এয়া প্রেমনে? মহানগৰৰ উজান বজাৰত মাতব্বৰ প্ৰেমিকে ঘুচিয়াই ভাঙিলে যুৱতীৰ চকু

Ujan Bazar Incident

যুৱতীগৰাকীক ঘুচিয়াই বেয়াকৈ আহত কৰা প্ৰেমিকৰূপী ঋষি চৌধুৰী।

প্ৰেমৰ নামত মাতব্বৰিতাৰ চূড়ান্ত উদাহৰণেৰে এজন যুৱকে আজি পুৱা মহানগৰীৰ উজান বজাৰত এগৰাকী যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে।

যুৱকজনৰ প্ৰচণ্ড ঘোচাত যুৱতীগৰাকীয়ে বাওঁ চকুটোত বেয়াকৈ আঘাত পায়। ঘটনা সন্দৰ্ভত লতাশিল আৰক্ষীয়ে যুৱকজন আৰু তেওঁৰ ২জন বন্ধুক আটক কৰিছে।

লতাশিল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুনীল কলিতাই জনোৱামতে, ঘটনাটোত আহত যুৱতীগৰাকীৰ আচল ঘৰ কৰিমগঞ্জৰ পাথৰকান্দিত। তেওঁ মহানগৰীৰ চানমাৰি অঞ্চলত এটা ভাৰাঘৰত থাকে।

আনহাতে ঋষি চৌধুৰী নামৰ অভিযুক্ত যুৱকজন ভুক্তভোগী যুৱতীগৰাকীৰ প্ৰেমিক।

আহত যুৱতীগৰাকী।

 

আৰক্ষীৰ ভাষ্য মতে, গোটেই ৰাতি চলা এটা পাৰ্টিৰ পিছত এই ঘটনাটো ঘটে। ঋষি চৌধুৰীৰ বন্ধু কংকন ডেকাই তেওঁ নতুনকৈ লোৱা ভক্স ৱাগেন (AS 01 BB 1000) গাড়ীৰ বাবে এই পাৰ্টিৰ আয়োজন কৰিছিল আৰু তালৈ ঋষি চৌধুৰী, অভিজিৎ ডেকা আৰু যুৱতীগৰাকীক নিমন্ত্ৰণ কৰিছিল। পাৰ্টিৰ পিছত যুৱতীগৰাকী আৰু আন দুজনে অভিজিতক উজান বজাৰৰ মালীবাগানত থ’বলৈ গৈছিল।

তেনেকুৱাতে ঋষিয়ে যুৱতীগৰাকীৰ ফ’নটোত আন কোনো যুৱকৰ কল দেখা পাই খঙত হিতাহিত জ্ঞান হেৰুৱাই তেওঁক বেয়াকৈ প্ৰহাৰ কৰে। ঘটনাটো দেখা পোৱা উজান বজাৰৰ স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। লতাশিল আৰক্ষী তাৎক্ষণিকভাৱে আহি তিনিওজনকে আটক কৰাৰ লগতে গাড়ীখনো জব্দ কৰে। গাড়ীত সুৰাৰ বটল পোৱা বুলি জানিবলৈ দিছে সুনীল কলাতাই।

আনহাতে, আৰক্ষীয়ে আহত যুৱতীগৰাকীক চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেললৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে শেহতীয়াকৈ জনোৱা মতে, যুৱতীগৰাকীয়ে প্ৰথম অৱস্থাত যুৱককেইজনৰ বিৰুদ্ধে এজাহাৰৰ দাখিল কৰিবলৈ সন্মত হোৱা নাছিল যদিও পিছত সিদ্ধান্ত সলনি কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৯৪/ ৩২৫/ ৩৫৪ আৰু ৫০৬ ধাৰাত ২২৩/১৮ নম্বৰৰ গোচৰ ৰুজু কৰিছে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।