বিবাহ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। কেৱল বিবাহৰ কথা ভাবিলেই পুৰুষ-মহিলা উভয়ৰে মনত এক অজ্ঞাত ভয় আৰু উদ্বিগ্নতাৰ সৃষ্টি হয়। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত ই অধিক। অচিনাকি মানুহৰ জীৱনত প্ৰৱেশ কৰাৰ চিন্তাই তেওঁলোকক বিভ্ৰান্ত কৰে। এই সময়ছোৱাত তেওঁলোকৰ বহু শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটে। বিশেষকৈ বিবাহৰ পিছত মহিলাৰ ওজন বাঢ়ে। আচল কাৰণ কি? বিশেষজ্ঞসকলে কি কয় জানো আহক।
বিয়াৰ পিছত শহুৰেকৰ ঘৰলৈ গ’লে মহিলাৰ খাদ্যাভ্যাস সলনি হয়, যাৰ ফলত ওজন বৃদ্ধি পায়।
নাৰীৰ জীৱনশৈলীৰ এটা ডাঙৰ পৰিৱৰ্তন বিবাহৰ লগে লগে খাদ্যাভ্যাসত আহে। নতুন নতুন খাদ্যাভ্যাস গঢ় লৈ উঠে। বিশেষকৈ বিয়াৰ পিছত প্ৰথমৰ পিনে মিঠা, ভজা খাদ্য বেছিকৈ খাব লগা হয়। আত্মীয়-স্বজনৰ ঘৰলৈ যাব লাগে। এই সময়ত আপুনি গম নোপোৱাকৈয়ে অতিমাত্ৰা খাদ্য গ্ৰহণ কৰে। বিশেষজ্ঞসকলৰ মতে, মহিলাৰ ওজন বৃদ্ধিৰ এয়া অন্যতম কাৰণ।
বিবাহৰ পিছত নিয়মীয়া ব্যায়ামৰ অভ্যাস সলনি কৰিলেও মহিলাৰ ওজন বাঢ়ে।
বিয়াৰ আগতে মহিলাসকলে কিছু মুক্তভাৱে ঘূৰাফিৰা কৰে। বাহিৰলৈ ওলাই যায়। ব্যায়াম, খোজ কঢ়া আদি অভ্যাস থাকে। অৱশ্যে বিয়াৰ পিছত বহুতে এইবোৰ শেষ কৰি দিয়ে। শাৰীৰিক পৰিশ্ৰম কমি যায়। এটা ঠাইত বহি কাম কৰাৰ প্ৰৱণতা বাঢ়ি যায়। ইয়াৰ বাবেই নৱবিবাহিত মহিলাসকলৰ ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।
বিবাহৰ পিছত মহিলাৰ শৰীৰৰ হৰম’নৰ পৰিৱৰ্তনৰ বাবে ওজন বৃদ্ধি হ’ব পাৰে।
অচিনাকি মানুহৰ লগত থাকি, তেওঁলোকৰ ৰীতি-নীতি, অভ্যাস পালন কৰি মহিলাৰ মানসিক চাপৰ সৃষ্টি হয়। বিশেষকৈ আৱেগিক পৰিৱৰ্তনৰ ফলতো হৰম’নৰ পৰিৱৰ্তন ঘটে। ফলত আপুনি অজানিতে অতিমাত্ৰা খাদ্য গ্ৰহণ কৰে। নৱবিবাহিতাসকলৰ ওজন বৃদ্ধিৰ ইয়ো এক কাৰণ।
বিবাহৰ পিছত স্বামীৰ লগত নিয়মিত শাৰীৰিক মিলন ফলতো নাৰীৰ শৰীৰত পৰিৱৰ্তন হয়।
বিয়াৰ পিছত স্বামী-স্ত্ৰীৰ মাজত শাৰীৰিক মিলন হয়। এই সময়ছোৱাত শৰীৰত ইষ্ট্ৰজেন হৰম’ন অধিক উৎপাদন হয়। এই হৰম’নৰ প্ৰভাৱত শৰীৰৰ পৰিৱৰ্তনৰ ফলত ওজন বৃদ্ধি হয় বুলি এটা ধাৰণা আছে। কিন্তু বিশেষজ্ঞসকলৰ মতে এই কথা সম্পূৰ্ণ সত্য নহয়। বেছিভাগ ক্ষেত্ৰতে আৱেগিক পৰিৱৰ্তনেই ওজন বৃদ্ধিৰ কাৰণ।
বি:দ্ৰ: ওপৰৰ তথ্যসমূহ কেৱল ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভিত্তিতহে প্ৰদান কৰা হৈছে। ইয়াৰ কিমান বৈজ্ঞানিক ভিত্তি আছে সেয়া সম্পূৰ্ণ স্পষ্ট নহয়।