কলিয়াবৰক অপমানৰ অভিযোগ তুলি ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিৰুদ্ধে সৰৱ কলিয়াবৰবাসী

Assam

স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ নামত চূড়ান্ত বেমেজালিৰে ৰাইজক আভুৱা ভৰাৰ অপচেষ্টা কৰিছে ৰাজ্যৰ অন্যতম বিভাগ ব্ৰহ্মপুত্ৰ বৰ্ড, জলশক্তি মন্ত্ৰণালয়, জলসম্পদ বিভাগ আৰু নদী উন্নয়ন বিভাগে৷এই অভিযোগ কৰিছে কলিয়াবৰবাসী ৰাইজে।

ব্ৰহ্মপুত্ৰ বৰ্ড উপাধ্যক্ষ বি-কে কিজৰিৰ নেতৃত্বত কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ বালিত আয়োজিত অনুষ্ঠানটিত চৰম বেমেজালিৰে কলিয়াবৰবাসীক অপমান কৰি মাজুলীত এই উৎসৱ উদযাপিত হোৱা বুলি উল্লেখ কৰাক লৈ চৰকাৰ তথা বিভাগক ধিক্কাৰ দিছে সকলোৱে৷

জনসাধাৰণক সম্পূৰ্ণ অন্ধকাৰত ৰাখি ‘ট্ৰেণ্ড এম এম এছ’ নামৰ এটা সংস্থাক ঠিকা প্ৰদানেৰে চৰম ল’ৰাধেমালি কৰিছে ব্ৰহ্মপুত্ৰ উৎসৱ পালনৰ দ্বায়িত্ববাহী বিভাগকেইটাই৷

অভিযোগ অনুসৰি কলিয়াবৰত উদযাপিত ব্ৰহ্মপুত্ৰ উৎসৱৰ পৰা অতি ৰহস্যজনকভাৱে আঁতৰাই ৰাখিছে কলীয়াবৰবাসীক৷ ইয়াৰোপৰি নিদিষ্ট একাংশ ৰাইজক নিমন্ত্ৰণ কৰিও অপমান কৰাৰহে গুৰুতৰ অভিযোগ উঠিছে৷

এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে, কলিয়াবৰত দহ লাখ টকা ব্যয়সাপেক্ষে অনুষ্ঠান আয়োজন কৰা হৈছে বুলি দেখুৱাইছে যদিও এক লক্ষ ধনো ব্যয় হোৱা নাই সমগ্ৰ অনুষ্ঠানটিত৷

আনহাতে, সমগ্ৰ অনুষ্ঠান সম্পৰ্কত স্বয়ং ব্ৰহ্মপুত্ৰ বৰ্ডৰ উপাধ্যক্ষ বি কে কেজৰিয়েই একো নাজানে বুলিয়েই উল্লেখ কৰিছে সংবাদমাধ্যমৰ আগত৷

ইফালে কলিয়াবৰক অপমান তথা কলিয়াবৰবাসীক অন্ধকাৰত ৰাখি অনুষ্ঠান পালনৰ নামত বহুৱালি কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷