NORTHEAST NOW (Assamese)

আই পি এলৰ সময়ত খেলুৱৈ সকলৰ প্ৰতিদিনে ক’ৰ’না পৰীক্ষা কৰা উচিত : নেছ ৱাদিয়া

July 25, 2020 8:07 am · এন ই নাও নিউজ
নেছ ৱাদিয়া

ক’ৰ’না মহামাৰীৰ আতংকৰ বাবে চলিত বৰ্ষত আই পি এল অনুষ্ঠিত হ’ব নে নহ’ব সেই সম্পৰ্কে জল্পনা কল্পনা অব্যাহত থকাৰ মাজতে বিদেশৰ মাটিত ২০২০ বৰ্ষৰ আই পি এল অনুষ্ঠিত হ’ব বুলি বি চি আইৰ তৰফৰ পৰা প্ৰকাশ কৰা হয়।

বিদেশৰ মাটিত আই পি এল অনুষ্ঠিত কৰাৰ বাবে বি চি চি আয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে কিংগছ এলেভেন পাঞ্জাৱৰ সহযোগী স্বত্তাধিকাৰী নেছ ৱাদিয়াই আই পি এলৰ সময়ত যিমান পাৰে ক’ৰ’নাৰ পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ৱাদিয়াই প্ৰতিদিনে খেলুৱৈ সকলৰ ক’ৰ’নাৰ পৰীক্ষা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবেও আহ্বান জনায়।

”যদি মই ক্ৰিকেটাৰ হ’লেহেতেন তেন্তে মই প্ৰতিদিনে ক’ৰ’নাৰ পৰীক্ষা কৰিলে সুখী হ’লে হেতেন কাৰণ ক’ৰ’নাৰ পৰীক্ষাৰ ফলত কোনোধৰণৰ ক্ষতি নহয়,” ৱাদিয়াই কয়।

আনহাতে, ৱাদিয়াই আই পি এলৰ সময়ত খেলুৱৈ সকলৰ সুৰক্ষা আৰু সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সকলো নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে।

আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটি ক’ৰ’না মহামাৰীৰ বাবে ভাৰতৰ বিপৰীতে য়ুনাইটেড আৰব এমিৰেটছ চমুকৈ UAE লৈ স্থানান্তৰ কৰা হৈছে।

চলিত বৰ্ষৰ আই পি এল প্ৰতিযোগিতাখনি ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব।

Related News