প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁৰ দৰমহা ক’ত খৰচ কৰে? চাওক

bc4a937b3bf036508d081f6c7ead119f

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে মাহে ১.৬৫লাখ টকা দৰমহা লাভ কৰে। ইয়াৰ উপৰি, তেওঁক অন্যান্য ভাট্টাসমূহো দিয়া হয়।

প্ৰধান মন্ত্ৰীৰ দৰমহা ভাৰতত এগৰাকী কেবিনেট সচিবতকৈ কম।

এগৰাকী কেবিনেট সচিবৰ দৰমহা হৈছে মাহে ২.৫০ লাখ টকা।

প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁৰ দৰমহাৰে কি কৰে তথা সেয়া ক’ত খৰচ কৰে বহুত লোকে সেইটো জানিব বিচাৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে এখন BMW কাৰ ব্যৱহাৰ কৰে। এইখন চৰকাৰে বহন কৰে।

বিদেশ ভ্ৰমণো চৰকাৰী খৰচৰ যোগেদিয়েই হয়। খোৱা-বোৱা তথা পানীয় সকলো চৰকাৰী খৰচ।

এনেকুৱা ক্ষেত্ৰত প্ৰশ্ন হৈছে ১.৬৫ লাখ টকা ক’লৈ যায়। বহু কম সংখ্যক লোকে জানে প্ৰধান মন্ত্ৰী মোদীৰ দৰমহা ক’ত খৰচ হয়।

প্ৰধান মন্ত্ৰী মোদীৰ দৰমহাৰ এক বৃহৎ অংশ বা প্ৰধান মন্ত্ৰীৰ গোটেইখিন দৰমহা সাহায্য পুঁজিলৈ যায়।

হয়, আপুনি ঠিকেই শুনিছে। কোনোৱে তেওঁৰ দৰমহাখিনি সাহায্য পুঁজিলৈ দান দিয়াটো এইটো কাচিৎহে দেখা যায়। কিন্তু প্ৰধান মন্ত্ৰী মোদীয়ে এয়া প্ৰতিমাহে কৰি আহিছে।