• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2023 9:45 pm
243
VIEWS
Share on FacebookShare on Twitter

নেটফ্লিক্সৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সতৰ্কবাণী প্ৰদান কৰিছে মিথুনে। আমেৰিকাৰ চিটকমৰ এটা  বিনোদনধৰ্মী চিৰিজত মাধুৰী দীক্ষিতক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে।

মাধুৰী দীক্ষিতৰ এজন অনুৰাগীয়ে অ’টিটি কৰ্তৃপক্ষক আইনী জাননী প্ৰেৰণ কৰি এই খণ্ডটো আঁতৰাবলৈ সকীয়াই দিছে।

মিথুন বিজয় কুমাৰ নামৰ ব্যক্তিজনে সৰুৰে পৰা অভিনেত্ৰী মাধুৰীৰ অনুৰাগী বুলি পৰিচয় দি আহিছে। তেওঁৰ প্ৰিয় নায়িকাক অসন্মান কৰাৰ বাবে তেওঁ নেটফ্লিক্সলৈ আইনী জাননী প্ৰেৰণ কৰিছে। এই জাননীত ‘বিগ বেং থিয়ৰী’ নামৰ বিনোদনধৰ্মী অনুষ্ঠানটোৰ এটা খণ্ড প্ৰত্যাহাৰ কৰাৰ দাবী জনোৱা হৈছে। মিথুনে অভিযোগ কৰিছে যে সেই খণ্ডটোত মাধুৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা হৈছে।

মিথুন পেছাত এগৰাকী সাহিত্যিক আৰু মানৱ অধিকাৰ কৰ্মী। শ্ব’টোত এটা বিশেষ সংলাপক লৈ তেওঁ আপত্তি কৰিছিল, য’ত মাধুৰীক ‘কুষ্ঠ ৰোগী যৌনকৰ্মী’ বুলি কোৱা হৈছিল।

মিথুনে অভিযোগত কৈছে যে ই মহিলাৰ বিৰুদ্ধে এক অপমান। বিশেষকৈ বিশ্বৰ দৰবাৰত মাধুৰীৰ ভাবমূর্তি ধ্বংস কৰাৰ কোনো প্রচেষ্টা তেওঁ সহ্য নকৰে৷

উল্লেখ্য যে এই ‘বিগ বেং থিয়ৰী’ নামৰ শ্বটো কেলিফৰ্ণিয়াত বসবাস কৰা চাৰিজন বিজ্ঞানীৰ জীৱনৰ ওপৰত আধাৰিত। ইয়াৰ এজন বিজ্ঞানীৰ জন্ম ভাৰতত। কেৰ্লিফ’ণিয়াত বাস কৰা ভাৰতীয় বিজ্ঞানীজন হৈছে ৰাজেশ কোথাৰাপল্লী। ৰাজেশ কোথাৰাপল্লীৰ চৰিত্ৰত অভিনয় কৰিছে বৃটিছ অভিনেতা কুনাল নাইৰে।

শ্ব’টোৰ দ্বিতীয় ছিজনৰ প্ৰথম খণ্ডৰ এটা সংলাপক লৈ এই আইনী জাননী প্ৰেৰণ কৰা হৈছে। খণ্ডটোৰ শিৰোনাম হৈছে ‘দ্য বেড ফিচ পেৰাডাইম’। তাত দুটা চৰিত্ৰৰ মাজত হোৱা কথা–বতৰাৰ সময়তে বলীউডৰ অভিনেত্ৰীসকলৰ বিষয়টো আহি পৰে। তাত ৰাজেশ নামৰ চৰিত্ৰটোৰ লগত হোৱা কথোপ-কথনত কোৱা হয় যে “ঐশ্বৰ্য ৰায় এগৰাকী দেৱী, কিন্তু তুলনামূলকভাৱে মাধুৰী দীক্ষিত এগৰাকী ‘কুষ্ঠ ৰোগী যৌনকৰ্মী’।

ধাৰাবাহিকখনৰ সেই অংশটো চাই মিথুন ক্ষোভিত হৈ পৰে। তেওঁ কয়, “নাৰীবিদ্বেষ আৰু যৌনতাবাদ এনেকৈ উদযাপন কৰা হ’ব? আৰু আমি বহি চাই থাকিম? কেতিয়াও নহয়!”

Recently, I came across an episode of the show Big Bang Theory on Netflix where Kunal Nayyar’s character uses an offensive and derogatory term to refer to the legendary Bollywood actress @MadhuriDixit. As a fan of Madhuri Dixit since childhood, I was deeply disturbed by the… pic.twitter.com/pvRCKd5Ne4

— Mithun Vijay Kumar (@MVJonline) March 22, 2023

মিথুনে কয় যে যদি এই অংশটো অ’টিটি শ্ব’ৰ পৰা আঁতৰোৱা নহয় তেন্তে তেওঁ তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

Recent News

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd