কলকাতাৰ এখন জনপ্ৰিয় পঞ্চ তাৰকাযুক্ত হোটেলত পাৰ্টিৰ সময়ত এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন দিল্লীৰ বাসিন্দাকে ধৰি দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।
মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰ অনুসৰি মঙলবাৰে নিশা প্ৰায় ১১.৫০ বজাত সংঘটিত হয় এই ঘটনা। অভিযুক্তই মহিলাগৰাকী আৰু তেওঁৰ ভগ্নীক নিৰ্যাতন আৰু অনুচিতভাৱে স্পৰ্শ কৰাৰ লগতে ভয়াৱহ পৰিণতিৰ ভাবুকি দিয়ে।
আটকাধীন দুজন ব্যক্তিৰ নাম দিল্লীৰ পিতামপুৰা অঞ্চলৰ ৬০ বছৰীয়া অৰুণ কুমাৰ আৰু কলকাতাৰ ৰিংকু গুপ্তা (৪৩)।
আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, অৰুণ কুমাৰে পঞ্চ তাৰকাযুক্ত হোটেলখনত থাকি আহিছিল আৰু তেওঁৰ চিনাকি বুলি কোৱা দ্বিতীয় অভিযুক্তক চৌহদত লগ কৰিবলৈ ফোন কৰিছিল। ইয়াৰ পাছতে দুয়োজনে পাৰ্টিত অংশগ্ৰহণ কৰে।
যোৱা মাহত আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত ৩১ বছৰীয়া প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীক নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ দেশজুৰি ক্ষোভৰ মাজতে পশ্চিম বংগ বিধানসভাই ধৰ্ষণ বিৰোধী বিধেয়ক গৃহীত কৰাৰ দিনাই এই ঘটনা সংঘটিত হয়।
মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে উত্থাপন কৰা আইনখনক বিৰোধীয়ে সমৰ্থন জনোৱাৰ পাছত মঙলবাৰে সৰ্বসন্মতিক্ৰমে গৃহীত হয় অপৰাজিতা মহিলা আৰু শিশু বিল (পশ্চিম বংগ অপৰাধ আইন আৰু সংশোধনী) বিধেয়ক ২০২৪।