• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

How is cancer formed? কেন্সাৰ(কৰ্কট) ৰোগ বুলি ক’লেই আমাৰ জানিবলৈ মন যায় নহয় নে যে কেন্সাৰ ৰোগ হ’লে কি কি হয়! আহকচোন পঢ়োঁ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
July 28, 2022 7:58 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

450
VIEWS
Share on FacebookShare on Twitter

কৰ্কট ৰোগ বা কেঞ্চাৰ (ইংৰাজী: Cancer) ৰোগৰ এটা শ্ৰেণী, চিকিৎসা বিজ্ঞানৰ মতে যাৰ নাম মেলিগনেণ্ট নিঅ’প্লাজম (Malignant neoplasm)। এই শ্ৰেণীৰ ৰোগৰ মূল পৰিঘটনা হৈছে কোষৰ সংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি। এই ৰোগত মৃত্যুৰ হাৰ বহু বেছি।

কাৰণ প্ৰাথমিক অৱস্থাত কৰ্কট ৰোগ সহজে ধৰা নপৰে। প্ৰাথমিক অৱস্থাত ৰোগীক চিকিৎসা কৰিলে ৰোগ নিৰাময় হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। বাস্তবিক অৰ্থত এতিয়াও কৰ্কট ৰোগৰ সম্পূৰ্ণ কাৰ্যকৰী চিকিৎসা সম্ভৱ হৈ উঠা নাই। এই ৰোগৰ দুশতকৈয়ো অধিক প্ৰকাৰ আছে। প্ৰতিবিধৰে চিকিৎসা পদ্ধতি সুকীয়া সুকীয়া।

কেন্সাৰ হোৱাৰ আগতে আমাৰ শৰীৰে ইয়াৰ সংকেত ৰূপে কিছুমান লক্ষণ দেখাব। যদি আপুনিও শৰীৰত এনেকোৱা দেখাপায় তেনেহলে অৱহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব।

আহকচোন আমি জানো আমাৰ শৰীৰেনো কেন্সাৰ হোৱৰ পূৰ্বে কেনেধৰণৰ লক্ষণবোৰেৰে কেন্সাৰৰ সংকেত দিয়ে:-

১)পাকস্থলীৰ সমস্যা –

পাকস্থলীত সামান্য সমস্যা হোৱাতো বৰ বেছি চিন্তনীয় বিষয় নহয়। কাৰণ সকলো ব্যক্তিৰেই কিবা নহয় কিবা সৰু সুৰা সমস্যা থাকেই। কিন্তু অনবৰত পাকস্থলীত সমস্যা হৈ থকাতো Colonia colorectal কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে। ডায়েৰিয়া আৰু ডিচেন্ট্ৰি আদি সমস্যা সমূহে এই লক্ষণ প্ৰকাশ কৰে। ইয়াৰ কাৰনে পেটত গেছ আৰু পিঠিৰ বিষৰ সমস্যা হব পাৰে।

২)ৰক্তস্ৰাৱ হোৱা –

অনবৰতে ৰক্তস্ৰাৱ হোৱাতো কেন্সাৰৰ লক্ষণ হব পাৰে। যদি কেন্সাৰৰ সম্ভাৱনা থাকে তেনেহ’লে অন্ত্ৰত হোৱা ঘাঁৰ পৰা মলাশয়ৰ দ্বাৰা তেজ বাহিৰ হৈ থাকে। বিশেষকৈ কলন কেন্সাৰ সম্ভাৱনা থাকিলে এনেকুৱা সমস্যা হব পাৰে।

ইয়াৰ লগতে শৌচ প্ৰস্ৰাৱ কৰা সময়ত যদি কষ্ট বা মুত্ৰৰ লগত তেজৰ মিশ্ৰণ পোৱা যায় তেনেহলে পষ্ট্ৰেট কেন্সাৰ অথবা ডিম্বগ্ৰন্থী কেন্সাৰৰ লক্ষণ হব পাৰে।

মহিলা সকলৰ মাহেকীয়া ঋতুস্বাৱৰ পাছতো যদি স্ৰাৱ বন্ধ নহয় তেনেহলে এই সমস্যাটো গুৰুত্ব সহকাৰে লব লাগে। কাৰন এইটো কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে। গতিকে শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

৩)ৰাতি অত্যাধিক ঘমা –

যদি ৰাতি শুৱাৰ সময়ত ঘাম অত্যাধিক ওলাই তেনেহ’লে এইয়া কোনো ঔষধৰ সেৱন কৰাৰ বাবে শৰীৰত পৰা প্ৰভাব বা অন্ত্ৰত হোৱা সংক্ৰমনৰ সংকেতো হব পাৰে। যদি এই সমস্যা ধাৰাবাহিকভাৱে কেইবা সপ্তাহলৈ হৈ থাকে আৰু শৰীৰৰ ঘাম ওলোৱা বন্ধ নহয়, তেনেহ’লে আপুনি যিমান সোনকালে পাৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰক।

৪)গাৰ বিষ হোৱা আৰু দূৰ্ব্বল অনুভৱ হোৱা-

বেয়াকৈ খোৱা বা দীঘলীয়া সময় ধৰি অসুবিধাজনক ভাবে বহি থাকিলে পিঠিৰ বিষ হোৱাটো স্বাভাৱিক কিন্ত কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি পিঠিত বিষ হোৱাটো colorectal বা প্ৰষ্টেট কেন্সাৰৰ কাৰন হব পাৰে। ইয়াৰ উপৰিও কঁকালৰ ওচৰৰ মাংস পেশী বোৰতো বিষ হোৱা, কোনো ধৰণৰ শ্ৰম নোহোৱাকৈ খুউব ভাগৰুৱা অনুভৱ কৰা আদিক কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে গন্য কৰা হয়।

৫)ওজন কমি যোৱা –

কোনো ধৰণৰ কাৰণ নোহোৱোকৈ দেহৰ ওজন কমি যোৱাটো কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। ভোক নলগা খাদ্য খাবলৈ ইচ্ছা নকৰা বা যথেষ্ট পৰিমানৰ খাদ্য খাব নোৱাৰাটোও কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে।

একেৰাহে কাঁহ হোৱা আৰু খাদ্য খাওঁতে বিষ অনুভৱ কৰা ঠাণ্ডা আৰু ফ্লুৰ উপৰিও ধূ্ম্ৰপান কৰা লোকৰ কাঁহ আহে, কিন্তু যদি কোনো কাৰণ নোহোৱাকৈ একেৰাহে কাঁহি থাকে তেনেহ’লে ই হাওঁফাওঁ কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। যদি কাঁহৰ সৈতে তেজ ওলাই আহে তেনেহ’লে ডাক্তৰৰ কাষ চাপিব। ডি়ঙিৰ বিষ হ’লে খাদ্য খাবলৈ কষ্ট পালে আপুনি নিশ্চিতভাৱে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰক।

৬) বুকুৰ জ্বলাপোৰা হোৱা আৰু বদহজমি –

বুকুৰ জ্বলা পোৱা হোৱা আৰু বদহজমি এই দুই সমস্যা সাধাৰণতে হৈ থকাটো এক সাধাৰণ সমস্যা। কেতিয়াবা বেছিকৈ খাদ্য খালে, মচলা যুক্ত খাদ্য খালে এনেকুৱা হয়। এইটো এটা সাধাৰণ সমস্যা কিন্ত যদি এই সমস্যা ধাৰাবাহিকভাৱে হৈ থাকে তেনেহ’লে খাদ্য নলিত বা পাকস্থলীত কেন্সাৰ হোৱা সম্ভাৱনা থাকে। গতিকে এনে সমস্যা হ’লে অৱহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

৭)সঘনাই জ্বৰ হোৱা আৰু ইনফেকশ্যন হোৱা –

দীৰ্ঘ সময় ধৰি জ্বৰত ভূগি থকাতোও অথবা ইনফেকশ্যন হৈ থকাতো কেন্সাৰৰ কাৰণ হব পাৰে।

অত্যাধিক ভাগৰ অনুভৱ কৰাঃ-সাংঘাতিকভাৱে একেৰাহে দূৰ্বল হৈ থকা অথবা ভগৰুৱা অনুভৱ কৰাতো বিভিন্ন ধৰণৰ কেন্সাৰৰ কাৰণ হব পাৰে।

৮)উশাহ চুটি হোৱাঃ-

শ্বাস প্ৰশ্বাস ঘনাই লব লগা হ’লে আৰু বকুত ঘেৰঘেৰনী শব্দ হোৱাটোও হাঁওফাঁওৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে।

৯)জণ্ডিছ –

দীৰ্ঘদিন ধৰি লিভাৰ আৰু গল্ডব্লাডাৰৰ সমস্যা হৈ থকা বা জণ্ডিচ হোৱা আৰু চকুৰ মণিৰ বগা অংশ হালধীয়া হৈ যোৱাতো কেন্সাৰৰ লক্ষণ হব পাৰে।

১০)শৰীৰৰ যিকোনো ঠাইত টেমুনা হোৱা- মহিলাৰ স্তন, ডিঙি, পেট, কাষলতি আদিত দীৰ্ঘদিন ধৰি টেমুনা হৈ থকাতোও কেন্সাৰৰ লক্ষণ হ’ব পাৰে।

১১)শৰীৰত হোৱা তিলৰ পৰিৱৰ্তন –

সাধাৰণতে শৰীৰত থকা তিলে কোনো ধৰণৰ সমস্যা সৃষ্টি নকৰে কিন্তু যদি এই তিলৰ পৰিৱৰ্তন আহি পৰে আৰু পাছত বিষ হ’বলৈ ধৰে তেতিয়া বুজিব লাগিব যে ই কেন্সাৰলৈ পৰিৱৰ্বন ঘটিব পাৰে।

১২)নখৰ পৰিৱৰ্তন-

কোনো কাৰণ নোহোৱাকৈ যদি নখৰ পৰিৱৰ্তন হয় তেনেহ’লে বুজিব লাগিব যে আমাৰ দেহত নিশ্চয় কিবা নহয় কিবা পৰিৱৰ্তন ঘতিছে। যদি নখৰ ৰং মুকুতাৰ দৰে হয়, নখৰ মাজত ৰেখাৰ সৃষ্টি হয়, নখৰ ৰং পৰিৱৰ্তন হৈ মটীয়া হয় তেতিয়া অৱহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কাৰণ এই লক্ষণ লিভাৰ, হাঁওফাওঁ আৰু চালৰ কেন্সাৰ ৰোগৰ সংকেত হ’ব পাৰে।

১৩)পেটৰ বিষ –

ককাঁল আৰু তল পেটৰ বিষ হ’লে কেতিয়াও অৱহেলা নকৰিব। কাৰণ এনে লক্ষণ অ’ভাৰি, স্তন, কলন আৰু গুহ্যদ্বাৰৰ কেন্সাৰৰ সংকেত হ’ব পাৰে।

Recent News

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd