কেতিয়াবা সকলো সময়তে পানী খোৱাৰ পিছতো পিয়াহ অটুট থাকে। আমি ভাবো যে ই হয়তো স্বাভাৱিক, কিন্তু যদি আপুনি এতিয়াও বাৰে বাৰে পানী খোৱাৰ পিছতো পিয়াহত থাকে তেন্তে সেয়া ভাল লক্ষণ নহয়। আচলতে ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে, যাৰ ফলত অনেক ৰোগৰ সৃষ্টি হ’ব পাৰে।
বহু চিকিৎসা অধ্যয়নত দেখা গৈছে যে ঔষধৰ পাৰ্শ্বক্ৰিয়া, ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্যহীনতাৰ সৈতে জীৱনশৈলীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেতিয়াহ’লে অত্যধিক পিয়াহৰ কাৰণবোৰ কি জানো আহক।
১) শৰীৰত পানীৰ অভাৱ
শৰীৰত যেতিয়া পানীৰ অভাৱ হয় অৰ্থাৎ আপুনি ডিহাইড্ৰেট হৈ পৰে তেতিয়া পিয়াহ লগাটো স্বাভাৱিক। অত্যধিক ঘাম, কঠোৰ পৰিশ্ৰম আৰু বেছি সময় ছাঁত নথকাৰ বাবেও পিয়াহ লাগিব পাৰে।
২) মধুমেহ ৰোগৰ লগত পিয়াহৰ সম্পৰ্ক
ডায়েবেটিছ ৰোগত প্ৰায়ে পিয়াহ (পলিডিপচিয়া) আৰু প্ৰস্ৰাৱ (পলিউৰিয়া)ৰ সমস্যা হয়। উচ্চ ৰক্তচাপৰ ফলত শৰীৰে প্ৰস্ৰাৱৰ জৰিয়তে অতিৰিক্ত গ্লুক’জ বাহিৰ কৰিবলৈ চেষ্টা কৰে। ইয়াৰ সমান্তৰালকৈ শৰীৰৰ পানীও কমি যায় আৰু অতিৰিক্ত পিয়াহ লাগে।
৩) ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতা
শৰীৰত পানীৰ ভাৰসাম্য ৰক্ষাৰ বাবে ছডিয়াম, পটাছিয়াম আৰু মেগনেছিয়াম আদি ইলেক্ট্ৰলাইটৰ প্ৰয়োজন। এই মাত্ৰাসমূহ ভাৰসাম্যহীন হ’লে অত্যধিক পিয়াহ লাগে।
৪) অতিৰিক্ত নিমখে সমস্যা বৃদ্ধি কৰিব পাৰে
যদি অতিৰিক্ত নিমখ খোৱাৰ অভ্যাস আছে তেন্তে পিয়াহ অনুভৱ কৰাটো স্বাভাৱিক। নিমখে ৰক্ত সঞ্চালনলৈ পানী টানি নিয়ে। ফলত কোষবোৰত পানীৰ অভাৱ হয়। এনে ক্ষেত্ৰত খোৱাপানীৰ লগতে আপুনি কমলা বা তিয়ঁহ খাব পাৰে।
৫) ঔষধৰ পাৰ্শ্বক্ৰিয়া
কিছুমান ঔষধৰ ফলত পানীৰ অভাৱ আৰু সঘনাই পিয়াহৰ কাৰণ হ’ব পাৰে। উচ্চ ৰক্তচাপৰ বাবে দিয়া ঔষধে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰে। এন্টিকোলিনাৰ্জিক ঔষধে লালটি উৎপাদন হ্ৰাস কৰে। যাৰ ফলত মুখ শুকাই যায় আৰু পিয়াহ লাগে।