প্ৰায় আঢ়ৈ বছৰৰ অন্তত ১৩ ছেপ্টেম্বৰত হিংসা জৰ্জৰিত মণিপুৰলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তেওঁক আদৰণি জনাই প্ৰশাসনে কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। কুকি-জো গোটৰ কেইবাটাও সংগঠনে এই চৰকাৰী উদ্যোগৰ তীব্ৰ সমালোচনা কৰিছে।
তেওঁলোকৰ মতে, প্ৰধানমন্ত্ৰীয়ে নৃত্য অনুষ্ঠানত যোগদান কৰাৰ পৰিৱৰ্তে ভুক্তভোগীসকলক লগ কৰি তেওঁলোকৰ দুখ-কষ্ট লাঘৱ কৰাৰ উদ্যোগ ল’ব লাগে।
চুৰাচান্দপুৰ জিলাৰ গংটে ছাত্ৰ সংগঠনে কয়, ‘আমি নিশ্চিতভাৱে প্ৰধানমন্ত্ৰীক আদৰণি জনাইছো। কিন্তু, আমি চকুত চকুপানী লৈ তেওঁৰ সন্মুখত নাচিব নোৱাৰো।’ অৱশ্যে তেওঁলোকে আশা কৰিছে যে মোডীৰ এই ভ্ৰমণে অন্ততঃ গোষ্ঠীগত সংঘৰ্ষত বিধ্বস্ত ৰাইজৰ মনত কিছু স্বস্তি দিব।
ইম্ফল হাম ডিচপ্লেচড কমিটিয়েও এই বিষয়ত সৰৱ হৈছে। তেওঁলোকে কয় যে আমাৰ দুখ শেষ হোৱা নাই। আমাৰ চকুপানী শুকাই যোৱা নাই। এনে পৰিস্থিতিত আমাৰ বাবে আনন্দত নাচিব পৰাটো সম্ভৱ নহয়।
তেওঁলোকে কয় যে জাকজমকীয়া অনুষ্ঠানৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে ভুক্তভোগীক সময় দিব লাগে। তেওঁলোকৰ লগত কথা পাতিব লাগে। এই গোষ্ঠীৰ মূল সংগঠন কুকি ইনপি মণিপুৰে কয় যে প্ৰধানমন্ত্ৰীক আদৰণি জনাব লাগিব। কিন্তু, এই ভ্ৰমণৰ সময়ত কুকি-জো সম্প্ৰদায়ক ন্যায় দিব লাগিব। ইয়াৰ সমান্তৰালকৈ তেওঁলোকে সমস্যাটোৰ স্থায়ী সমাধানৰো দাবী জনাইছে।
মণিপুৰীসকল আশাবাদী যে প্ৰধানমন্ত্ৰীয়ে স্থানীয় ৰাইজৰ মনৰ কথা শুনিব। ইম্ফল পূব জিলাৰ বাসিন্দা ছাইবাম ৰিগানে কয় যে মোডী আহিলে আমি মনৰ কথা কোৱাৰ সুযোগ পাম। বহু দাবী অপূৰ্ণ। তদুপৰি সংঘাতৰ বাবে সাধাৰণ মানুহৰ জীৱনতো যথেষ্ট প্ৰভাৱ পৰিছে।
আনহাতে, মহিলা সংগঠন ইমাঘী মেইৰাৰ দাবী, প্ৰধানমন্ত্ৰীয়ে যাতে ৰাষ্ট্ৰীয় ঘাইপথত মেইটেইসকলে নিৰাপদে যাত্ৰা কৰিব পাৰে তাৰ ব্যৱস্থা কৰক।
উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহৰ পৰা মেইটেই আৰু কুকি-জো গোটৰ মাজত সংঘাত আৰম্ভ হৈছিল। হিংসাত ২৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। কেইবা হাজাৰ লোক স্থানচ্যুত হৈছে। এন বীৰেণ সিঙৰ নেতৃত্বত বিজেপি চৰকাৰৰ পতনৰ পিছত উত্তৰ-পূবৰ ৰাজ্যখন ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ আহিছে।