স্বাধীনতা দিৱসত ক’লা বেজ পিন্ধিব কোচ ৰাজবংশী সন্মিলনীয়ে; দাবী নামানিলে ৩৬ ঘণ্টীয়া অসম বন্ধৰ হুমকি

All Assam Koch Rajbonshi Sanmilani pressmeet

যোৱা ৬ আগষ্টত কোকৰাঝাৰৰ চৌতাৰা ৰেইলৱে ষ্টেশ্যনত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে জনজাতিকৰণৰ দাবীত অনুষ্ঠিত কৰা ৰেইল অবৰোধ কাৰ্য্যসূচীত আৰক্ষীৰ লাঠীচালনা তথা প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত সন্মিলনীৰ সভাপতি বীৰেশ্বৰ শইকীয়াই আজি এক সংবাদমেল সম্বোধন কৰে।

আৰক্ষীয়ে কোনো আগতীয়া জাননী নিদিয়াকৈ প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰ লাঠীচালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰা বুলি গুৰুতৰ অভিযোগ তোলাৰ লগতে শইকীয়াই জেললৈ প্ৰেৰণ কৰা সংগঠনটোৰ ১৪ গৰাকী প্ৰতিবাদকাৰীক শীঘ্ৰে মুকলি কৰি দিবলৈ প্ৰশাসনক দাবী জনায়। অন্যথা ১৪ আগষ্টৰ পূৱা ৫ বজাৰ পৰা ১৫ আগষ্টৰ বিয়লি ৫ বজালৈকে ৩৬ ঘন্টীয়া অসম বন্ধ কাৰ্য্যসূচী গ্ৰহণৰ হুমকি দিয়ে সংগঠনটোৱে।

ইয়াৰ উপৰি ১৫ আগষ্টত কোচ ৰাজবংশী সন্মিলনীয়ে ক’লা বেজ পৰিধান কৰি স্বাধীনতা দিৱস বৰ্জন কৰিব বুলি উল্লেখ কৰি তেওঁ সকলো কোচ ৰাজবংশী লোককে ইয়াৰ প্ৰতি সমৰ্থন জনাবলৈ আহ্বান জনায়।

আনহাতে, কমল গুপ্তা নামৰ আৰক্ষী বিষয়াগৰাকী উক্ত দিনা সুৰামত্ত অৱস্থাত থকা বুলি অভিযোগ তুলি শইকীয়াই কয়, ‘চৰকাৰে বিষয়াগৰাকীক নিলম্বন কৰিয়েই দায় সাৰিলে নহ’ব, লাঠিচালনা ঘটনা সন্দৰ্ভত এক নিৰপেক্ষ ন্যায়িক তদন্ত দাবী জনাইছো।’

উল্লেখযোগ্য যে অসমক জনজাতি ৰাজ্য ঘোষণা কৰা, কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাকে ধৰি বহুকেইটা দাবী লৈ কোচ ৰাজবংশী সন্মিলনী, কোচ ৰাজবংশী মহিলা সন্মিলনী, যুৱ ছাত্ৰ সন্মিলনী আৰু আক্ৰাছুৰ যৌথ উদ্যোগত ৬ আগষ্টত ৰেইল অবৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰা হৈছিল।