অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ল লতাশিল বিহু সন্মিলন; কেৱল পতাকা উত্তোলন কৰিয়ে সামৰিলে কাৰ্যসূচী

পৃথিৱীৰ অসুখ, সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ক’ৰ’না ভাইৰাছে। ক’ৰ’না সংক্ৰমণ ৰোধৰ বাবে ল’কডাউন। ল’কডাউনৰ বাবে স্তব্ধ কৰিছে সকলো। তাৰেই মাজেৰে আহিছে  অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহু।

ব’হাগ মাথো এটি ঋতু নহয় ই অসমীয়াৰ আয়ুস ৰেখা ৷ চৌদিশ নীৰৱ যদিও অনুষ্ঠুপীয়াকৈ পালন কৰা হৈছে ৰঙালী বিহু।

গুৱাহাটী বিহু সন্মিলনীৰ বিষয়ববীয়াসকলে ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত আজি পতাকা উত্তোলন কৰিয়ে শেষ কৰিছে হেপাঁহৰ ৰঙালী বিহু৷

যিহেতু অইন বাৰৰ দৰে এইবাৰ নাই বিহু সম্ৰাজ্ঞী, বিহু কুঁৱৰী প্ৰতিযোগিতা বা কোনো সাংস্কৃতিক অনুষ্ঠান। মাত্ৰ কিছু সময়ৰ বাবে ঢোলৰ মাতত গুমগুমালে লতাশিল৷ সামাজিক দূৰত্ব মানি উপস্থিত থাকিল বিষয়ববীয়াসকল।

উল্লেখযোগ্য যে ১৯৫২ চনতেই পোন প্ৰথমবাৰ গছ তলৰ বিহুৰ পৰা মঞ্চবিহুলৈ অহা এইখনি বিহুতলি আজি  ল’কডাউনৰ বাবে নিমাত নিতাল।  ১৯৮৩ চনৰ অসম আন্দোলনৰ পিচত দ্বিতীয় বাৰৰ বাবে গুৱাহাটী বিহু সন্মিলনীয়ে অনুষ্ঠুপীয়াকৈ উদযাপন কৰিলে ৰঙালী বিহু৷

পতাকা উত্তোলনৰ পিছত পূৰ্বৰ বছৰ সমূহত ইয়াত জনসাধৰণৰ ভিৰ দেখা যায় কিন্তু আজি সম্পূৰ্ন বিপৰীত দৃশ্য দেখা যায়। নীৰৱ পৰিবেশত উৰিল ঐতিহাসিক লতাশিল বিহুৰ পতাকা৷ নীৰৱতাৰ বুকুৰ মাজেৰেই বিহু নাছিলে সকলোৱে৷