কম বিদেশী চিনাক্ত হোৱাটো ৰাজ্যৰ বাবে কিয় মংগল? ১৫ লাখ বিদেশীক খুওৱাৰ খৰচ বছৰত হ’ব প্ৰায় ৫ লাখ কোটি টকা

বাস্তৱতাৰ লগত সম্পৰ্কৰহিত চিন্তাৰ দাস হৈ আমি এন আৰ চিত বাদ পৰা সংখ্যা আৰু বাঢ়িব লাগিছিল বুলি চিঞৰি মৰিছো

Logo_of_NRC_Assam-1140x570-1024x512

প্ৰতিনিধিত্বমূলক

এন আৰ চিৰ ৰাজ্যৰ অৰ্থনীতি আৰু উন্নয়নৰ পটভূমিত লাভজনক প্ৰমাণিত হ’ব নে?

এন আৰ চিৰ “সফলতা”ত উপনীত হোৱাৰ পিছত বাদ পৰা ১৯ লাখ লোকৰ ১৫ লাখকো যদি আমি বিদেশী বুলি চিনাক্ত হোৱাটো আশা কৰো, তেন্তে এই বিদেশীসকলক ডিটেনশ্যন কেম্পত ৰাখি প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়াৰে বহিষ্কাৰ কৰাটোও এটা দাবী হ’ব, যিটোৰ বাবে আমি বহুত কিবাকিবি বিসৰ্জন দিবলৈ ৰাজি থাকিব লাগিব।

আমাৰ বাট-পথ নিৰ্মাণৰ ধন, আমাৰ শিক্ষা-স্বাস্থ্যৰ ধন, আমাৰ ৰাজহুৱা কল্যাণৰ ধন, আমাৰ সামগ্ৰিক উন্নয়নৰ ধন, উদ্যোগ স্থাপন আদিৰ ধনৰ মোটা অংশ এই প্ৰক্ৰিয়াটোত খৰচ কৰিবলৈ আমি চৰকাৰক অনুমতি দিব লাগিব।

কাৰণ এইবোৰ বতাহতে নহয়। এইবোৰ কৰোঁতে প্ৰতিজন মানুহৰ বাবত চৰকাৰৰ খৰচ পৰিব। বিদেশী ন্যায়াধিকৰণ প্ৰতিষ্ঠা, ন্যায়াধীশ নিযুক্তি, বিচাৰ প্ৰক্ৰিয়া চলাই নিয়া আদিত চৰকাৰে প্ৰচুৰ ধন খৰচ কৰিব লাগিব।

আনকি বিদেশী বুলি চিনাক্ত হোৱা প্ৰতিজনক বহিষ্কাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ নুঠালৈকে ডিটেনশ্যন কেম্পত ৰাখোতে প্ৰতিজন লোকৰ দৈনিক যি খৰচ পৰিব তাক যদি ১৫ লাখৰ হিচাপেৰে পূৰণ কৰা হয়, সি হৈ পৰে এটা অভাৱনীয় ডাঙৰ ৰাশি।

দৈনিক গাইপতি ৩০০ টকাকৈ ১৫ লাখ বিদেশীক ৰখাৰ খৰচ হ’য় দৈনিক প্ৰায় ৪৫ কোটি টকা। মাহত ১৩৫০ কোটি টকা। আৰু বছৰত হয়গৈ ৪৯২৭৫০,০০,০০,০০০ টকা। অৰ্থাত প্ৰায় ৫ লাখ কোটি টকা। যিটো ৰাজ্য চৰকাৰ বাদেই, কেন্দ্ৰীয় চৰকাৰেও বহন কৰাটো প্ৰায় অসম্ভৱ।

২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট প্ৰাককলন মতে, ৰাজ্য চৰকাৰে বছৰটোত বিভিন্ন শিতানত পাব পৰা ৰাজহৰ পৰিমাণ ১ লাখ কোটি টকাতকৈও কম।

বুলেট ট্ৰেইনৰ প্ৰকল্পৰ বাজেট হ’ল ১.১ লাখ কোটি টকা। গতিকে এবছৰ ১৫ লাখ বিদেশীক খুৱাবলৈ এনেকুৱা বৃহৎ বৃহৎ উন্নয়নমূলক কাম বা পদক্ষেপ বলিদান দিব লগীয়া হ’ব। একোজন বিদেশী তিনি-চাৰি বছৰ, আনকি ৫-১০ বছৰো ডিটেনশ্যন কেম্পত ৰাখিব লগীয়া হয়। ই আমাৰ সমস্ত উন্নয়ন স্তব্ধ কৰি নিদিবনে?

গতিকে, বাস্তৱতাৰ লগত সম্পৰ্ক ৰহিত চিন্তাৰ দাস হৈ আমি এন আৰ চিত বাদ পৰা সংখ্যা আৰু বাঢ়িব লাগিছিল বুলি চিঞৰি মৰিছো।

প্ৰতিজন বিদেশীৰ বাবত চৰকাৰে খৰচ কৰিব লগীয়া প্ৰতিটো টকা নাগৰিকৰ উপাৰ্জনৰ পৰাই যাব (চৰকাৰৰ ধন আমাৰেই)।

আনহাতে বাংলাদেশৰ সৈতে ভাৰত চৰকাৰৰ বিদেশী প্ৰত্যৰ্পণ চুক্তি নথকা বাবে বিদেশীসকলক বহিষ্কাৰ কৰাটো সহজ নহ’ব। ইতিমধ্যে এন আৰ চিৰ প্ৰকাশৰ পিছতে বাংলাদেশৰ বিদেশ মন্ত্ৰীয়ে বাদপৰা লোকসকল বাংলাদেশৰ নাগৰিক নহয় বুলি মন্তব্য কৰিছেই। অলপতে অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰে উচ্চতম ন্যায়ালয়ক প্ৰদান কৰা বহিষ্কৃত বিদেশীৰ সংখ্যায়ো আমাক এখন বাস্তৱ ছবি দিয়ে।

২০১৫-১৮ চনৰ ভিতৰত বহিষ্কৃত বিদেশীৰ সংখ্যা মাত্ৰ ৪জন। ইয়াতেই এই প্ৰক্ৰিয়াটোৰ দুৰূহতা আৰু বিদেশী সমস্যাটোৰ অনতিক্ৰম্যতা গম পাব পাৰি।

গতিকে বাস্তৱিক কথাটো হ’ল, যিমান কম বিদেশী চিনাক্ত হয়, ৰাজ্যখনৰ সিমানেই মংগল। ৰাজহৰ বৃহত অংশ অনৰ্থক কামত খৰচ হোৱাৰ পৰা বাছি যাব।