NORTHEAST NOW (Assamese)

ইউৰোপৰ শ্ৰেষ্ঠ! গোল্ডেন বুট লাভ কৰি ইতিহাস ৰচিলে কিলিয়ান এমবাপে

May 26, 2025 1:07 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰিয়েল মাদ্রিদে ছিজনটো খালী হাতেৰে শেষ কৰিলে। এতিয়া একমাত্ৰ আশা ক্লাব বিশ্বকাপ। ছিজন শেষৰ লগে লগে আঘাত হৈ ধৰা দিছে দলৰ দীৰ্ঘদিনীয়া সদস্যসকলৰ বিদায়ে। এই কঠিন সময়ত কিলিয়ান এমবাপেই কিছু আশাৰ সঞ্চাৰ কৰিছে। তেওঁ ইউৰোপীয়ান গোল্ডেন বুট লাভ কৰিলে। লা লিগাৰ অন্তিমখন মেচত দুটাকৈ গ’ল দি তেওঁ বুট জয় কৰিলে। এই জয়ৰ ফলত ভিক্টৰ গেয়োকেৰেছে ইতিহাস ৰচনা কৰিব নোৱাৰিলে।

গোল্ডেন বুটৰ দৌৰত আছিল তিনিজন তাৰকা ক্ৰমে স্প’ৰ্টিং চিপিৰ ভিক্টৰ গেয়োকেৰেছ, ৰিয়েল মাদ্রিদৰ এমবাপে আৰু লিভাৰপুলৰ মহম্মদ চালাহ। ইয়াৰে গেয়োকেৰেছ সৰ্বাধিক পইণ্টেৰে ছিজনটো সমাপ্ত কৰে। যদি এমবাপে আৰু চালাহে আৰু গ’ল নিদিলেহেঁতেন তেন্তে তেওঁ ইউৰোপীয় গোল্ডেন বুট লাভ কৰিলেহেঁতেন। কিন্তু সেয়া নহ’ল।

ৰিয়েল মাদ্রিদে অন্তিমখন খেল খেলিছিল ৰিয়েল ছ’চিয়েডাডৰ বিৰুদ্ধে৷ য’ত ৩৮ আৰু ৮৩ মিনিটত এমবাপে দুটা গ’ল দিছিল। এই দ্বৈত গ’লেৰে তেওঁ ৩১টা গ’ল কৰি ৬২ পইণ্টেৰে শীৰ্ষলৈ উঠি আহে।

মহম্মদ চালাহে তেওঁক অতিক্ৰম কৰাৰ সুযোগ পাইছিল। তাৰ বাবে তেওঁ চাৰিটা গ’ল দিব লগা আছিল আৰু তেনে কৰিলে তেওঁ এমবাপেতকৈ বেছি পইণ্ট লাভ কৰিলেহেঁতেন। কিন্তু লিভাৰপুলৰ অন্তিমখন লীগ মেচ ক্রিষ্টাল পেলেছৰ সৈতে ১-১ গ’লত ড্র হৈছিল৷ লিভাৰপুলে মাত্ৰ এটা গ’লহে কৰে। ফলত ছালাহে ২৯টা গ’ল দি ইউৰোপীয়ান গোল্ডেন বুটৰ দৌৰত তৃতীয় স্থান দখল কৰি ৫৮ পইণ্টেৰে সন্তুষ্ট হ’বলগীয়া হয়।

এইটো আছিল লা লিগাত কিলিয়ান এমবাপেৰ প্ৰথমটো ছিজন। আৰু তাতেই তেওঁ ৩১টা গ’ল দি ইউৰোপীয়ান সোণালী বুট লাভ কৰে। ইয়াৰ পূৰ্বে ৰিয়েল মাদ্রিদৰ হৈ খেলি থকাৰ সময়তে হুগো ছানচেজ আৰু ট্ৰিষ্টানো ৰোনাল্ডোৱে ইউৰোপীয়ান গোল্ডেন বুট লাভ কৰিছিল।

কিলিয়ান এমবাপে এই গোল্ডেন বুট লাভ কৰি ইতিহাস ৰচনা কৰে। তেওঁ বিশ্বৰ একমাত্ৰ খেলুৱৈ যিয়ে তিনিটা গোল্ডেন বুট লাভ কৰিছে। তেওঁ ফিফা বিশ্বকাপ গোল্ডেন বুট, চেম্পিয়নছ লীগ গোল্ডেন বুট আৰু ইউৰোপীয় গোল্ডেন বুট লাভ কৰে।

Related News