ধৰ্ষণৰ অভিযোগত অভিযুক্ত পাঁচগৰাকী লোকক গ্ৰেপ্তাৰ কোকৰাঝাৰ আৰক্ষীৰ

কোকৰাঝাৰ জিলাৰ জিতপুৰ গাঁৱত এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগত অভিযুক্ত পাঁচগৰাকী লোকক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা আটাইকেইগৰাকী লোককে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

ধৰ্ষণত অভিযুক্ত লোক পাঁচগৰাকীক আটক কৰাৰ পাছতে সংবাদমাধ্যমৰ আগত কোকৰাঝাৰ আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক বিনন্দ বসুমতাৰীয়ে ২৬ অক্টোবৰৰ নিশা বিজয়া দশমী উৎসৱৰ সময়ত ধৰ্ষণ কাণ্ডটো সংঘটিত হয় বুলি জানিবলৈ দিয়ে।

উক্ত ধৰ্ষণকাণ্ডৰ পাছতে কোকৰাঝাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ পস্কো আইনৰ অধীনৰ ৬ নং ধাৰাৰ ৬৩৭/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰা হয়।

ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোক কেইজন হৈছে ক্ৰমে কৃষ্ণ মুৰ্মু(২৫), বাবুৰাম মুৰ্মু(১৯), লক্ষণ মুৰ্মু(২৬), চখাল হাচদা(২১) আৰু চুপাল হেম্বব্ৰোম(৩০)।

কোকৰাঝাৰত বিজয়া দশমীৰ নিশা সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ পাছত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ দাবী জনাইছিল।