈ ওলাই যোৱাৰ পাছতে মূৰৰ বিষ আৰম্ভ হয়।

হঠাতে এ চিৰ পৰা গৰমলৈ গৈ তাপমাত্ৰা সলনি হয় আৰু মাইগ্ৰেইন আৰম্ভ হয়। ইয়াৰ বাহিৰেও অত্যধিক গৰমৰ বাবে মূৰৰ বিষৰ সমস্যা বাঢ়ি যায়।

কাৰক যিয়েই নহ’লেও মাইগ্ৰেইন নে আন কাৰণত মূৰৰ বিষ হৈছে তাক থিৰাং কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী মস্তিষ্কৰ চি টি স্কেন অথবা এম আৰ আই কৰিব লাগে। মাইগ্ৰেইনৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই।

মাত্ৰ মাইগ্ৰেইনৰ উপসৰ্গবিলাক কমাবলৈ চিকিৎসকে কিছুমান দৰব দিয়ে। মূৰৰ বিষ কমাবলৈ বিষনাশক দৰব, বমি কমাবলৈ আৰু টোপনি আহিবলৈ দৰব আদি দিয়া হয়। মাইগ্ৰেইন আৰম্ভ হোৱাৰ লগে লগে ৰোগীয়ে প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

আন্ধাৰ ঘৰত পৰ্যাপ্ত জিৰণি ল’ব লাগে। মূৰত ঠাণ্ডা কাপোৰ দিব লাগে। হুলস্থূলীয়া পৰিৱেশৰ পৰা আঁতৰি আহিব লাগে। যি কাৰক আৰু পৰিৱেশৰ সন্মুখীন হ’লে ব্যক্তি এজনে মাইগ্ৰেইনত ভোগে, ব্যক্তিজনে সেই কাৰক আৰু পৰিৱেশবোৰৰ পৰা আঁতৰি থাকিব লাগে।

মাইগ্ৰেইন অনুভূত হোৱাৰ আগে আগে যিবোৰ পৰিৱেশ আৰু কাৰকৰ সন্মুখীন হৈছিল সেই পৰিৱেশ আৰু কাৰকবোৰৰ কথা লিখি থৈ দি পিছলৈ তেনে পৰিৱেশ আৰু কাৰকবোৰৰ পৰা আঁতৰি থাকিব লাগে।

মাইগ্ৰেইন প্ৰতিৰোধ কৰিবলৈ ব্যক্তি এজনে ব্ৰেথিং এক্সাৰচাইজ, ধ্যান আৰু যোগ কৰিব পাৰে। পুষ্টিকৰ আহাৰ খাব লাগে। মাজে-সময়ে পৰিৱেশ সলনি কৰিব লাগে।