গোপনে অসুস্থ হৈ পৰিছে নেকি লিভাৰ? জানি লওক, অজানিতে কৰা কোনবোৰ ভুলে মাতি আনিছে ডাঙৰ বিপদ

প্ৰতিনিধিত্বমূলক ফটো।

ব্যস্ত কামৰ বাবে ৰাতিপুৱা প্ৰয়োজনীয় পৰিমাণৰ পানী খাব পৰা নাই। সেই চাহিদা দিনটো একেবাৰেই পূৰণ নহয়। ইয়াৰ মাজতে পেটটো তেলত ভজা খাদ্য, ৰোল বা চাওমিনেৰে ভৰাই দিয়া হয়। লগতে বন্ধুৰ সৈতে অত্যধিক মদ্যপান আৰু ধূমপান। অনিয়ন্ত্ৰিত জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু ব্যস্ততাৰ বাবে শৰীৰৰ যত্ন নোলোৱাটো এতিয়া জীৱনৰ সংগী হৈ পৰিছে।

এই সকলোবোৰৰ ফলস্বৰূপে যকৃতৰ (লিভাৰ)বাৰটা বজাই দিছে। অজানিতে দিনটোৰ ভিতৰতে কিছুমান ভুল অভ্যাসে আপোনাৰ শৰীৰত এটা ডাঙৰ ৰোগে বাহ সাজি লোৱা নাইতো?

নিয়মীয়াকৈ শাৰীৰিক পৰীক্ষা কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ বাবে ই গোপনে গুৰুতৰ ৰূপ লৈছে। আপোনাৰ লিভাৰটো এই ভুলবোৰৰ বাবে মূলতঃ ক্ষতিগ্ৰস্ত হৈছে। মনত ৰাখিব, ৰুগীয়া যকৃতৰ ফলত শৰীৰত ট্ৰাইগ্লিচাৰাইড উৎপন্ন হয় আৰু তেজৰ কলেষ্টেৰল আৰু ডায়েবেটিছ বৃদ্ধি পায়।

লগতে পঢ়কঃ যৌন সম্ভোগৰ পিছত ভুলতো নকৰিব এইকেইটা কাম

ৰাতিপুৱা উঠি খালী পেটত পৰ্যাপ্ত পৰিমাণৰ পানী নাখালে যকৃতত চাপ পৰে। যকৃতে অপ্ৰয়োজনীয় বিষাক্ত পদাৰ্থ আঁতৰাব নোৱাৰে আৰু শৰীৰ ডিহাইড্ৰেট হয়। গতিকে প্ৰতিদিনে সাতৰ পৰা আঠ গিলাচ পানী খালে যকৃতে প্ৰয়োজনীয় বিষাক্ত পদাৰ্থবোৰ উলিয়াই দি যকৃতক সুস্থ কৰি ৰাখে।

ব্ৰেকফাষ্টত কেফেইন আৰু অত্যধিক মিঠা খাদ্য পৰিহাৰ কৰক। যদিহে এনে খাদ্যৰ দ্বাৰা দিনটো আৰম্ভ কৰে তেন্তে নন এলকোহলিক ফেটি লিভাৰ হোৱাৰ আশংকা থাকে। এইবোৰৰ পৰিৱৰ্তে সতেজ আৰু বতৰৰ শাক-পাচলিৰ চালাড আৰু ফলমূল, হোল গ্ৰেইন ব্ৰেড, গ্ৰীণ টি খাব পাৰে। ইয়াৰ ফলত যকৃতত চৰ্বি জমা নহয় আৰু যদি যকৃত সুস্থ থাকে তেন্তে গোটেই দিনটো সতেজ হৈ থাকিব।

ব্যায়ামৰ কিছু ভুলৰ বাবেও আমাৰ যকৃতৰ ক্ষতি হয়। ৰাতিপুৱা কেতিয়াও জপিওৱা বা গধুৰ ব্যায়াম কৰিব নালাগে। ইয়াৰ ফলত যকৃতত বেয়া প্ৰভাৱ পৰে। কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ বাবে শৰীৰে বৰ্জ্য পদাৰ্থ সঠিক পৰিমাণে বাহিৰ কৰিব নোৱাৰে। দৈনিক নিয়মীয়া পৰিমিত ব্যায়ামে ৰক্ত সঞ্চালন স্বাভাৱিক আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখে।

লগতে পঢ়কঃ উচ্চ ৰক্তচাপ কেতিয়া ভয়ৰ কাৰণ? চিকিৎসকে জনাইছে নতুন “গোল্ডেন ৰুল’’

তদুপৰি বহুতৰে অতিৰিক্ত চোডা, শীতল পানীয় আৰু মদ খোৱাৰ অভ্যাস থাকে। এই অভ্যাসে যকৃতৰ বাবেও মাৰাত্মক বিপদৰ সৃষ্টি কৰে। মদ্যপান আৰু ধূমপান ত্যাগ কৰি যকৃত সুস্থ কৰি ৰাখিবলৈ যত্ন লওক। যকৃতৰ ৰোগৰ কোনো লক্ষণ দেখা দিলে পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লব লাগে।