NORTHEAST NOW (Assamese)

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

April 22, 2021 7:13 pm · এন ই নাও নিউজ
Updated: April 22, 2021 7:30 pm

এক শোকে খুন্দা মাৰি ধৰা পৰিবেশত আজি গুণমুগ্ধই শেষ বিদায় জনায় অসংখ্য হৃদয়স্পৰ্শী গীতেৰে শ্ৰোতাক মুগ্ধ কৰি ৰখা কণ্ঠ শিল্পী ভিতালী দাসক।

কালি কালাপাহাৰৰ কোভিড চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰা অসমবাসীৰ মৰমৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ প্ৰথমে চিকিৎসালয়ৰ পৰা অনা হয় গীতা নগৰৰ বাসগৃহলৈ।

গীতানগৰৰ বাসগৃহত ভিতালী দাসৰ নশ্বৰ দেহত তেওঁৰ গুণমুগ্ধসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে নশ্বৰ দেহ নিয়া হয় নৱগ্ৰহ শ্মশানলৈ।

শ্মশানত সদৌ অসম ছাত্ৰ সন্থাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, দীপাংক নাথকে প্ৰমুখ্য কৰি উপস্থিত থাকে শিল্পী তৰালী শৰ্মাৰ লগতে আন বহু লোক৷

সকলোৱে অশ্ৰুসিক্ত নয়নেৰে মৰমৰ শিল্পীগৰাকীক শেষ বিদায় জনায়।

শিল্পী গৰাকীৰ মুখাগ্নি কৰে জীয়ৰী কমলিকাই।

উল্লেখ্য বুধবাৰে সন্ধিয়া ৭.০৫ বজাত  কালাপাহাৰৰ  কোভিড  চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকাৰ সময়তে জনপ্ৰিয় শিল্পীগৰাকীয়ে মৃত্যুক সাৱটি লৈছিল।

উল্লেখ্য যে কোভিডত আক্ৰান্ত হোৱাৰ পিছতে কণ্ঠশিল্পীগৰাকীক যোৱা ১৬ এপ্ৰিলত কালাপাহাৰ কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্য ক্ৰমশঃ সংকটজনক হোৱাৰ বাবে  আইচিইউত ভৰ্তি কৰোৱা হৈছিল।

আইচিইউৰ ভেন্টিলেশ্যনত অতি সংকটজনকভাৱে চিকিৎসাধীন হৈ থকাৰ সময়তে কালি সন্ধিয়া কণ্ঠশিল্পীগৰাকীৰ মৃত্যু হয়।

যোৱা ১৪ এপ্ৰিলৰ নিশা লতাশিল বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশন কৰাৰ পিছতে কণ্ঠশিল্পীগৰাকী অসুস্থ হৈ পৰিছিল ।মৃত্যুৰ পূৰ্বে ভিতালী দাসৰ কোভিড নিগেটিভ পোৱাত তেওঁৰ মৃতদেহ পৰিয়ালৰ হাতত তুলি দিয়া হৈছিল

জানমণি, অঞ্জনা, জোনবাই, ৰাংঢালি, মৰমজান আদি বিহুগীতৰ কেছেটৰ উপৰি অসংখ্য জনপ্ৰিয় গীতত  কণ্ঠদান কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে।

Related News