বিশ্বনাথৰ উত্তৰ চাৰিআলি আৰু লেহুগাঁৱত সাৰ্বজনীন ৰাস মহোৎসৱৰ লাই খুঁটা স্থাপন

Biswanath

অসমৰ অন্যতম সৰ্ববৃহৎ ৰাস মহোৎসৱ বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱৰ আজি বিশ্বনাথ চাৰিআলিৰ ৰে’ল গেটৰ সমন্বয় থলীত (চাৰিআলি একাডেমি খেলা পথাৰ) লাই খুঁটা পোতা হয়।

গায়ন বায়নৰ খোলৰ গুৰু ঘাট আৰু আয়তিৰ উৰুলিৰে ব্যাপক উৎসাহ উদ্বিপনাৰ মাজৰে আজি পুৱা ৰাস মহোৎসৱৰ লাই খুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকাই।

অহা ২২ আৰু ২৩ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে হ’ব লগা এই ৰাসক লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

ৰাস সমিতিৰ অন্যতম সম্পাদক গৌতম দাধৰাই আঁত ধৰা অনুষ্ঠানত কাৰ্যকৰী সভাপতি বসন্ত বৰা, উপদেষ্টা মুকুল শৰ্মা, সম্পাদক মলয় বৰা, দিলীপ শইকীয়া, ধনটি দত্ত, বিচিত্ৰ ভূঞা, ঈশ্বৰ শইকীয়া, নিপেন শইকীয়া, ৰঞ্জিত দাস, বোধন বৰুৱাকে ধৰি বহু কেইজন বিষয়ববীয়া আৰু বহু কেইখন গাঁৱৰ ৰাইজ উপস্থিত থাকে।

আনহাতে আজি বৃহত্তৰ লেহুগাঁও ৰাস মহোৎসৱৰো লাই খুঁটা পোতা হয়। অহা ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা এই ৰাস মহোৎসৱৰ লাই খুঁটা স্থাপন কৰে কাৰ্যকৰী সভাপতি অকণ শইকীয়াই।