শিৱসাগৰত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বাওঁ গণতান্ত্ৰিক মঞ্চৰ প্ৰতিবাদ

IMG-20191118-WA0014

ফটো : নৰ্থ-ইষ্ট নাও

আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিবেশনত কেন্দ্ৰীয় চৰকাৰে আনিব লগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে আজি ৰাজ্যৰ বিভিন্ন ঠাইত দেখা গ’ল তীব্ৰ প্ৰতিবাদ।

বিধেয়কৰ বিৰোধিতাৰে শিৱসাগৰত বাওঁ গণতান্ত্ৰিক মঞ্চৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাওঁ গণতান্ত্ৰিক মঞ্চৰ হৈ চি পি আই, চি পি আই(এম), আৰ চি পি আই আৰু অসম সংগ্ৰামী মঞ্চই শিৱসাগৰৰ টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ পৰা সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

বিক্ষোভকাৰী সকলক সম্বোধি চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে কয়, ‘হয়তো পূৰ্বৰ বিধেয়কখনৰ কিছু সংশোধন ঘটাই এইবাৰ উত্তৰ-পূবৰ বাকী ৰাজ্য কেইখনক ৰেহাই দি কেৱল অসম আৰু ত্ৰিপুৰাত হিন্দু বিদেশী তথা বাংলাদেশীক নাগৰিকত্ব দিব বিচাৰিছে’।

অসম বিৰোধী, সংবিধান বিৰোধী আৰু সাম্প্ৰদায়িক বিলখন যদি মোদী চৰকাৰ আৰু সৰ্বানন্দ চৰকাৰে অসমৰ ওপৰত জাপি দিয়ে তেন্তে অসমত ভয়াবহ পৰিস্থিতি সৃষ্টি হ’ব বুলিও তেওঁ চৰকাৰক সঁকিয়াই দিয়ে।

ইয়াৰ উপৰি তেওঁ, ‘বিজেপি আৰ এছ এছৰ বাহিৰে সকলো অসমীয়াই এই বিধেয়ক বিৰোধিতা কৰাৰ পিছতো চৰকাৰ দুখনে দম্ভালি মাৰি কেৱল ভোটবেংকৰ স্বাৰ্থতে পুনৰ বিলখন আনিব বিচাৰিছে। অসমৰ ভাষা-সংস্কৃতিক ধংস কৰিব বিচৰা, জাতি-মাটি, ভেটি-সম্পদ শেষ কৰিব বিচৰা তথা জনগাঁথনি, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পৰা বিধেয়কখন সকলো অসম প্ৰেমীয়ে বিৰোধিতা কৰাটো প্ৰয়োজন’।

তেওঁ লগতে কয়, ‘জাতিৰ প্ৰথম আৰু প্ৰধান পৰিচয়ে হৈছে ভাষা। আমাৰ ভাষাই যদি চৰকাৰী মৰ্যাদা হেৰুৱাব লগা হয় তেন্তে অসমীয়াই কেতিয়াও স্বাধীন মনেৰে জীয়াই থাকিব নোৱাৰিম’।

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি তেওঁ কয় যে অসমৰ বহুকেইটা বিধান সভা সমষ্টি বাংলাদেশী মুছলমানৰ হাতলৈ গ’ল বুলি জনতাক আৱেগিক কৰি আছে তেখেতক আমি প্ৰত্যাহ্বান জনাব বিচাৰো যে হিন্দু বাংলাদেশী সংস্থাপন দি আমাৰ সমষ্টি সুৰক্ষিত কৰিব নোৱাৰে।

‘বিশ্ব শৰ্মাৰ যদি দম আৰু সাহস আছে, তেন্তে অসমৰ ছয় জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসমক জনজাতীয় ৰাজ্য ঘোষণা কৰক আৰু তেতিয়া অতি কমেও ৮৭ টা বিধান সভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত তথা সুৰক্ষিত কৰি ৰাখিব পাৰিব’।