মহানগৰীত পুনৰ ভূমিস্খলন, এজন নিহত; পাহাৰ খননত নিষেধাজ্ঞা জাৰি

এইকেইদিন হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত মহানগৰীত সংঘটিত হৈছে ভুমিস্খলনৰ ঘটনা। মঙলবাৰে যোৰাবাটত ভূমিস্খলনৰ ফলত এজন লোক আহত হোৱাৰ পিছত আজি পুনৰ গুৱাহাটীৰ গড়চুকত সংঘটিত এক ভূমিস্খলনৰ ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাব লগা হয়।

নিহত লোকজনক গড়চুকৰ কটাহবাৰীৰ বেথানি পাহাৰৰ নাৰায়ণ চাহ বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে নেৰা নেপেৰা বৰষুণৰ ফলত আজি পুৱা ৯ মান বজাত পাহাৰৰ পৰা বৃহৎ আকাৰৰ শিল খহি আহি নাৰায়ণ চাহৰ বাসগৃহত পৰে। ফলত ঘৰৰ ভিতৰত থকা চাহ গুৰুতৰভাৱে আহত হোৱাত তেওঁক সংকটজনক অৱস্থাত জি এম চি এইচলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আনহাতে বৰ্তমানেও বেথানি পাহাৰৰ পৰা শিল খহি আছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটী পাহাৰীয়া অঞ্চলসমূহৰ ৰাইজক অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে যোৱা দুটা দিনত গড়চুক, যোৰাবাটৰ উপৰি দীপৰবিল, অমিয়ানগৰ আদিকে ধৰি মহানগৰীৰ কেইবাঠাইত ভূমিস্খলন সংঘটিত হৈছে। অমিয়ানগৰত হোৱা ভূমিস্খলনৰ ফলত জি এম ডিৰ মুখ্য পথটো বেয়াকৈ খহি পৰিছে।

অমিয়ানগৰ পথ

স্থানীয় একাংশ লোকে কৰা অভিযোগ মতে কিছুদিন পূৰ্বে কোনো ব্যৱসায়ীয়ে অবৈধভাৱে পাহাৰটোত খনন কাৰ্য চলোৱা ফলতে এনে ঘটনা সংঘটিত হ’ল।

দুটাকৈ ভূমিস্খলনৰ ঘটনাৰ পিছতে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে বৰষুণ বন্ধ নোহোৱা পৰ্যন্ত পাহাৰ খনন বন্ধ ৰাখিবলৈ জাননী জাৰি কৰে। এইক্ষেত্ৰত প্ৰত্যেক ৰাজহ চক্ৰ বিষয়াক তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে জিলা দণ্ডাধীশে।

উল্লেখযোগ্য যে আজিৰ ঘটনাত সৌভাগ্যক্ৰমে নিহত নাৰায়ণ চাহৰ পত্নী আৰু একমাত্ৰ পুত্ৰ ৰক্ষা পৰে। অৱশ্যে ঘৰটো ভাঙি পৰাত তেওঁলোক এতিয়া ক’ত থাকিব সেই সংক্ৰান্তত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি চাহৰ পত্নীয়ে অভিযোগ কৰে।