• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2025 8:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চাৰিটা বাওঁপন্থী দল ক্ৰমে চিপিআই(এম), চিপিআই, চিপিআই(এম-এল) আৰু এআইএফবিৰ নেতৃবৃন্দ কালি ১৩ জুনৰ সন্ধিয়া চিপিআই(এম)ৰ ৰাজ্যিক  কাৰ্যালয়ত এখন যৌথ সভাত মিলিত হৈ ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে আৰু আগন্তুক সময়ত জনগণৰ দায়-দাবীবোৰক লৈ ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰে। বাওঁ দলসমূহে উদ্বেগেৰে লক্ষ্য কৰে যে অসমৰ বিজেপি-নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অতি সম্প্ৰতি তথাকথিত ‘উন্নয়ন’ৰ নামত ৰাজ্যৰ ঠায়ে ঠায়ে আনকি থলুৱা জনগোষ্ঠীসমূহৰ লোককো নিৰ্মমভাৱে উচ্ছেদ কৰি আদানি-আম্বানীৰ দৰে বৃহৎ পুঁজিপতি আৰু কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত ৰাজ্যৰ প্ৰাকৃতিক সম্পদ লুণ্ঠন আৰু পৰিৱেশ ধ্বংসৰ অভিযান আৰম্ভ কৰিছে। অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বত ৰাজ্যত উৎকট সাম্প্ৰদায়িক অভিযানকো বৰ্বৰ ৰূপ দিয়া হৈছে। ক্ষমতাৰ খকত ধৰ্মীয় মেৰুবিভাজনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে দিনে-নিশাই সাম্প্ৰদায়িক বিষবাষ্প উগাৰি আছে। উন্নয়ন প্ৰসংগত দলসমূহে স্পষ্ট কৰি দিয়ে যে বাওঁ দলসমূহ উন্নয়নবিৰোধী নহয়, কিন্তু জনগণৰ জীৱন-জীৱিকাৰ ওপৰত ক্ৰমবৰ্ধমান আক্ৰমণ, জনগণক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত আৰু পৰিৱেশ ধ্বংসৰ জৰিয়তে কৰ্পোৰেট লুণ্ঠনৰ স্বাৰ্থত আৰম্ভ কৰা তথাকথিত উন্নয়নৰ বাওঁ দলসমূহ তীব্ৰ বিৰোধী।

চিপিআই(এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য তথা জ্যেষ্ঠ নেতা ইচ‌্ফাকুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত বাওঁ দলসমূহৰ সভাখনত চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য নিৰংকুশ নাথ, চিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈ আৰু নেতা কৃষ্ণ গগৈ, চিপিআই(এম-এল)-লিবাৰেচনৰ ৰাজ্যিক সম্পাদক বিবেক দাস আৰু অন্যতম নেতা পংকজ কুমাৰ দাস, এআইএফবিৰ ৰাজ্যিক নেতা বিষ্ণু বড়ো, গৌতম বৰুৱা আৰু মিলন বৰুৱাই অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে আহমেদাবাদত যোৱা ১২ জুনৰ দিনা সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ আৰু নিহতসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰা হয়। সভাই পাহাৰীয়া জিলা ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ জনজাতীয় ৰাইজক উচ্ছেদ কৰি হাজাৰ হাজাৰ বিঘা মাটি কৰ্পোৰেটক দিয়াৰ ষড়যন্ত্ৰৰ উপৰি কেৱল কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ অন্তৰ্গত বাসবাৰীতে তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে আদানি গ্ৰুপক ৩,৪০০ বিঘা মাটি হস্তান্তৰৰ আঁচনি, কামৰূপ জিলাৰ পলাশবাৰীৰ বৰদুৱাৰ অঞ্চলত ‘চেটেলাইট টাউনশ্বিপ’ৰ নামত বিভিন্ন জনগোষ্ঠীৰ থলুৱা লোকসকলক কৰিব বিচৰা উচ্ছেদ অভিযানৰ প্ৰতিবাদত আন্দোলনৰত সকলো অংশৰ জনগণৰ প্ৰতি সংহতি প্ৰকাশ কৰে। তদুপৰি, সংশ্লিষ্ট ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বাওঁ দলকেইটাৰ প্ৰতিনিধি ভ্ৰমণ কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰিব আৰু অচিৰেই ভূমি ৰক্ষাৰ আন্দোলন তীব্ৰতৰ কৰাৰো পৰিকল্পনা গ্ৰহণ কৰিব।

বাওঁ দলসমূহে আইনৰ শাসন নমনা স্বৈৰাচাৰী, সাম্প্ৰদায়িক, জনগণৰ স্বাৰ্থ জলাঞ্জলি দি বহিৰাগত বৃহৎ বণিয়া তথা কৰ্পোৰেটৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া আৰু পৰিৱেশ ধ্বংসকাৰী বিজেপি দল আৰু চৰকাৰখনক ২০২৬ৰ বিধানসভা নিৰ্বাচনত ক্ষমতাৰ পৰা উৎখাত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ সকলো ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক দলৰ মাজত বহল ঐক্য গঢ়ি তোলাৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতি আহ্বান জনায়।

তদুপৰি, পেলেষ্টাইনৰ গাজাত চলি থকা ইজৰাইলৰ গণহত্যা বন্ধ কৰাৰ লগতে স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ দাবীত অহা ১৭ জুনত সমগ্ৰ দেশত বাওঁ দলসমূহে আহ্বান জনোৱা কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই অসমতো বাওঁ দল কেইটাৰ নেতৃবৃন্দই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ দিৱস পালন কৰাৰ সিদ্ধান্ত লয়। সিদিনা গুৱাহাটীত দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত বাওঁ দলসমূহে প্ৰতিবাদ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm
নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

September 12, 2025 8:00 pm
আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

September 12, 2025 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd