‘তিনি তালাক’ আইনৰ গতি স্তব্ধ হ’ব নেকি? উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান!

triple_talaq

ফটোৰ উৎস : ইণ্টাৰনেট।

কেন্দ্ৰৰ বিজেপি চৰকাৰে তিনি তালাক বিধেয়কখন লোকসভাৰ পিছতে ৰাজ্যসভাতো গৃহীত কৰি আইন প্ৰণয়ন কৰাৰ সময়তে বিতৰ্কিত বিধেয়কখনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এটা সংগঠন।

চমস্থা কেৰালা জামিয়াথুল উলেমা (Samastha Kerala Jamiyyathul Ulama) নামৰ এই ইচলামিক সংগঠনো কেৰালাৰ আৰু ই ৰাজ্যখনৰ এটা উল্লেখযোগ্যভাৱে ডাঙৰ সংগঠন, য’ত বহুসংখ্যক ইচলামিক পণ্ডিত আৰু মৌলবী সদস্য হিচাপে আছে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অলপতে দুয়োখন সদনতে সফলতাৰে গৃহীত কৰা বিধেয়কখনক আধাৰ কৰি প্ৰস্তুত কৰা Women (Protection of Rights on Marriage) Act of 2019-এ তিনি তালাকক এটা দণ্ডনীয় অপৰাধ হিচাপে চিহ্নিত কৰিছে। কোনো মুছলমান স্বামীয়ে তিনিবাৰ ‘তালাক’ শব্দটো উচ্চাৰণ কৰিলেই তেওঁৰ বিৰুদ্ধে আইনী বিচাৰ চলাব পৰা যাব আৰু দোষী সাব্যস্ত হ’লে তিনি বছৰ পৰ্য্যন্ত কাৰাবাসৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছে। এই গোচৰৰ ধাৰা জামিনবিহীন।

বিধেয়কখনক আইনৰ ৰূপ দিয়াত কেন্দ্ৰীয় চৰকাৰক বাধা দিবলৈ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ত ২ আগষ্টত দাখিল কৰা আৱেদনখনত তিনি তালাক আইনখনৰ উদ্দেশ্য সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছে।

সংগঠনটোৱে কৈছে, যিকোনো যুক্তিবাদী মানুহেই অসুখী বিবাহৰ পৰা মুছলমান পত্নী এগৰাকীক সুৰক্ষা দিয়াৰ বাবে তেওঁৰ দোষী স্বামীক কাৰাগাৰলৈ প্ৰেৰণক এটা উপায় হিচাপে বিশ্বাস কৰিব নোৱাৰে।

“স্বামীসকলক কাৰাবাস দি পত্নীসকলৰ সুৰক্ষাত উপনীত হ’ব নোৱাৰি”, সংগঠনটোক প্ৰতিনিধিত্বত কৰা অধিবক্তা জুলফিকৰ আলীয়ে কয়।

“উচ্চতম ন্যায়ালয়ে ‘তিনি তালাক’ৰ ইতিপূৰ্বে কোনো আইনী বৈধতা নাই বুলি কৈয়ে দিছে। তিনি তালাক উচ্চাৰণ কৰিলেও বিবাহ ভংগ নহয়, ই অব্যাহত থাকিব। তেনে ক্ষেত্ৰত চৰকাৰে কিয় ইয়াক এটা অপৰাধৰ ৰূপ দিবলৈ আগ বাঢ়িছে?”, বিচাৰাৱেদনখনত কোৱা হৈছে।

উল্লেখযোগ্য যে বিজেপি চৰকাৰখনে এই আইনখনৰ জৰিয়তে মহিলাৰ অধিকাৰক সুৰক্ষা দিবলৈ গৈ তিনি তালাকৰ অপৰাধীকৰণ (criminalisation) কৰা বুলি সমালোচনাৰ সৃষ্টি হৈছে।