NORTHEAST NOW (Assamese)

অলিম্পিকত পদক জয়ৰ বাবে হিমাক গুৰুত্বপূৰ্ণ টিপছ দিলে দেশৰ জীৱন্ত কিংবদন্তী দৌৰবিদ পি টি উষাই

August 8, 2019 9:44 am · এন ই নাও নিউজ
Updated: August 8, 2019 9:50 am
পি টি উষা আৰু হিমা দাস। উৎস-ইণ্টাৰনেট

ভাৰতৰ উদীয়মান স্প্ৰীণ্টাৰ তথা অসম সন্তান হিমা দাসক গুৰুত্বপূৰ্ণ উপদেশ দিছে দেশৰ কিংবদন্তী দৌৰবিদ পি টি উষাই।

লক্ষ্ণৌত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশৰ কিংবদন্তী স্পীণ্টাৰগৰাকীয়ে হিমাক অলিম্পিকত উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ বাবে বৃহৎ পৰ্যায়ৰ চেম্পিয়নশ্বিপত ভাগ লোৱাৰ বাবে আহ্বান জনায়।

উষাই ‘ধিং এক্সপ্ৰেছ’ হিচাপে খ্যাত হিমালৈ উপদেশ হিচাপে কয় যে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি ভাল খেলিবলৈ হ’লে এতিয়াৰে পৰা তেওঁ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাসমূহত ভাগ লোৱা উচিত।

আনহাতে, হিমাই বৰ্তমানলৈ ভাগ লৈ পদক অৰ্জন কৰা টুৰ্ণামেণ্ট সমূহ বিশ্ব চেম্পিয়নশ্বিপৰ ৰেংকিং পদ্ধতিৰ তলৰ খাপৰ বুলি উল্লেখ কৰি পি টি উষাই কয় যে এনে টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি থাকিলে হিমাৰ প্ৰদৰ্শনত ই উন্নতি নঘটায়।

ভাৰতৰ মহান দৌৰবিদ গৰাকীয়ে হিমাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটসকলৰ বিৰুদ্ধে বিদেশৰ মাটিত অনুষ্ঠিত আগশাৰীৰ চেম্পিয়নশ্বিপত ভাগ লৈ যদি নিজৰ প্ৰদৰ্শনৰ উন্নতি ঘটাব পাৰে তেন্তে তেওঁৰ অলিম্পিকত পদক জয় কৰাৰ যথেষ্ট সম্ভাৱনা আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ বৰঙণিৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা পি টি উষাক পদ্মশ্ৰী আৰু অৰ্জুন বটাৰে সন্মানিত কৰা হয়।

 

Related News