কলকাতা আৰক্ষী আয়ুক্তক শ্বিলঙৰ চিবিআই কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

supreme-court_of_India-570x320-750x375-1140x570

উচ্চতম ন্যায়ালয়। ফাইল ফটো

কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক মঙলবাৰে উচ্চতম ন্যায়ালয়ে চিবিআইৰ শ্বিলংস্থিত কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে। আৰক্ষী আয়ুক্তগৰাকীৰ বিৰুদ্ধে এই নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ খণ্ড বিচাৰপীঠে।

সাৰদা চীট ফাণ্ড কেলেংকাৰিত আৰক্ষী আয়ুক্ত ৰাজীৱকুমাৰৰ বিৰুদ্ধে থকা তথ্য নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছিল। চিবিআইয়ে ৰাজীৱ কুমাৰৰ বিৰুদ্ধে তথ্য নষ্ট কৰাৰ প্ৰমাণ বন্ধ খামত আদালতত জমা দিয়ে।

ৰঞ্জন গগৈ নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠখনে ৰাজীৱ কুমাৰক চিবিআইৰ ওচৰত হাজিৰ হৈ সাৰদা কেলেংকাৰিৰ তদন্তৰ খাতিৰত ‘বিশ্বাসযোগ্যভাৱে’ সহযোগ আগবঢ়াবলৈ নিৰ্দেশ দিছে।

তিনিজনীয়া বিচাৰপীঠখনে লগতে কৈছে যে কুমাৰে চিবিআইৰ সন্মুখত হাজিৰ হ’বই লাগিব যদিও চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে।

আদালতখনে লগতে পশ্চিমবংগৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক চিবিআইয়ে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা আদালত অৱমাননাৰ আৱেদনৰ উত্তৰ অহা ১৮ ফেব্ৰুৱাৰিৰ ভিতৰত আদালতক দিবলৈ নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আববেদনৰ ওপৰত তৃণমূলৰ হৈ  যুক্তি দৰ্শাইছিল অধিবক্তা তথা কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে।

কলকাতাত প্ৰতিবাদ অব্যাহত ৰাখিছে মমতা বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আৰক্ষী আয়ুক্ত কুমাৰে কেতিয়াও তদন্তত সহযোগ কৰাৰ পৰা আঁতৰি থাকিব বিচৰা নাছিল।

আদালতৰ ৰায়টোৱে আৰক্ষী বিষয়াগৰাকীৰ নৈতিকতা শক্তিশালী কৰিব বুলি উল্লেখ কৰি বেনাৰ্জীয়ে কয়, ‘’তেওঁলোকে কুমাৰক গ্ৰেপ্তাৰ কৰিব বিচাৰিছিল। তেওঁলোকে কোনো জাননী নিদিয়াকৈ দেওবাৰে এক গোপন অভিযানেৰে তেওঁৰ বাসভৱনত উপস্থিত হৈছিল।‘’