পৰীক্ষা গৃহত নকল ধৰা বাবে ধুবুৰীত টেট শিক্ষয়িত্ৰীক উন্মত্ত লোকৰ বৰ্বৰ প্ৰহাৰ

TET teacher Dhuburi

ধুবুৰীত একাংশ লোকৰ আক্ৰমণৰ সন্মুখিন হোৱা টেট শিক্ষয়িত্ৰীগৰাকী। উৎস-ইণ্টাৰনেট

ধুবুৰী জিলাৰ এখন চৰকাৰী বিদ্যালয়ত পৰীক্ষাৰ সময়ত নকলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিত এগৰাকী টেট শিক্ষয়িত্ৰীক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাক লৈ এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰাপ্ত ঘটনাৰ বিৱৰণী অনুসৰি ধুবুৰী আদাবাৰী এম ই স্কুলত ২৩ জুনত চলি থকা ইউনিট টেষ্ট পৰীক্ষাৰ সময়ত একাংশ পৰীক্ষাৰ্থীয়ে অৱলম্বন কৰা অসৎ কাৰ্য্যক বাধা দিয়াৰ ফলত একাংশ লোকে বিদ্যালয়খনৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰি শিক্ষয়িত্ৰীগৰাকীক বৰ্বৰভাৱে মাৰপিট কৰে।

এনেদৰে একাংশ লোকে মাৰপিট কৰাৰ ফলত শিক্ষয়িত্ৰীগৰাকী গুৰুতৰভাৱে আহত হয় আৰু পৰৱৰ্তীসময়ত ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হৈ শিক্ষয়িত্ৰীগৰাকীক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

উল্লেখযোগ্য যে, টেট শিক্ষয়িত্ৰীগৰাকীয়ে পৰীক্ষাৰ সময়ত নিজৰ কৰ্তব্য পালন কৰি একাংশ ছাত্ৰৰ পৰা নকল উদ্ধাৰ কৰে আৰু সেইবোৰ জ্বলাই দিয়ে এই ঘটনাৰ বাবেই শিক্ষয়িত্ৰীগৰাকীক এনেদৰে মাৰ-পিট কৰা কথাটোৱে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

আনহাতে, আহত শিক্ষয়িত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ শিক্ষক নজৰুল ইছলামকে ধৰি প্ৰায় আঠগৰাকী লোকৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।

ধুবুৰী আৰক্ষীয়ে শিক্ষয়িত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত অভিযান চলাই অভিযুক্ত নজৰুল ইছলামৰ লগতে নুৰ আলম নামৰ ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰে।