নিজে এম্বুলেঞ্চ চলাই গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ আনি প্ৰাণ বচালে মহিলা চিকিৎসকে

ayush-doctor-ambulance-750x375

মেঘালয়ৰ মহিলা চিকিৎসক গৰাকী

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বলনামচি চাংমা এগৰাকী মহিলা চিকিৎসকে সোমবাৰে গুৰুতৰভাৱে অসুস্থ এগৰাকী ৰোগীক চিকিৎসা প্ৰদানৰ বাবে নিজেই এম্বুলেঞ্চ চলাই গাৰোবাধা প্ৰাথমিক চিকিৎসালয়ৰ পৰা তুৰাত থকা মহিলা আৰু শিশু চিকিৎসালয়লৈ লৈ আহি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

চাংমাই কাম কৰা চিকিৎসালয়খনত গৰ্ভৱতী মহিলা ৰোগী গৰাকীক জটিল অৱস্থাত ভৰ্তি কৰোৱা হৈছিল।

আনহাতে, সেই সময়ত প্ৰাথমিক চিকিৎসালয়খনত ৰোগী গৰাকীক চিকিৎসা প্ৰদানৰ বাবে কোনোধৰণৰ অন্য সুবিধা উপলব্ধ নাছিল যাৰ বাবে তেওঁক তুৰাত থকা মহিলা আৰু শিশু চিকিৎসালয়লৈ লৈ যোৱাতো অত্যন্ত জৰুৰী আছিল।

ৰোগী গৰাকীও চিকিৎসক সকলৰ অনুৰোধ স্বত্তে বেলেগ চিকিৎসালয়লৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল।

ৰোগী গৰাকীয়ে বেলেগ চিকিৎসালয়লৈ যাবলৈ অস্বীকাৰ কৰাৰ পাছত তেওঁৰ স্বাস্থ্যৰ জটিলতাৰ কথা চিন্তা কৰি তুৰালৈ লৈ যোৱাৰ গত্যন্তৰ নেদেখি চাংমাই নিজেই চিকিৎসালয়ৰ এম্বুলেঞ্চ চলাই মহিলা গৰাকীক তুৰালৈ লৈ আহে।

উল্লেখযোগ্য যে, চিকিৎসালয়খনত কৰ্মৰত বেছিভাগ পুৰুষ চিকিৎসকৰ ড্ৰাইভিং লাইচেঞ্চ থকাৰ পাছতো মহিলা চিকিৎসক গৰাকীয়েহে এম্বুলেঞ্চ চলাই ৰোগীৰ জীৱন বচাবৰ বাবে আগবাঢ়ি আহিল।

এতিয়া ড০ বলনামচি চাংমা মানৱতাৰ হকে চিকিৎসা বৃত্তিক আকোৱালি লবলৈ আগবাঢ়ি অহা চিকিৎসক সকলৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ পৰিছে।