• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীত পুনৰ উত্তাল হোৱাৰ দিশে অসম

কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধান নকৰিলে আগষ্টৰ পৰা পুনৰ আন্দোলনৰ হুংকাৰ 

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 1, 2021 7:31 am
kooo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে যদি কোচ ৰাজবংশী সংগঠনেৰে আলোচনা কৰি জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীকে ধৰি জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধা নকৰে তেতিয়াহলে অসম আৰু পশ্চিম বংগৰ কোচ ৰাজবংশী সংগনেৰে ঐক্যমঞ্চ গঠন কৰি অহা আগষ্ট মাহৰ পৰাই জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত তীব্ৰ আন্দোলন কৰা হ’ব বুলি হুংকাৰ দিছে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷

লগতে ইতিমধ্যে এই সম্পৰ্কে অসম-পশ্চিম বংগৰ কেইবাটাও সংগঠনেৰে অনানুষ্ঠানিক আলোচনা হোৱা বুলিও বিশ্বজিৎ ৰায়ে জানিবলৈ দিছে ৷

বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় মহাসভা আৰু কোচ ৰাজবংশী জাতীয় মঞ্চই আয়োজন কৰা এখন যৌথ সংবাদমেল সম্বোধন কৰি আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্যত অধিষ্ঠিত প্ৰত্যেকটো গাদী দখলকাৰী ৰাজনৈতিক দলেই চৰকাৰ গঠন কৰাৰ আগত কোচ ৰাজবংশীৰ সমস্যা সমাধানৰ কথা কয় যদিও চৰকাৰ গঠন কৰাৰ পিচত সমস্যা সমাধান নকৰি চৰমভাবে প্ৰতাৰণা কৰি আহিছে ৷

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত বিজেপি দলে কেন্দ্ৰ আৰু অসমত চৰকাৰ গঠন কৰিলেই ছয় মাহৰ ভিতৰত অসমৰ ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ কথা নিৰ্বাচনী ঘোষণা পত্ৰ আৰু বিভিন্ন নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে প্ৰথমটো কাৰ্যকালত জনজাতিকৰণৰ বিষয়টো সমাধা নকৰিলে ৷

বৰং তদানীন্তন বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ কেন্দ্ৰীয় চৰকাৰে মন্ত্ৰী গোট গঠন কৰিছিল যদিও দুই এখন সভা অনুষ্ঠিত কৰি পৰৰ্ৱতী সময়ত অসম বিধান সভাৰ নিৰ্বাচনৰ অজুহাত দেখুৱাই মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে ৷

অথচ কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো সংগঠনে জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ বাবে মন্ত্ৰী গোটৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাক লিখিতভাবে সমাধান সূত্ৰ প্ৰদান কৰিছিল ৷

বৰ্তমান তদানীন্তন অসম চৰকাৰৰ মন্ত্ৰী তথা মন্ত্ৰী গোটৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মা যিহেতু অসমৰ মুখ্যমন্ত্ৰী হ’ল আমি আশা কৰিছিলোঁ জনজাতিকৰণৰ বিষয়টো সমাধানৰ বাবে খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিব ৷ কিন্তু নতুন মুখ্যমন্ত্ৰী গৰাকীয়েও বিষয়টো সমাধনৰ ক্ষেত্ৰত তৎপৰতা অৱলম্বন কৰা দেখা পোৱা নাই ৷
আনকি মুখ্যমন্ত্ৰীক বিষয়টো সোঁৱৰাই দিয়াৰ বাবে কোচ ৰাজবংশী সংগঠন সমূহে সাক্ষাৎ কৰিব বিচাৰিছিল যদিও মুখ্যমন্ত্ৰীয়ে আজিলৈকে সাক্ষাতৰ বাবে সময় দিয়া নাই ৷ এতিয়া আমি ভাবিবলৈ বাধ্য হৈছো যে বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰ মনোভাৱ পূৰ্বৰ মুখ্যমন্ত্ৰী সকলোৰ দৰে একেই ৷

ইপিনে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ সন্দৰ্ভত সংবাদমেলত বিশ্বজিৎ ৰায়ে কয় য়ে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে যোৱা বিধান সভাৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থত অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্বশাসিত পৰিষদখন কোচ ৰাজবংশী জাতীয় আন্দোলনত জড়িত নথকা কেইজনমান বিজেপি দলৰ নেতা-পালিনেতা আৰু চৰকাৰে নিজেই প্ৰণয়ন কৰা কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ আইনক উলাই কৰি পৰিষদৰ বাহিৰৰ কেইবাজনক অন্তৰ্ভূক্ত কৰি অন্তৰ্ৱৰ্তীকালিন পৰিষদখন গঠন কৰিছিল ৷

আনকি চৰকাৰী স্কুলত চাকৰি কৰা ব্যক্তি পৰিষদত অন্তৰ্ভুক্ত কৰিছে ৷ যাৰ বাবে অন্তৰ্ৱৰ্তীকালিন পৰিষদখনক অবৈধ আখ্যা দি কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাটাও সংগঠনে ক্ষোভ প্ৰকাশ কৰাৰ লগতে ধুবুৰী জিলাৰ তিনিজন সচেতন ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷

সেয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়ণ বিচাৰে আৰু জনগোষ্ঠীটোৰ আবেগ অনুভূতিৰ প্ৰতি দায়বদ্ধতা আৰু শ্ৰদ্ধাশীল, তেন্তে অচিৰেই কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো সংগঠনেৰে আলোচনা কৰি স্বায়ত্বশাসিত পৰিষদখন পৰিষদৰ ভিতৰৰ উপযুক্ত ব্যক্তিকলৈ পুনৰ গঠন কৰাৰ লগতে কোচ ৰাজবংশী সকলোক অনুসূচিত জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰি জনজাতিকৰণ কৰক ৷

অন্যাথা কোচ ৰাজবংশী সকলে পুনৰ গণতান্ত্ৰিকভাবে আন্দোলন কৰাৰ বাহিৰে গত্যন্তৰ নাথাকিব বুলি চৰকাৰক সকীয়াই দিয়ে কোচ ৰাজবংশী জাতীয় মহাসভা আৰু কোচ ৰাজবংশী জাতীয় মঞ্চই ৷ লগতে অসম চৰকাৰে যদি কোচ ৰাজবংশী সংগঠনেৰে আলোচনা কৰি সমস্যা সমাধা নকৰে তেতিয়াহলে অসম আৰু পশ্চিম বংগৰ কোচ ৰাজবংশী সংগনেৰে ঐক্যমঞ্চ গঠন কৰি অহা আগষ্ট মাহৰ পৰাই পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত তীব্ৰ আন্দোলন কৰা হ’ব বুলি হুংকাৰ দি এই সম্পৰ্কে অসম-পশ্চিম বংগৰ কেইবাটাও সংগঠনেৰে অনানুষ্ঠানিক আলোচনা হোৱা বুলিও সদৰি কৰে ৷

সংবাদমেল যোগে অবিভক্ত গোৱালপাৰা জিলাক শৈক্ষিক , সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ স্বাৰ্থত চিলাৰায় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণ খৰতকীয়া কৰাৰ লগতে আগন্তুক ১২ জুলাইৰ পৰা আৰম্ভ হ’ব লগা অসম বিধানসভাৰ বাজেট অধিবেশনতে বঙাইগাঁও জিলাত এখন পূৰ্ণাংগ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, নৰনাৰায়ণ সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰ, নাৰ্চিং মহাবিদ্যালয়, চিলাৰায় কমাণ্ডো বাহিনী, খেলা-ধূলাৰ বাবে ছাই(SAI)ৰ এটা শাখা কেন্দ্ৰ আৰু সোণালী বান্দৰৰ ৰম্যভূমি কাকৈজানা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ লগতে বিজনী, চিদলী, চিকনাঝাৰ ৰাজবাৰীক সংৰক্ষণ কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনায় । সংবাদমেলত কোচ ৰাজবংশী জাতীয় মঞ্চৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ো উপস্থিত আছিল ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd