NORTHEAST NOW (Assamese)

ৰাজ্যত ছোৱাইন ফিভাৰৰ আতংকৰ সময়ত টীয়কত পশুপালন বিভাগৰ শোচনীয় আন্ত:গাঠনি

May 9, 2020 12:55 pm · নিৰ্মলেন্দু পাঠক
পশুপালন বিভাগটোৰ দৃশ্য

ক’ৰ’নাৰ আতংকৰ সমান্তৰালকৈ এতিয়া ৰাজ্যখনত বিশেষকৈ উজনি অসমৰ কেইবাখনো জিলাত ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ গাহৰিৰ মৃত্যু হোৱা ঘটনাই গাহৰি পালক সকলৰ লগতে অন্যান্য লোক সকলকো  আতংকিত কৰি তুলিছে।

গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ পাছত পশুপালন বিভাগে যিদৰে তৎপৰতা দেখুৱাব লাগিছিল তেনে তৎপৰতা দেখুৱাত চুড়ান্ত ভাৱে ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন হৈছে।

গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ পাছতো ৰাজ্যৰ পশুপালন বিভাগে নিষ্ঠাৰে কাম কৰিবলৈ অসমৰ্থ হোৱাৰ মুখ্য কাৰণ প্ৰয়োজনীয় বিষয়া-কৰ্মচাৰীৰ অভাৱ বুলি চৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে।

যোৰহাট জিলাৰ টীয়কৰ চিপাহীখোলা, ৰজাবাৰী আৰু বলমাত তিনিখন ৰাজ্যিক পশু চিকিৎসালয় আৰু তিনিটা পশু চিকিৎসা উপ কেন্দ্ৰ আছে যদিও এই সমূহত কোনোধৰণৰ বিষয়া তথা ক্ষেত্ৰ সহায়ক নায়।

সমগ্ৰ টীয়ক সমষ্টিটোত এগৰাকী খণ্ড পশু চিকিৎসা বিষয়া, তিনিগৰাকী পশু চিকিৎসক থকাৰ বিপৰীতে প্ৰায় দুই শতাধিক গাঁও থকা টীয়কত বিভাটোত কৰ্মৰত ক্ষেত্ৰ সহায়ক মাত্ৰ পাঁচ জন আছ বুলি জানিব পৰা গৈছে।

আনহাতে, বিভাগটোত কৰ্মৰত কৰ্মচাৰী সকলে অৱসৰ গ্ৰহণ কৰাৰ পাছত আজি পৰ্যন্ত কোনো নতুন নিযুক্তি প্ৰদান নকৰাত বিভাগটোত এনেদৰে কৰ্মচাৰীৰ অভাৱৰ বাবে পশুপালক সকল বহু সময়ত বিপদৰ সন্মুখীন হোৱাৰ লগতে হতাশ হ’বলগীয়া হৈছে।

Related News