লেখাপানীৰ টিপঙত দাৰ ঘাপত প্ৰাণ গ‍‘ল এজন লোকৰ; হত্যাকাৰীক গ্ৰেপ্তাৰ

হত্যাকাৰী ৰাজ কাৰ্ককি। ফটো : নৰ্থ-ইষ্ট নাও

মাৰ্ঘেৰিটা সমষ্টিৰ লেখাপানীৰ টিপঙত দেওবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড৷ নিশা গকুল কছাৰী নামৰ এজন ব্যক্তিক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰাৰ লগতে মৃত ব্যক্তিজনৰ পত্নীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চঞ্চল্যৰ সৃষ্টি কৰিছে৷

এই নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰে ৰাজ কাৰ্ককি নামৰ এজন যুৱকে।

জানিব পৰা মতে নিশা ৰাজে হাতত এখন চোকা দা লৈ টিপং টাউন চিপৰ বিল্ডিং লাইনৰ গকুল কছাৰী নামৰ ব্যক্তিজনৰ ঘৰত সোমাই কাজিয়াত লিপ্ত হয়।

কাজিয়াৰ মাজতেই ৰাজে গকুল কছাৰী নামৰ ব্যক্তিজনক দাৰে আক্ৰমণ কৰি হত্যা কাৰৰ লগতে পত্নী গৰাকীক ঘৰৰ দৰ্জা বন্ধ কৰি ধৰ্ষণৰ চেষ্টা চলায়।

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলত লেখাপানী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি হত্যাকাৰীজনক আটক কৰে৷

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ লেখাপানী আৰক্ষীয়ে বিকৃত মানসিকতাৰ ৰাজ কাৰ্কিক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷

সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰা লম্পট ৰাজক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে৷