‘বাহুবলী’ বিধায়কৰ নিদ্ৰা কঢ়া কোন এইগৰাকী ‘লেডী সিংঘম’?

Banubali-Anat-Singh-and-Gabban-Police-Officer

আইপিএছ লিপি সিং আৰু বিধায়ক অনন্ত কুমাৰ। ফাইল ফটো

শেহতীয়াকৈ বাতৰিৰ চৰ্চালৈ অহা এগৰাকী মহিলা আই পি এছ বিষয়া হৈছে লিপি সিং।

২০১৬ বৰ্ষৰ আই পি এছ বিষয়াগৰাকীয়ে বিহাৰৰ প্ৰতাপী নিৰ্দলীয় বিধায়ক অনন্ত সিঙৰ বিৰুদ্ধে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি হৈ পৰিছে চৰ্চিত।

বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সংশ্লিষ্ট ধাৰাত অভিযুক্ত হোৱাৰ পাছৰে পৰা অনন্ত সিঙে আত্মগোপন কৰি আছে।

আৰক্ষীয়ে সিঙৰ মোকামাৰ তেওঁৰ পৈতৃক গৃহৰ পৰা এটা এ কে ৪৭ ৰাইফল, ২২টা সজীৱ গুলী আৰু দুটা বোমা উদ্ধাৰ কৰিছিল।

সিদিনালৈকে আই পি এছ বিষয়া লিপি সিঙ জনতা দল (য়ুনাইটেড)ৰ নেতা আৰু মুখ্য মন্ত্ৰী নীতিশ কুমাৰৰ নিকট বন্ধু আৰ চি পি সিঙৰ কন্যা হিচাপে পৰিচিত আছিল।

আৰ চি পি সিং এগৰাকী ৰাজ্যসভাৰ সাংসদ।

অনন্ত কুমাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পাছতে লিপি সিঙে লাভ কৰিলে এটা নতুন উপনাম-‘লেডী সিংঘম’।

কেইদিনমান পূৰ্বে লিপি সিঙে মোকামাৰ বিধায়ক অনন্ত কুমাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তেওঁৰ পৈতৃক গৃহত তালাচী চলাইছিল।

তেওঁৰ গৃহৰ পৰা এটা এ কে ৪৭ ৰাইফল, ২২টা সজীৱ গুলী আৰু দুটা বোমা উদ্ধাৰ কৰাৰ পাছত বিধায়কগৰাকীৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰে।

আনহাতে, আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিবলৈ উপস্থিত হোৱাৰ সময়তে অনন্ত সিঙে তেওঁৰ পাটনাৰ বাসগৃহৰ পৰা পলায়ন কৰে।

‘ছোটে চৰকাৰ’ হিচাপে পৰিচিত অনন্ত সিঙৰ এক দীঘলীয়া অপৰাধৰ তালিকা আছে আৰু তেওঁক মোকামাৰ এজন ঠিকাদাৰক মৃত্যুৰ ভাবুকি দিয়াৰ সন্দৰ্ভত তেওঁক কণ্ঠৰ নমুনা দিবৰ বাবে পাটনাৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছিল।

লিপি সিঙে এই গোচৰটোৰ তদন্ত চলাই আছে।

এগৰাকী আই পি এছ বিষয়া হোৱাৰ দিন ধৰি লিপি সিং বিতৰ্কৰ মাজত সোমাই পৰিছে।

লিপি সিঙক  ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচন আয়োগে সন্ত্ৰাস বিৰোধী স্কোৱাড (এ টি এছ)লৈ এ এছ পি হিচাপে বদলি কৰিছিল।

জে ডি য়ুৰ লালন সিঙৰ বিৰুদ্ধে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা অনন্ত সিঙৰ পত্নী নীলম দেৱীৰ অভিযোগৰ পাছত লিপি সিঙৰ বিৰুদ্ধে উক্ত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

লালন সিঙে ২০১৯ ৰ নিৰ্বাচনত নীলম দেৱীক পৰাজিত কৰিছিল।

নিৰ্বাচন শেষ হোৱাৰ পাছত, লিপি সিঙক পুনৰ বৰাহৰ এছ ডি পিঅ’ হিচাপে বদলি কৰা হয়। বদলি হোৱাৰ পাছতে লিপি সিঙে অনন্ত সিঙৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা আৰম্ভ কৰে আৰু তেওঁৰ সহযোগীসকলক একাষৰীয়া কৰি তোলে।

ইপিনে, বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত গ্ৰেপ্তাৰৰ পৰা পলাই থকা বিহাৰৰ বিতৰ্কিত বিধায়ক অনন্ত সিঙে এটা ভিডিঅ’ মুকলি কৰি পৰৱৰ্তী তিনি চাৰিদিনৰ ভিতৰত আদালতত আত্মসমৰ্পন কৰাৰ কথা জানিবলৈ দিছে।

ভিডিঅ’টোত বিধায়কগৰাকীয়ে আত্মসমৰ্পন কৰাৰ পূৰ্বে সাংবাদিকসকলৰ সৈতে বাৰ্তালাপ কৰিব বুলি জানিব দিয়ে।