• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: অপ্ৰতিৰোধ্য নাৰাইন! লক্ষ্ণৌক পৰাজিত কৰি প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2024 7:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতত এতিয়াও তিনিখন মেচ বাকী আছে। কিন্তু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে জয়লাভ কৰি প্লে অফৰ টিকট নিশ্চিত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল কলকাতা নাইট ৰাইডাৰ্ছ। পৰিকল্পনা অনুসৰি সফলো হ’ল। শুকুৰবাৰে সন্ধিয়া লক্ষ্ণৌত সুনীল নাৰাইনে আকৌ এবাৰ প্ৰমান কৰিলে তেওঁ কেনেকৈ এগৰাকী নিৰ্ভৰযোগ্য বেটাৰ হৈ উছিছে। বিশাল ৰানৰ পাহাৰেৰে ৰাহুল বাহিনীক পৰাস্ত কৰি শ্ৰেয়াছৰ দলটোৱে প্লে অফৰ টিকট কাৰ্যতঃ নিশ্চিত কৰে।

টছত জয়ী হৈ ৰাহুলে কলকাতাক বেটিং কৰিবলৈ প্ৰেৰণ কৰে। এই গুৰুত্বপূৰ্ণ মেচখনলৈ যোৱাৰ পূৰ্বে অধিনায়ক শ্ৰেয়াছ আয়াৰে দলটোত পৰিৱৰ্তন আনিছিল। বিশ্ৰামৰ পৰা উভতি অহাৰ পিছত হৰ্ষিত ৰাণাক প্ৰথম একাদশত স্থান দিয়া হয়। যিয়ে কলকাতাৰ জয়ৰ অন্যতম মূল কাণ্ডাৰী হৈ পৰিল।

কেকেআৰৰ দুই অ’পেনাৰ বেটিং কৰিবলৈ নামি দুৰ্দান্ত আৰম্ভণি কৰে। ফিল ছল্টে সেই চিনাকি আক্ৰমণাত্মক ভংগী ধৰি ৰাখিলে। ১৪টা বলত ৩২ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহিল। অৱশ্যে বাকী সকলোৰে ওপৰত লাইমলাইট দখল কৰিলে সুনীল নাৰাইনে। তেওঁ ৩৯টা বলত ৮১ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। তেওঁৰ ইনিংছত ৬টা বাউণ্ডেৰী আৰু ৭টা অভাৰ বাউণ্ডেৰী আছিল। নাৰাইনৰ ধুমুহাতে বিধ্ৱস্ত হৈ পৰিল লক্ষ্ণৌ।

ইয়াৰ পিছত অংগকৃষ ৰঘুবংশীয়েও স্ক’ৰব’ৰ্ডত ৩২ ৰান সংযোজন কৰে। কিন্তু ৰিংকুৱে ১৬ ৰান সংগ্ৰহ কৰি উভতি আহে। শ্ৰেয়াছৰ ২৩ ৰান আৰু ৰমনদীপ সিঙৰ অপৰাজিত ২৫ ৰানৰ ফলত কেকেআৰে লক্ষ্ণৌৰ বাবে এটা ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰে। লক্ষ্ণৌৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এলত যিকোনো দলৰ এই ৰান সৰ্বাধিক ৰান।

সুনীল নাৰাইনে বেটেৰে লক্ষ্ণৌৰ বলাৰসকলক স্তব্ধ কৰি পেলোৱাৰ পিছত হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীয়ে বলেৰে এল এছ জিৰ বেটিং অৰ্ডাৰ ভাঙি পেলায়। ঘৰুৱা দলটোৰ হৈ মাৰ্কাছ ষ্ট’ইনিছে সৰ্বাধিক ৩৬ ৰান কৰে। ২১ ৰানত আউট হয় ৰাহুল। বাকীবোৰে কলকাতাৰ পেচ আৰু স্পীনৰ আগত ক্ৰীজত টিকি থাকিব নোৱাৰিলে। ফলত তেওঁলোকৰ ইনিংছ ১৬.১ অভাৰত ১৩৭ ৰানতে সামৰণি পৰে।

শ্ৰেয়াছ বাহিনীয়ে ৯৮ ৰানত জয়লাভ কৰি লীগ টেবুলৰ শীৰ্ষস্থান দখল কৰে। তাৰ লগে লগে প্লে অফত খেলাৰ বাবে আৰু কোনো চিন্তা বাকী নাথাকিল। ৱানখেড়েত ১২ বছৰ বিৰতিত মুম্বাইক পৰাস্ত কৰাৰ পিছত তিনিখন মেচ বাকী থকা অৱস্থাত প্লে অফৰ টিকট কাৰ্যতঃ নিশ্চিত কলকাতাৰ।

সংক্ষিপ্ত স্কোৰঃ

কলকাতা নাইট ৰাইডাৰ্ছ: ২৩৫/৬ (ছল্ট-৩২, নাৰাইনে-৮১, ৰঘুবংশী-৩২, নবীন-৪৯/৩)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ: ১৩৭/১০ (ষ্টয়নিছ-৩৬, হৰ্ষিত-২৪/৩, বৰুণ- ৩০/৩)

কলকাতা নাইট ৰাইডাৰ্ছে ৯৮ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd