• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২১’ত বিজেপিক প্ৰত্যাহ্বান : ৰাজনৈতিক দল গঠনৰ আনুষ্ঠানিক ঘোষণা ৭০ সংগঠনৰ নেতৃত্বৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 20, 2020 5:59 pm
1k
VIEWS
Share on FacebookShare on Twitter

২০২১ ত বিজেপিৰ প্ৰত্যাহ্বান হিচাপে থিয় দিব ৭০ টাকৈ জাতীয় সংগঠনৰ নেতৃত্বত গঠন হ’বলগীয়া প্ৰস্তাৱিত নতুন ৰাজনৈতিক দলটোৱে।

এই দাবী কৰিছে ৭০ সংগঠনৰ অন্যতম নেতৃত্ব তথা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

অহা অক্টোবৰ মাহত এই ৰাজনৈতিক দলটোৱে আত্মপ্ৰকাশ কৰিব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে ৰুবুল দাসে।

নৰ্থ ইষ্ট নাওৰ আগত দাসে কয়, ‘অক্টোবৰ মাহৰ শেষৰ ফালে অখিল গগৈৰ নেতৃত্বত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত ৰাজনৈতিক দল গঠন কৰাটো নিশ্চিত। ৰাজনৈতিক দল গঠনৰ প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে আৰম্ভ কৰি দিয়া হৈছে। ঠায়ে ঠায়ে, জিলাই জিলাই সমিতি গঠন কৰা হৈছে। যাৱতীয় কাম কাজ ইতিমধ্যে আগবঢ়োৱা হৈছে।‘

ইপিনে, জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে ৰাজনৈতিকভাৱে বিজেপিক ২০২১ ত প্ৰত্যাহ্বান জনাব লাগিব বুলি দাবী কৰি দাসে লগতে কয়, ‘সুদীৰ্ঘ সময় একেলগে কা বিৰোধী সংগ্ৰাম কৰিছিলো। কৃষক নেতা অখিল গগৈৰ নেতৃত্বত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত ২০২১ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো ১০০ শতাংশ নিশ্চিত।‘

‘ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰক যিকোনো প্ৰকাৰে শাসনৰ পৰা আঁতৰাব লাগিব। কোনো কাৰণতে অসমীয়া ৰাইজে বিজেপিক ৰাজপাটত বহুৱাব বিচৰা নাই।‘ এইদৰে কয় দাসে।

ইপিনে, কিছুদিন পূৰ্বে সুত্ৰৰ ওপৰত ভিত্তি কৰি ৭০ সংগঠনৰ প্ৰথম পৰ্য্যায়ৰ প্ৰাৰ্থিত্ব তালিকা এখন প্ৰকাশ পাইছিল।

সুত্ৰটোৱে উল্লেখ কৰিছিল যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে টীয়ক আৰু শিৱসাগৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই সোণাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

ৰহা সমষ্টিৰ পৰা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে প্ৰতিদ্বন্দ্বিতা কৰিব।

টাই আহোম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে মাহমৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে থাওৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাই হাজো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

মদ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ দাস অথবা ৭০ সংগঠনৰ নেতা ধ্ৰুৱ ভৰালীয়ে দেৰগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্য এগৰাকী উপদেষ্টা চাহজাহান হুছেইনে জনিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালে শদিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

৭০ সংগঠনৰ অন্যতম নেতা বিদ্যুত কলিতাই পলাশবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই গোলাঘাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

প্ৰদীপ বৰুৱাই দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তৃষ্ণা শৰ্মাই পূৱ গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

ইয়াৰোপৰি সুত্ৰটোৱে জনোৱা অনুসৰি প্ৰণৱজ্যোতি শইকীয়াই বিহপুৰীয়াৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

ডিব্ৰুগড় আৰু লাহোৱালৰ পৰা উদয়ন গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।

তাৎপৰ্যপূৰ্ণভাৱে, জালুকবাৰী সমষ্টিৰ পৰা স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈয়ে প্ৰতিদ্বন্দিতা কৰিব। লুই বাৰ্জাৰ কেলেংকাৰিৰ বিৰুদ্ধে দীৰ্ঘদিন মাত মাতি আহিছে ভবেন সন্দিকৈয়ে।

সুত্ৰটোৱে দিয়া এই তালিকাখনৰ কথা ৰুবুল দাসক সোধাত তেওঁ সুত্ৰৰ তথ্যৰ ভিত্তি থকা বুলি উল্লেখ কৰে।

‘১২৬ টা সমষ্টিৰ ভিতৰত অধিকসংখ্যক সমষ্টিতে ৭০ সংগঠনৰ প্ৰস্তাৱিত প্ৰাৰ্থীসমূহ থাকিব। সুত্ৰই প্ৰকাশ কৰা তথ্যৰ ভিত্তি আছে। ডিব্ৰুগড় আৰু লাহোৱালত উদয়ন গগৈ, হাজো সমষ্টিত জিতুল ডেকা, শিৱসাগৰ আৰু টিয়কত অখিল গগৈ, জনিয়া সমষ্টিত চাহজাহান হুছেইনে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে।‘ দাসে এইদৰে কয়।

ইপিনে, সমভাৱাম্পন্ন ৰাজনৈতিক দলৰ সৈতে কথা-বতৰা পাতি আসন বুজা-বুজিৰ মাজৰে নিৰ্বাচনী প্ৰক্ৰিয়াটো আগুৱাই নিব লাগিব বুলি উল্লেখ কৰি দাসে লগতে কয় ‘যিকোনো মূল্যৰ বিনিময়ত বিজেপি চৰকাৰক উৎখাত কৰিব লাগিব।‘

Recent News

সত্যপাল-ধনখড়ক অৱজ্ঞা কৰিছে দলে; মুকলিকৈ মন্তব্য কৰি বহিষ্কৃত হ’ল বিজেপি নেতা

সত্যপাল-ধনখড়ক অৱজ্ঞা কৰিছে দলে; মুকলিকৈ মন্তব্য কৰি বহিষ্কৃত হ’ল বিজেপি নেতা

বাংলাদেশৰ পৰা আক্ৰমণৰ আশংকা; সতৰ্কতা জাৰি ইন্টেলিজেঞ্চ ব্যুৰোৰ

বাংলাদেশৰ পৰা আক্ৰমণৰ আশংকা; সতৰ্কতা জাৰি ইন্টেলিজেঞ্চ ব্যুৰোৰ

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd